কেতিয়াৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা…

কেতিয়াৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা…

ডিজিটেল ডেস্কঃ প্ৰকাশ পালে ২০১৯ৰ মেট্ৰিক পৰীক্ষাৰ সম্পূৰ্ণ সূচী। ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈকৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ছেবাই আগুৱাইছে মেট্ৰিক পৰীক্ষা। ৰাজ্যৰ ৮৫৭টা কেন্দ্ৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা। পুৱা ৯ বজাৰ পৰা ১২বজালৈ আৰু দুপৰীয়া ১.৩০ বজাৰ পৰা ৪.৩০বজালৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা।

এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব মুঠ ৩ লাখ ৫৭ হাজাৰ শিক্ষাৰ্থী। কেইবাটাও নতুনত্বৰে অনুষ্ঠিত হ'ব এইবাৰৰ পৰীক্ষা। প্ৰথমবাৰৰ বাবে উত্তৰবহীত থাকিব বাৰক'ডৰ ব্যৱস্থা। বিগত বৰ্ষৰ দৰে পৰীক্ষাৰ্থীসকলে এইবাৰো ব্যৱহাৰ কৰিব লাগিব ক'লা চিয়াঁহী। পৰীক্ষা কেন্দ্ৰত থাকিব লাগিব সুউচ্চ দেৱাল আৰু চিচি টিভি কেমেৰা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in