৪ বছৰতেই আমেৰিকাৰ পৰা গুৱাহাটীলৈ অহা ‘ৰাজা’ আৰু নাই

৪ বছৰতেই আমেৰিকাৰ পৰা গুৱাহাটীলৈ অহা ‘ৰাজা’ আৰু নাই

ডিডিজেট ডেস্কঃ ৰাজা আৰু নাই। ৪ বছৰ বয়সতে ৰাজা আহিছিল গুৱাহাটীলৈ। সেয়া আছিল ১৯৭৪চনৰ কথা। তেতিয়া ৰাজা আছিল তেনেই কণমানি। তাৰপাছত ৰাজাই ৪৪টা বছৰ অসম ৰাজ্যিক চিৰিয়াখানাত জীৱন নিৰ্বাহ কৰিছিল। দৰ্শনাৰ্থীৰ বাবে 'ৰাজা' আছিল এটা চিনাকী নাম। প্ৰকাণ্ড চেহেৰাৰ বাবে ৰাজাৰ এক সুকীয়া পৰিচয় গঢ় লৈ উঠিছিল।

ৰাজা থকা পকী ৱালে ঘেৰি থোৱা অঞ্চলটোৰ চৌপাশে মানুহৰ ভিৰ অনবৰতেই আছিল। কিয়নো ৰাজাক চাবলৈ বহুত ঠাইৰ পৰা আহিছিল মানুহ। আজিৰ পৰা সেই ঠাই শূন্য হৈ ৰ'ব। পুৱা বাৰ্ধক্যজনিত কাৰণত মৃত্যু হ'ল ৰাজাৰ। ৪৮ বছৰীয়া ৰাজা নামৰ এই জলহস্তীটোৰ মৃত্যুৰ কথা সদৰি কৰি চিৰিয়াখানাৰ কৰ্তৃপক্ষই কয়- বয়সৰ বাবেই মৃত্যু ঘটিল চিৰিয়াখানাত ইমান দিনে সকলোৰে পৰিচিত হৈ পৰা জলহস্তীটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in