চিবিআই কাণ্ডঃ পলমকৈ প্ৰতিবেদন জমা দি ন্যায়ালয়ৰ ভৎসৰ্নাৰ সন্মুখীন চিভিচি

চিবিআই কাণ্ডঃ পলমকৈ প্ৰতিবেদন জমা দি ন্যায়ালয়ৰ ভৎসৰ্নাৰ সন্মুখীন চিভিচি

ডিজিটেল ডেস্কঃ অপসাৰিত চিবিআইৰ সঞ্চালক আলোক বাৰ্মাৰ বিৰুদ্ধে তদন্তৰ অন্তত যুগুত কৰা প্ৰতিবেদন এদিন পলমকৈ দাখিল কৰি উচ্চতম ন্যায়ালয়ৰ ভৎসৰ্নাৰ সন্মুখীন হৈছে কেন্দ্ৰীয় সতৰ্কতা আয়োগ চমুকৈ চিভিচি। সংস্থাটোৱে সোমবাৰে বন্ধ খামৰ ভিতৰত প্ৰতিবেদন জমা দি ন্যায়ালয়ৰ ওচৰত ক্ষমা বিচাৰে।

সংস্থাটোৰ এনে দায়িত্বহীনতাত ক্ষুন্ন হৈ পৰে সৰ্বোচ্চ আদালতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। অহা শুকুৰবাৰে উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে দেওবাৰৰ দিনটো প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি থকাৰ পিছতো চিভিচিয়ে কোনো খবৰেই নিদিলে।

ন্যায়ালয়ৰ ভৎসৰ্নাৰ সন্মুখীন হৈ চিভিচিয়ে কয় যে প্ৰতিবেদন শনিবাৰেই সম্পূৰ্ণ কৰা হৈছিল যদিও সময়মতে জমা দিব নোৱৰা বাবে তেওঁলোক ক্ষমাপ্ৰাৰ্থী। 'পলম হোৱা বাবে ক্ষমা বিচাৰিছো। আমি আদালত চৌহদত পাওতে এঘণ্টা পলম হয়। কিন্তু তেতিয়ালৈকে আদালতৰ ৰেজিষ্ট্ৰী বন্ধ হৈ পৰিছিল।'-এইদৰে কয় আয়োগক প্ৰতিনিধিত্ব কৰা তুষাৰ মেহতাই।

আয়োগে আলোক বাৰ্মাৰ লগতে নাগেশ্বৰ ৰাও সন্দৰ্ভতো আন এখন প্ৰতিবেদন দাখিল কৰে। উল্লেখ্য যে চিবিআইৰ দুই শীৰ্ষ পদাধিকাৰী বাৰ্মা আৰু ৰাকেশ আস্থানাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে বিষয়টো সন্দৰ্ভত কেন্দ্ৰই হস্তক্ষেপ কৰি দুয়োগৰাকীকে বাধ্যতামূলক ছুটী প্ৰদান কৰিছিল।

শীৰ্ষ বিষয়া দুগৰাকীক ছুটী প্ৰদান কৰি নিশাৰ ভিতৰতে নাগেশ্বৰ ৰাওক সঞ্চালক পদত অধিষ্ঠিত কৰোৱাৰ পিছতে পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰে চিবিআই। ইয়াৰ পিছতে সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পায়। ন্যায়ালয়ে নাগেশ্বৰ ৰাওক সঞ্চালক নিযুক্তিক অবৈধ আখ্যা দিয়াৰ লগতে অপসাৰিত সঞ্চালক বাৰ্মা সন্দৰ্ভত চিভিচিক তদন্তৰ প্ৰতিবেদন দেওবাৰৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in