জুই! হাতৰ জুই জ্বলে য’ত…

জুই! হাতৰ জুই জ্বলে য’ত…

♦ মৃদুল কুমাৰ সন্দিকৈ

ভোগৰ বতৰ এয়া। হেঁপাহৰ ভোগালীৰ বতৰত জ্বলিব মেজিৰ জুই। এই মাঘ বিহুৱে আনি দিয়ে শান্তি-সম্প্ৰীতি আৰু ঐতিহ্যৰ বতৰা। কাতি, কঙালীৰ পাছত সমৃদ্ধিৰ বতৰা লৈ আহে ভোগালীয়ে। মাঘ বিহুৰ মেজিক লৈ বহু কাহিনী আছে। সেই কাহিনীৰ লগতে পৰম্পৰা আৰু নীতি সাঙোৰ খাই পৰিছে।

নেলীৰ সমীপৰ এখন পথাৰত ভেলাঘৰৰ সন্ধানত…
নেলীৰ সমীপৰ এখন পথাৰত ভেলাঘৰৰ সন্ধানত…

ঘৰত বহি ভোগালীৰ বতৰা নহয়। কেবাখনো পথাৰ ঘূৰি মাঘ বিহুক আদৰাৰ কি প্ৰস্তুতি চলিছে তাৰ আভাস বিচাৰি নেলিৰ এখন পথাৰত উপস্থিত হৈছিলোহি। মাঘৰ বিহু যে আহিছে সেই খবৰ এই ভেলাঘৰে দিছে। মাঘৰ বিহুৰ সৈতে অসমৰ কৃষিজীৱী লোকৰ বিশেষ সম্পৰ্ক আছে। শস্য চপোৱাৰ অন্তত, ঠাণ্ডাৰ বতৰত মেজিৰ উম লৈ নিশা ভোজ-ভাত খোৱা হয়। এই দিন কেইটাত নাই অভাৱ, আছে কেৱল প্ৰাচুৰ্য্যতা। ভঁৰালত ধান, পুখুৰীত মাছ, বাৰীত তোমাল-পানেৰে অসমীয়া প্ৰতিঘৰেই সমৃদ্ধশীল আছিল এদিন। লাহে লাহে এইবোৰ হেৰাল। গ্ৰাম্য জীৱনবোধৰ পৰা বিদায় ল'লে বহু পুৰণি পৰম্পৰাই। সেইবোৰৰ সলনি স্থান ল'লে আধুনিকতা পৰিৱেশত ৰচনা হোৱা কিছু তথাকথিত ধংবাজীয়ে।

পথাৰৰ মাজত থকা এটা পুখুৰীৰ পাৰত মাঘৰ বিহুৰ ভেলাঘৰ-মেজিৰ প্ৰস্তুতি…
পথাৰৰ মাজত থকা এটা পুখুৰীৰ পাৰত মাঘৰ বিহুৰ ভেলাঘৰ-মেজিৰ প্ৰস্তুতি…

আমি আগবাঢ়ি গৈছিলো। পথটোৰ দুকাষে থকা পথাৰবোৰতেই আছিল আমাৰ চকু। কেনেকৈ আহিছে এইবাৰ ভোগালী? তাক আমি ওচৰৰ পৰা চাব বিচাৰিছিলো। প্ৰায়ভাগ পথাৰেই এতিয়া শূন্য। সোণালী ধান কাটি নিয়াৰ পাছত নৰাৰে ভৰি থকা সেই শৈশৱৰ পথাৰখন যেন দেখা পালো। তেতিয়া সময় পুৱা ৬.৩০ বাজিছিল। আমি আগবাঢ়ি গৈ থাকিলো। শীত নামিছে চাৰিওফালে। মহানগৰীৰ দৰে ভিৰ নাই তেতিয়া। শূন্য আকাশ, শূন্য পথাৰ। খালী নৰাবোৰত দুই-এটোপ কুঁৱলীয়ে তিয়াই গৈছে। সূৰুযৰ কোমল ৰ'দ ধৰাৰ বুকুলৈ নামি আহিছে।

তাৰ পাছত আমি বহু কেইখন পথাৰ পাৰ হ'লো। দেখা নাপালো মেজি বা ভেলাঘৰ। হঠাৎ লগত থকা ডিম্পুলে চিঞৰি দিলে- 'ৱাহ! এইটো চাওঁক।' এই কথাখিনি আমি শুকুৰবাৰৰ নিশা পাতিছিলো- প্ৰকাশ দাই (বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত) কৈছিল- 'মাঘৰ বিহুত ৰংঘৰ বা আন আৰ্হিত ভেলাঘৰ বনোৱাতো মই সমৰ্থন কৰা নাছিলো। কিন্তু আন এটা কথা তুমি লক্ষ্য কৰিব লাগিব, পূজাৰ বতৰত লাখ লাখ টকা ব্যয়ৰে বাহিৰৰ মানুহ আনি পূজাৰ পেণ্ডেল সজা হয়। কিন্তু তুমি এবাৰ চাইছানে, এইদৰে বাঁহৰ টঙাল, নৰাৰে এজনী ময়ুৰ চৰাই, এটা ঘৰ ইমান সুন্দৰকৈ ভেলাঘৰৰ আৰ্হিত বনাই দিয়াতো কম সৰু কথা নে? এই মানুহবোৰৰ শিল্পী নিপুনতাক তুমি স্বীকাৰ কৰিবই লাগিব। কেতিয়াবা পথাৰবোৰ এনেকৈয়ে চাওঁ। আজি মই নগাঁৱত এক সভাত যোগ দিবলৈ যাওঁতে বাটত দেখা পাইছিলো তেনে এক দৃশ্য। ভেলাঘৰৰ ওপৰত অসমীয়া সাধাৰণ শিল্পীয়ে সাজিছে বাঁহ আৰু নৰাৰে ময়ুৰ চৰাই।'

বাঁহ আৰু নৰাৰে ময়ুৰ, গঁড়, চৰাই! ৰহাৰ ভেলাঘৰৰ এক নান্দনিক দৃশ্য…
বাঁহ আৰু নৰাৰে ময়ুৰ, গঁড়, চৰাই! ৰহাৰ ভেলাঘৰৰ এক নান্দনিক দৃশ্য…

ডিম্পুলে চিঞৰাৰ এক উদ্দেশ্য আছিল। ৰহা পোৱাৰ পূৰ্বেই তেনে এক দৃশ্য সি দেখি গাড়ীৰ ভিতৰতে চিঞৰি দিছিল। ইমান দেৰি ভেলাঘৰ-মেজি পথৰ দুয়ো কাষে আমি বিচাৰি আহিছিলো।

কলকাতাৰ শিল্পীয়ে নহয়, অসমৰ থলুৱা শিল্পীৰ হাতৰ যাদু!
কলকাতাৰ শিল্পীয়ে নহয়, অসমৰ থলুৱা শিল্পীৰ হাতৰ যাদু!

নৰা আৰু বাঁহৰ কামিৰে সজোৱা এই ময়ুৰ চৰাইৰ দৃশ্য দেখিলে কোন ৰৈ থাকিব পাৰে? আমি নামি গ'লো গাড়ীৰ পৰা। সেয়া আছিল ভোগালীৰ এক উৎসৱস্থলীত সজা ভেলাঘৰৰ দৃশ্য। গঁড়, প্ৰাকৃতিক সম্পদক সুৰক্ষা দিয়াৰ বাবে আহ্বান জনাই এই ভেলাঘৰ সাজিছে। ভেলাঘৰৰ ভিতৰলৈ সোমাই গৈ দেখিলো বাঁহ আৰু নৰাৰে অসমীয়া শিল্পীয়ে সজা এই মনোৰম দৃশ্যৰ ভিতৰি ভাগ।

এই ভেলাঘৰৰ ওপৰতেই আছে ময়ুৰ, গঁড়…
এই ভেলাঘৰৰ ওপৰতেই আছে ময়ুৰ, গঁড়…

অসমৰ স্থানীয় শিল্পীসকলে সজা এই ভেলাঘৰবোৰ সময়ৰ গতিত সলনি হৈছে। এদিন খেৰ আৰু নৰাৰে সজা সাধাৰণ ভেলাঘৰ আছিল। তাৰমাজত খৰি বা খেৰেৰে সজা মেজি। ৰাতি এসপ্তাহমানৰ আগৰ পৰাই সেই ঘৰবোৰ ৰখিছিল গাঁৱৰ ডেকা ল'ৰাসকলে। লগে ভাগে তাত সেই কেইদিন ভোজ-ভাত খাইছিল। সেই মেজি আৰু ভেলাঘৰৰ মাধ্যমেৰে আন এক সমন্বয় গঢ় লৈ উঠিছিল সমাজত। নামঘৰত বুট খোৱা মানুহবোৰৰ মাজত খেলৰ বিভাজন আছে। তুমি শংকৰপন্থী, মই কেওলীয়া, তেওঁ বামুণীয়া আদি ভাগ ভাগ আছে। কিন্তু সেই ভাগ-বিভাজন নাই এই ভেলাঘৰৰ ভিতৰত, মেজিৰ কাষত।

খেৰৰ মেজিৰ সৈতে পৰম্পৰাগত সেই ভেলাঘৰ…
খেৰৰ মেজিৰ সৈতে পৰম্পৰাগত সেই ভেলাঘৰ…

এই অপূৰ্ব দৃশ্য উপভোগ কৰাৰ পাছত আমি সোমালোহি আন এটা ভেলাঘৰত। তাৰ চাৰিওকাষে ৫টা মান খেৰৰ মেজি। সেই কেইটা পৰম্পৰাগতভাৱে সজা হৈছে। ঠাই ভেদে আজি-কালি মেজিঘৰৰ আকৃতি-প্ৰকৃতি সলনি হৈছে। কিন্তু সেই মেজিৰ উত্তাপ একেই আছে।

কোনো খেৰেৰে বনাইজ মেজি, কোনোৱে বনাই খৰিৰে…
কোনো খেৰেৰে বনাইজ মেজি, কোনোৱে বনাই খৰিৰে…

আমি সেই ঠাইৰ পৰা পুনৰ আগবাঢ়ি আহিলো। আকৌ আমাৰ লক্ষ্য মেজি-ভেলাঘৰ। সমগ্ৰ পথচোৱাত দুই-তিনিটা মানহে ভেলাঘৰ দেখিলো। পুৰণিগুডামত আমাৰ চকু পুনৰ এটা ভেলাঘৰৰ ওপৰত পৰিল। পথৰ কাষতেই এঘৰ মানুহৰ চোতালত সাজি থোৱা আছে ভেলাঘৰটো। কাষত এটা সৰু মেজি। আমি পুনৰ সেই ভেলাঘৰটোৰ দিশে আগবাঢ়িলো।

পুৰণিগুডামৰ পথাৰৰ কাষৰ সেই ভেলাঘৰ আৰু মেজি…
পুৰণিগুডামৰ পথাৰৰ কাষৰ সেই ভেলাঘৰ আৰু মেজি…

সেই মেজি আৰু ভেলাঘৰ সাজিছে সমীপতে থকা পৰিয়ালটোৱে। মাঘৰ বিহু, ভেলাঘৰ আৰু মেজি লাগে। সেয়েহে এই আয়োজন। তাত বেছি সময় নৰৈ পুনৰ আগবাঢ়িলো। ভেলাঘৰবোৰৰ ভিতৰত সোমাই আৰু সেইবোৰ চাই বুজিবলৈ চেষ্টা কৰিলো, অতীতত এৰি অহা সেই ভেলাঘৰবোৰ আৰু এতিয়াৰ ভেলাঘৰবোৰৰ মাজত কি পাৰ্থক্য। মাঘৰ বিহু একেই আছে। উৰুকাৰ দিনা ভোজ-ভাত খাই, পুৱা গা-পা ধুই, সেৱা জনাই, মেজি জ্বলাই, মেজিত মাহকৰা চতিয়াই, মেজিৰ উমত শীতৰ ঠেঁটুৱৈ লগা ঠাণ্ডা পলাই যায়।

সাজু কৰা হৈছে খৰি। উৰুকাৰ দিনা সজা হ'ব মেজি…
সাজু কৰা হৈছে খৰি। উৰুকাৰ দিনা সজা হ'ব মেজি…

পুৰণিগুডামৰ পৰা তেজপুৰৰ গৰৈমাৰীলৈকে আমাৰ চকুত তেনে কোনো মেজি বা ভেলাঘৰ ধৰা নপৰিল। কিন্তু গৰৈমাৰীৰ এটা ভেলাঘৰে আমাক আকৰ্ষিত কৰিলে। আমি আগবাঢ়ি গ'লো। এটা বিশাল ভেলাঘৰ। কাষত ফালি থোৱা আছে খৰি আৰু নৰাৰে সজাই থোৱা আছে দুখন বেৰ।

তেজপুৰৰ গৰৈমাৰীৰ পথাৰত সাজু হ'লেই ভেলাঘৰ। সাজিবলৈ বাকী মেজি।
তেজপুৰৰ গৰৈমাৰীৰ পথাৰত সাজু হ'লেই ভেলাঘৰ। সাজিবলৈ বাকী মেজি।

ভেলাঘৰটোৰ ভিতৰ ভাগত যথেষ্ট আহল-বহল। পুৰণি পৰম্পৰা অনুসৰিয়েই সজা হৈছে এই ভেলাঘৰ। আৰু নৰাৰে সজা বেৰ কেইখন ৰন্ধাৰ সময়ত যাতে বতাহৰ বাবে কোনো অসুবিধা নহয় তাৰে বাবে দিয়া হৈছে বুলি ক'লে এজনে। এই পথাৰখনত এই ভেলাঘৰটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

উৰুকাৰ দিনা ইয়াতেই হ'ব ভোগালীৰ একেলগে এসাজ…
উৰুকাৰ দিনা ইয়াতেই হ'ব ভোগালীৰ একেলগে এসাজ…

এতিয়া নৰাৰে ভৰ্তি বহু পথাৰ পৰি আছে। এটা দিন আছিল, এই পথাৰবোৰত ভেলাঘৰেৰে ভৰি আছিল। এতিয়া ভেলাঘৰত থাকি মেজিৰ জুই পুওৱাতো বহুতৰ বাবে বিলাসহে। কিন্তু অসমীয়া মানুহৰ এনে অভ্যাস আছিল সংস্কৃতিৰ এক অংশ। জানুৱাৰীৰ ঠাণ্ডাত ঘৰৰ বাহিৰত থাকি ঠাণ্ডাৰ আমেজ লৈ পুৰা আলু, কাঠআলুৰ লগতে পিঠা-পনাৰ সোৱাদ লোৱাৰ সেই পৰম্পৰা এতিয়া অৱশ্যে গাঁৱে-ভূঞে আছে যদিও, সেয়া পূৰ্বৰ দৰে জোৰদাৰ নহয়।

ইয়াতেই হ'ব ৰন্ধন-বঢ়া…
ইয়াতেই হ'ব ৰন্ধন-বঢ়া…

আমি সেই ঠাইৰ পৰা পুনৰ আগবাঢ়ি আহিলো। বালিপাৰা পাৰ হৈ আমি এখন পথাৰ দেখিলো। খালী নৰাবোৰৰ মাজত নাই ভেলাঘৰ বা মেজি। কিন্তু তাত জ্বলি আছিল ইটা ভাটাৰ ছিমনী!

নৰাৰে ভৰ্তি পথাৰ। মেজি নাই, আছে ইটা ভাটাৰ প্ৰদূষিত ধোঁৱা…
নৰাৰে ভৰ্তি পথাৰ। মেজি নাই, আছে ইটা ভাটাৰ প্ৰদূষিত ধোঁৱা…

এয়া পৰিৱৰ্তনৰ ছবি। নিজৰ শক্তিশালী সংস্কৃতি-সম্পদৰ সৈতে উন্নয়নৰ নামত হোৱা প্ৰদূষণ আৰু নিজৰ আৰ্থিক স্বাৱলম্বিতাক ক্ষন্তেকীয়া বিকাশৰ পথক চমজি দিয়াৰ ভোগবাদী সময়ৰ প্ৰতিচ্ছবি। তাৰ পূৰ্বেই বালিপাৰাৰ আন এটা ভেলাঘৰ আমি প্ৰত্যক্ষ কৰিছিলো। দূৰৈৰ পৰা প্ৰত্যক্ষ কৰা সেই ভেলাঘৰৰ ছবি ডিম্পুলে কেমেৰাত বন্দী কৰিলে।

জামুগুৰিৰ সমীপৱৰ্তী টৌভাঙাৰ এখন পথাৰত সাজি আছে ভেলাঘৰ…
জামুগুৰিৰ সমীপৱৰ্তী টৌভাঙাৰ এখন পথাৰত সাজি আছে ভেলাঘৰ…

আমি আগবাঢ়ি থাকোতে দুই-এটা ভেলাঘৰৰ দৃশ্য দেখা পালো যদিও, বেছিভাগ পথাৰেই খালী। টৌভাঙাত আমি নিৰ্মাণ কৰিবলৈ সাজু কৰি থোৱা এটা ভেলাঘৰত সোমালো। বাঁহ পেলাই থোৱা আছে ভেলাঘৰ সাজিবলৈ। সম্পূৰ্ণ হ'বলৈ আৰু এটা-দুটা দিন লাগিব। সেই ঠাইত নৰাৰ মাজত ৰৈ আকৌ উভতি গ'লো ল'ৰালিলৈ।

মাঘৰ বিহু আহিল। সাজি আছে ভেলাঘৰ…
মাঘৰ বিহু আহিল। সাজি আছে ভেলাঘৰ…

গাঁৱত মাঘৰ বিহু অহাৰ জাননী দিছিল খালী ধাননি পথাৰবোৰে। ধান কাটি শেষ হোৱাৰ পাছতেই সেই পথাৰবোৰত আছিল আমাৰ ৰাজত্ব। কোনোবা এদিন যদি হাতত কাচী লৈ নৰা কাটিবলৈ গৈছিলো, আন এদিন খৰি কাটিবলৈ যোৱা হৈছিল। সকলোৱে ভাগে ভাগে কাম কৰিছিল। কোনোবাই যদি খৰি কাটিছিল, আন কোনোবাই আকৌ নৰা। তৰপে তৰপে নৰাৰ চালি বনাই সজা হৈছিল ভেলাঘৰ। ভিতৰত খেৰ পাৰি, তাৰপাৰত কাপোৰ দি শুবৰ বাবে বিচনা সাজু কৰা হৈছিল। কাষত জ্বলি থাকিছিল জুই। তাৰ মাজতেই শীতৰ ফিৰফিৰিয়া বতাহ জাকে চুই গৈছিল। সেয়াওতো আছিল এক আমেজ। মাঘৰ আমেজ, মেজিৰ কাষত শুৱাৰ আমেজ।

ভেলাঘৰৰ ভিতৰত…
ভেলাঘৰৰ ভিতৰত…

গুৱাহাটীৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে ৰাস্তাৰ দুকাষে থকা পথাৰবোৰৰ মাজত ভেলাঘৰ বিচাৰি আমাৰ চকু ঘূৰি ফুৰিছিল। দৃষ্টিয়ে ঢুকি পোৱালৈকে আমি বিচাৰিছিলো। কেতিয়াবা কোনোবাটো ভেলাঘৰৰ ভিতৰলৈ গৈ সেই সোণালী মাঘৰ দিনবোৰৰ কথা ভাবিছিলো। লাহে লাহে আবেলিৰ আকাশৰ জাৰৰ দিনৰ বেলি লহিয়াই আহিছিল। হেঙুলীয়া ৰঙৰ জাৰৰ দিনৰ আবেলিৰ বেলিটো যিমান জোৰে দৌৰিছিল, আমিও সমানে আগবাঢ়ি আহিছিলো। এটা দিন কেৱল ভেলাঘৰৰ পিছত এইদৰে দৌৰিলো। লখিমপুৰলৈকে ৰাস্তাৰ কাষত থকা ভেলাঘৰৰ মেজিবোৰ চাই নষ্টালজিক হৈ পৰিলো।

পশ্চিম আকাশত হেৰাল বেলি। নামি আহিল ৰাতি…
পশ্চিম আকাশত হেৰাল বেলি। নামি আহিল ৰাতি…

মাঘৰ বিহু আহিছে, ভেলাঘৰ-মেজি সজাই সাজিছে। জুইৰ উত্তাপ লৈ লগে ভাগে এসাজ খাবলৈ মানুহবোৰ সাজু হৈছে। কিন্তু এইবাৰৰ মাঘৰ বিহু যেন অন্য কেইবছৰবোৰৰ দৰে জবৰদস্ত নহয়। জাতি-মাটি-ভেটিৰ চিন্তাত থকা এচামে মাঘ বিহু নাপাতো বুলিয়েই কৈছে। উৎসৱৰ বতৰত মানুহৰ মনবোৰ জয় পৰি গৈছে। তথাপিও মাঘৰ বিহু আহিছে। ভেলাঘৰ-মেজিও সাজু হৈছে। মাঘ বিহুৰ মেজিৰ জুই পবিত্ৰ জুই। সেই জুইৰ উত্তাপে নিকা কৰক জাতি-মাটি-ভেটিক বিশ্বাসঘাতকতা কৰা লোকসকলৰ মনবোৰ। মাঘ বিহুৰ প্ৰাকক্ষণত পথাৰে পথাৰে ঘূৰি উপলব্ধি হ'ল আজিতো কেইবাটাও মেজি আৰু ভেলাঘৰ দেখিলো। কেইবছৰ মানৰ পাছত আন কোনোবাই এই পথত মেজি-ভেলাঘৰ বিচাৰিলে দেখা পাবনে এইবোৰ? পৰম্পৰা ৰক্ষাৰে মেজি জ্বলাবলৈ থাকিবনে বাচি অসমীয়া জাতি? তেতিয়া পশ্চিমৰ আকাশত সূৰ্য হেৰাই গৈছিল। নামি আহিছিল ৰাতি। আমি ভাবিছিলো তেতিয়াও থাকিবগৈ বাচি অসমীয়া জাতি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in