শেহতীয়া খবৰ
ওদালগুৰি চহৰত ব্যৱসায়ীসকলৰ স্বতঃস্ফূৰ্ত বন্ধ পালনেৰে প্ৰতিবাদ  •  আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ  •  আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ  •  আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ  •  শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীনজনৰ বাবে কৰিব নোৱাৰো নেকি একো আমি...  •  শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীনজনৰ বাবে কৰিব নোৱাৰো নেকি একো আমি...  •  চিবিআইৰ সঞ্চালক এম নাগেশ্বৰ ৰাওৰ পদোন্নতি  •  সোণতলীত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমাণৰ গাঞ্জা খেতি ধ্বংস  •  'মেকফি নব'ৰ দৰে বঙাইগাঁৱতো আছে নাককাটি পাহাৰ, পৰ্যটক নাহে, যায় উদণ্ড ল'ৰা, VIDEO  •  আঢ়ৈ লাখ টকীয়া চাকৰি এৰি চুৰিত ধৰা এজন বিলাসী চোৰ

কবিতাৰ চাইবাৰ ক্ৰাইম!

649

♦ মৃদুল কুমাৰ সন্দিকৈ

‘সকলোৱে কবি নহয়। কোনো কোনোহে কবি।’ কিন্তু কবিতা সকলোৱে লিখিব পাৰে। জীৱনানন্দই কৈ যোৱা এই কথাষাৰৰ অৰ্থ আছে। কবিতা শব্দৰ বা চিন্তাৰ জ্ঞান নহয়। ইয়াত কল্পনাৰ দীপ্তি আৰু আৱেগ লুকাই থাকে। ৱৰ্ডছৱৰ্থৰ মতে, অনুভূতিৰ তীব্ৰতাই কবিতা সৃষ্টিৰ মূল কথা। কল্পনাৰ আভাৰ সৈতে বাস্তৱক সংমিশ্ৰিত কৰি কবিয়ে কবিতাত সৌন্দৰ্য সিঁচি দিয়ে-

“The light  that never was on sea or land,

The consercration, and the poets dream.”

ক্ৰিষ্টফাৰ কডৱেলে ইতিহাসৰ পৰিপ্ৰেক্ষিতত কবিতাৰ জন্মলগ্ন নিৰ্ণয় কৰিব খুজিছিল। তেওঁৰ দৃষ্টিত আছিল মাৰ্স্কীয় দৃষ্টিকোণ । মানুহৰ সামুহিক অনুভূতি উচ্চস্থল অজৈৱী বা অৰ্থনৈতিক কাৰ্যকলাপ। ইয়াৰ পৰাই চেতনাৰ ঢৌ লাহে লাহে কল্পনাৰ মাজলৈ গতি কৰিছিল। সেয়েহে কবিতাক কেৱল কল্পনাৰ পৃথিৱীৰ শব্দৰ সমাহাৰ বুলি ধৰি ল’ব নোৱাৰি।

১৯৪৪ চনতেই দে লুইচে কবিতা সন্দৰ্ভত এক বিখ্যাত মন্তব্য কৰিছিল। তেওঁ কৈছিল- ‘আধুনিক কবিতা ঘাইকৈ লিখকৰ ব্যক্তিগত অভিজ্ঞতাৰ বাহন। ইয়াত আৱেগৰ প্ৰাধান্য বেছি।’ সেয়া এতিয়া অসমীয়া কবিতাত প্ৰায়ে লক্ষ্য কৰা যায়। সমাজবাদ, বাস্তৱবাদ আদিৰ পৰা নতুন ধাৰা উলিয়াই ব্যক্তিবাদীৰ ধাৰাইদি কবিতা বৈ গৈছে। নতুন দৃষ্টিভংগী থাকিলেও প্ৰায়সকল নতুন কবিৰ বাস্তৱ চেতনাত সামাজিক দায়ৱদ্ধতাৰ উপস্থিতি দেখা পোৱা নাযায়। দুই-এক কবিতাক ৰাজনৈতিক মতবাদৰ নামান্তৰ বুলিবও পাৰি। ডি জি বেলিনস্কিয়ে সকীয়াই যোৱাৰ দৰে সৌন্দৰ্যহীন শিল্পৰ কোনো অস্তিত্ব নাথাকে। সেয়া এতিয়া অসমীয়া কবিতাৰ ক্ষেত্ৰত খাটিছে।

অসমীয়া কাব্য ইতিহাস দীঘলীয়া। বৰ্তমান অসমীয়া সাহিত্য হাজাৰ বছৰ ক্ৰমবিকাশৰ পৰিণতি। অসমীয়া সাহিত্য বুৰঞ্জীৰ পমখেদি গ’লে এই ভাষা আৰ্য্য ভাষাসম্ভূত। আৰ্য্য সকল অসমলৈ অহাৰ পূৰ্বেই মংগোলীয় জাতিৰ বিভিন্ন গোষ্ঠীয়ে অসমত প্ৰবেশ কৰি বাস কৰিছিল। তাৰ আগতে অষ্ট্ৰিক ভাষীসকলে প্ৰবেশ কৰি অসমৰ ঝুম খেতিৰ প্ৰৱৰ্তন কৰিছিল। বিশেষজ্ঞসকলৰ মতে, খৃষ্টীয় দশম একাদশ শতিকা ভাগতে অসমীয়া ভাষাই জন্মলাভ কৰিছিল। আমাৰ ধাৰণা হয়- অসমীয়া ভাষা সংস্কৃতৰ পৰি উৎপত্তি হৈছিল। কিন্তু এই কথা কিমান সঁচা তাক বিতৰ্ক হয়।

আৰ্য্য ভাষাৰ পৰা অসমীয়া ভাষালৈ ৰূপান্তৰ হোৱা ধাৰাটোৰ চমু বাখ্যা এনেধৰণৰ- মানুহৰ মুখৰ পৰা প্ৰাচীন আৰ্য্য ভাষা সৰলকৃত হ’ল। তাৰপাছত ক্ৰম অনুযায়ী সেইবোৰ তিনিটা বিষয়ত সৰলীকৰণ হৈ ওচৰ চুবুৰীয়া অনাৰ্য ভাষাৰ সংস্পৰ্শত উচ্চাৰণ ঘটোৱা আৰু ৰূপগত পৰিৱৰ্তন হ’ল। এইবোৰ ভাষাবিদ সকলৰ আজিও গৱেষণাৰ বিষয় হৈ আছে।

সাম্প্ৰতিক সময়ত সাহিত্য চৰ্চা কৰা লোকৰ সংখ্যা বাঢ়িছে। সাহিত্য চৰ্চা কৰাতো এতিয়া যেন বিলাস হৈছে। কোনে ভাল কবিতা লিখিছে চৰ্চা হোৱাতকৈ, কবিতা কেন্দ্ৰিক বিতৰ্কইহে বেছি স্থান পাইছে। এই বিতৰ্কবোৰৰ বাবেই এফালে কবিতাক লৈ মানুহৰ বিৰাগ আনফালে এদিন জনমুখী সাহিত্যৰ অন্যতম মাধ্যম হোৱা এই কবিতাবোৰ মানুহৰ মাজৰ পৰা হেৰাই যাব ধৰিছে।

কবিতা, অ-কবিতাৰ বিতৰ্ক, নকল কবিতাক লৈ হোৱা চৰ্চাৰ বিপৰীতে কবিতাৰ গুণগত মানক লৈ পৰিশীলিত আলোচনা দেখিবলৈ পোৱা নাযায়। ছ’চিয়েল মিডিয়াত কোনোবাই আপডেট কৰা কবিতাৰ তলত দিয়া মন্তব্যই এতিয়া আলোচনা বা সমালোচনাৰ নমান্তৰ হৈ পৰিছে। ২০০২ চনতেই কবিতাক লৈ এখন মুকলি চিঠি লিখিছিল নীলিম কুমাৰ আৰু ফণীন্দ্ৰ কুমাৰে। এই মুকলি চিঠিত সাম্প্ৰতিক অসমীয়া কাব্য জগতত কবিতাৰ সলনি অ-কবিতা সৃষ্টি হোৱা বুলি উদ্বেগ কৰা হৈছিল। আজিৰ কবিতা এক তৰল টুলুঙা সাহিত্যলৈ ৰূপান্তৰ হৈছে বুলি অভিযোগ কৰি সাহিত্য সভাক কবিতাক বচাবৰ বাবে অনুৰোধ জনোৱা হৈছিল।

২০০২ চনৰ ১৫ ডিচেম্বৰৰ ‘অসমীয়া প্ৰতিদিন’ৰ দেওবৰীয়া পৰিপূৰিকা সম্ভাৰৰ ৫ নং পৃষ্ঠাত প্ৰকাশিত মুকলি চিঠিখন।

এই কবিতা, অ-কবিতাৰ বিতৰ্কৰ বিপৰীতে যথেষ্ট লেখা সেই সময়ত কাকত-আলোচনীত প্ৰকাশ পাইছিল। ‘জনমত’ নামৰ এখন সাপ্তাহিক কাকতত নকল কবিতা আৰু কবিসকলৰ দৌৰাত্ম্যৰ কথা, ভণ্ডামিৰ কথা লিখিছিল ইছমাইল হুছেইনে। অসমীয়া কবিতাত ‘কু-কবিৰ দৌৰাত্ম্য’ শীৰ্ষক এই লেখাটোত ইছমাইল হুছেইনে কবিতা, অ-কবিতাৰ পৰা আৰম্ভ কৰি কবিতাত কেনেদৰে অশ্লীলতাৰ পয়োভৰ ঘটিছে তাক লৈও আলোচনা কৰিছিল। সেয়া আছিল এজন কবি সমালোচকৰ মনৰ কথা। লেখাটোত থকাৰ দৰেই এই অভিযোগসমূহৰ সত্যতাক লৈ আমাৰ ব্যক্তিগত মন্তব্য নাই।

ইছমাইল হুছেইনে অভিযোগ কৰিছিল- কবিতা সপক্ষে যুক্তি দিয়া এই কবিজনৰ কবিতাকলৈ তেখেতৰ সন্দেহ আছে। তেওঁৰ কবিতাতেই কেনেদৰে নিম্ন ৰুচিৰ পয়োভৰ ঘটিছে তাৰ প্ৰমাণ দিছিল। সেইবোৰ পুৰণি কথা। প্ৰসংগক্ৰমে কথাবোৰ আজি আকৌ প্ৰাসংগিক হৈ পৰিছে।

‘জনমত’ত প্ৰকাশিত সেই ইছমাইল হুছেইনৰ লেখাটো।

সেই বিতৰ্ক আজিও অব্যাহত আছে। কবিতাক লৈ হোৱা এই বিতৰ্ক পাইছিল গৈ অন্যান্য কাকতৰ পৃষ্ঠাও। ২০০৩ চনৰ ৯ নবেম্বৰৰ সংখ্যাৰ পূৰ্বাচলতো ইয়াক লৈ আন এক লেখা প্ৰকাশ হৈছিল। আনকি ‘কবিতা-অকবিতা’ শীৰ্ষক এক পুস্তিকাও প্ৰকাশ পাইছিল সেই সময়ত। অসমীয়া কবিতা আৰু কবিক লৈ এয়াই প্ৰথম বিতৰ্ক নাছিল।

পূৰ্বৰ প্ৰতিষ্ঠিত কবিসকলৰ বিপৰীতে সাম্প্ৰতিক সময়ত কবি আৰু কবিতা কেন্দ্ৰিক বিতৰ্কই বিভিন্ন মাধ্যমত চৰ্চা লাভ কৰে। মূলতঃ প্ৰবীণ কবিৰ কবিতাৰ নবীন কবিয়ে নকল কৰাৰ অভিযোগ মাজে সময়ে উত্থাপিত হয়। আনকি ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছিল এজন প্ৰতিষ্ঠিত কবিৰ কবিতা নিজৰ বুলি প্ৰকাশ কৰি দিছিল এগৰাকী মহিলা কবিয়ে। এই ভুল ধৰা পৰাৰ পাছত পুনৰ এনে নকৰাৰ প্ৰতিশ্ৰুতিৰে ৰাজহুৱাকৈ সেই কবিগৰাকীয়ে ক্ষমা বিচাৰিছিল।

কবিতা এক মৌলিক সৃষ্টি। কবিতাৰ বিষয়-বস্তু দুজন কবিৰ একেই হ’ব পাৰে। কিন্তু প্ৰতিটো শব্দই কেতিয়াও একেই হ’ব নোৱাৰে। কাৰোবাক অনুকৰণ কৰা আৰু কাৰোবাক নকল কৰা দুই পৃথক বিষয়। নিজস্বতাৰ সৃষ্টিৰে কবিয়ে নিজৰ কাব্য প্ৰতিভাক আগুৱাই নিয়াৰ সলনি কাৰোবাৰ সৃষ্টিৰে মহিয়ান হ’ব খোজাতো কোনো দিনেই সমৰ্থনযোগ্য বা গ্ৰহণযোগ্য হ’ব নোৱাৰে। যিকোনো ভাষাৰ সাহিত্যৰ বাবে এয়া দুৰ্ভাগ্যৰ বিষয়। গতিকে এইবোৰ দিশত পাঠক, কবি সচেতন হ’বই লাগিব। প্ৰতিষ্ঠিত বা জনপ্ৰিয় হোৱাৰ বাসনাই অসমীয়া কাব্য জগতক কেতিয়াও সমৃদ্ধ কৰিব নোৱাৰে।

অসমীয়া কাব্যজগতৰ প্ৰাচীন কবি মাধৱ কন্দলীক আদিকবি বুলি কোৱা হয়। বৰ্তমানলৈকে পৰম্পৰাগত ঐতিহ্য, জীৱন দৰ্শন, সামাজিক চেতনা আৰু কবিৰ মৌলিকতাৰে সমৃদ্ধ হৈ অসমীয়া কবিতাই কেবাটাও যুগৰ সূচনা কৰিছে। দুখ-যান্ত্ৰণা, সাম্যবাদী চিন্তা, ভক্তিৰসৰ প্ৰভাৱ, ইশ্বৰৰ বন্দনাৰ পৰা আৰম্ভ কৰি প্ৰাপ্তি-অপ্ৰাপ্তি আৰু জীৱন যৌৱনৰ বন্দনালৈকে অসমীয়া কবিতা সমৃদ্ধ হৈ আছে। ইংৰাজৰ দ্বাৰা অসমীয়া ভাষা বিতাড়ন কৰা সময়ত কবিতাৰ গতি থমকি ৰৈছিল।

দুতিৰাম হাজৰিকাই কানিৰ অপকাৰিতাক লৈ লিখা ধেমেলীয়া কবিতাবোৰে সুপ্ত হৈ থকা কবিতাৰ ধাৰাটোক পুনৰ প্ৰবাহিত কৰিছিল। শিৱসাগৰৰ পৰা অৰুণোদয় প্ৰকাশ পোৱাৰ সময়ত অসমীয়া কবিতাই নতুন ৰূপ লয়। পদ-দুলড়িৰ গতানুগতিকতাৰ পৰা অৱশ্যে অসমীয়া কবিতা মুক্ত হ’ব পৰা নাছিল।

বলদেৱ মহন্ত, ৰমাকান্ত চৌধুৰী আদিয়ে প্ৰথম অমিত্ৰাক্ষ ছন্দত কবিতা ৰচনা কৰে। ৰমাকান্ত চৌধুৰীয়ে ৰচনা কৰা অভিমন্যু বধেই আছিল অমিত্ৰাক্ষৰ ছন্দত প্ৰকাশিত প্ৰথমখন অসমীয়া পুথি। একে ঠাচতেই ভোলানাথ দাসেও লিখিছিল ‘সীতা হৰণ’।

পৰ্যায়ক্ৰমে কমলাকান্ত ভট্টাচাৰ্য, বলিনাৰায়ণ বৰা, মফিজুদ্দিন হাজৰিকা আদিয়ে অসমীয়া কবিতাক নতুনত্ব প্ৰদান কৰিবলৈ পৰীক্ষা নিৰীক্ষা চলাইছিল। সেই সময়লৈকে অসমীয়া কবিৰ আধুনিক দৃষ্টিৰে কল্পনাৰ চকু মেল খোৱা নাছিল। জোনাকী যুগৰ কবিসকলে ৰম্যনাসিক চিন্তাৰে অনুপ্ৰাণিত হৈ কবিতাক হৃদয়ৰ ফালে কাষ চপাই ল’লে। ব্যক্তিগত আৱেগ-অনুভূতিৰে কবিতাত ভূমুকি মাৰিলে। চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আছিল সেই সময়ৰ উল্লেখযোগ্য নাম।

কবিতা মানেই কেৱল যৌৱনৰ জয়গান নহয়। কবিতাৰ মূল উপাদান ব্যক্তিগত প্ৰেম হ’ব পাৰে। কিন্তু সেই চেতনাত এক বিশালতা থাকিব লাগিব। এনেদৰেই কবিতাই নতুন গতি লাভ কৰি আগবাঢ়িছিল। অতি সম্প্ৰতিক কবিসকলৰ কবিতাৰ বিষয়-বস্তুক লৈ বহুতৰে মত-বিৰোধ থাকে। তথাপিও বিষয়-বস্তুৰ বিশালতা বা সংকীৰ্ণতা কবিতাৰ গুণগত মানৰ সৈতে তুলনা কৰি কিছু সংখ্যক কবিৰ কবিতাক পাঠকে আদৰি লৈছে। সেই সকলে ভিৰৰ মাজতো নিজৰ পৰিচয় কবি ৰূপে দাঙি ধৰিবলৈ সক্ষম হৈছে। অৱশ্যে প্ৰতিষ্ঠাৰ এই বাটত গুণগত মানৰ ধাৰাবাহিকতা বহুতে ৰক্ষা কৰিব পৰা নাই।

অসমীয়া কবিতাৰ দুটা পৰিচিত নাম সৌৰভ শইকীয়া আৰু প্ৰণৱ বৰ্মন। সৌৰভৰ কবিতাত নিজস্বতা আছে। কবিয়ে গভীৰতাৰে কোনো এক বিষয়-বস্তুক সহজভাৱে পাঠকৰ মাজলৈ লৈ যাব জানে। সৌৰভ শইকীয়াৰ এটা কবিতা ‘ঢেঁকীবোৰ ক’লৈ গ’ল’। ২০০৩ চনত প্ৰকাশিত তেওঁৰ কাব্য সংকলন ‘সৌৰভৰ সোণাৰু ভ্ৰমণ’ত আছে এই কবিতাটো।

‘সৌৰভৰ সোণাৰু ভ্ৰমণ’ৰ ৫৫ পৃষ্ঠাত থকা সেই কবিতাটো।

এদিন হঠাৎ ছ’চিয়েল মিডিয়াত এটা কবিতা ভাইৰেল হ’ল। কবিতাটোৰ শিৰোনাম আছিল ‘ঢেঁকীবোৰ ক’লৈ গ’ল’। ‘ফুং ফা’ নামৰ ইউটিউব একাউণ্টৰ পৰা ইউটিবত আপলোড কৰা কবিতাটোৰ লিংক আছিল এইটো-

https://youtu.be/izQn2arL8cA

২০১৮চনৰ ২৫ আগষ্টত ‘ফুং ফা’ৰ ইউটিউব একাউণ্টৰ পৰা আপডেট কৰা কবিতাটো আবৃত্তি কৰিছে বিশিষ্ট অভিনেতা তপন দাসে। লগতে এই কবিতাটোৰ কবি হিচাপে নাম লিখা আছে প্ৰণৱ কুমাৰ বৰ্মনৰ।

ইউটিউবত এনেদৰে উল্লেখ আছে বৰ্ণনা।

সৌৰভ শইকীয়াৰ কাণতো পৰিছিল সম্ভৱ এই খবৰ। সৌৰভ শইকীয়াই এই সন্দৰ্ভত ফেচবুকৰ নিজৰ একাউণ্টত এখন মুকলি চিঠি লিখিলে। তেওঁ লিখিলে এইদৰে। কিয়নো ‘বৰষুণ’ শীৰ্ষক এলবামত তেওঁৰ এই কবিতা সন্নিবিষ্ট কৰিছিল। তপন দাসে আবৃত্তি কৰিছিল কবিতাটো। সেই আবৃত্তি কৰা অংশকে সম্পাদিত কৰি প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা বুলি প্ৰচাৰ চলাইছিল ছ’চিয়েল মিডিয়াত।

সৌৰভ শইকীয়াই লিখা মুকলি চিঠিখন।

এনে বিতৰ্কৰ মাজতেই ইউটিউবৰ এটা একাউণ্টৰ পৰা ডিলিট কৰা হ’ল এই কবিতাটো। অৱশ্যে আন এটা একাউণ্টত সেই কবিতা এতিয়াও উপলব্ধ হৈয়ে আছে। তাৰ মাজতেই প্ৰণৱ কুমাৰ বৰ্মনে নিজৰ ফেচবুক একাউণ্টত এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে এইদৰে।

প্ৰণৱ কুমাৰ বৰ্মনে ফেচবুকত দিয়া প্ৰতিক্ৰিয়া।

এতিয়া প্ৰশ্ন হয়- এনে কাম কোনে কৰিলে। এজন প্ৰতিষ্ঠিত কবিৰ কবিতা আন এজন প্ৰতিষ্ঠিত কবিৰ নাম ছ’চিয়েল মিডিয়াত প্ৰচাৰ কোনো চলাইছিল। দুই কবিৰ মাজত সংঘাতৰ বাবে এয়া কাৰোবাৰ পৰিকল্পিত ষড়যন্ত্ৰ নে কোনোবাই ইচ্ছাকৃতভাৱে এই কাম কৰিছিল সেয়া এতিয়াও ৰহস্যত। কিন্তু অসমীয়া কাব্য সাহিত্যৰ দুই প্ৰতিভাধাৰী কবিক লৈ এনে বিতৰ্কই কাকোৱেই উপকৃত নকৰে। এই বিতৰ্কৰ এদিন ম্লান কৰিব, সময়ত হেৰাই যাব। কিন্তু এনে প্ৰৱণতাৰে বা গোপন উদ্দেশ্যৰে ছ’চিয়েল মিডিয়াত এজন প্ৰতিষ্ঠিত অভিনেতাই আবৃত্তি কৰা কবিতা আন এজন কবিৰ কবিতা বুলি প্ৰচাৰ চলোৱা কাৰ্যই কাব্যজগতখনত এক অশুভ পৰম্পৰা সৃষ্টি কৰিব।কবিতাক লৈ সুস্থ বিতৰ্ক হওঁক, কবিতাক লৈ আলোচনা হওঁক। কিন্তু কবিতাৰ নামত এনে বহুৱালি কেতিয়াও নহওঁক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি