ছাৰ, মদ বন্ধ কৰক…

ছাৰ, মদ বন্ধ কৰক…

♦ মৃদুল কুমাৰ সন্দিকৈ

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বিষাক্ত সুৰা সেৱনত আক্ৰান্ত সকলৰ খবৰ লৈ বাহিৰলৈ ওলাই আহিছিল। সেই সময়তে এগৰাকী বয়সস্থ মহিলাই কান্দি কান্দি হাতযোৰ কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কৈছিল- 'ছাৰ মদ বন্ধ কৰক। গোলাঘাটত কিমান সৰু সৰু ল'ৰাবোৰে ইনজেক্সন লয়, ডেন্ড্ৰাইড খায়, সেইবোৰ বন্ধ কৰক। মই মোৰ স্বামীক হেৰুৱালো। প্লিজ ছাৰ এইবোৰ বন্ধৰ ব্যৱস্থা কৰক।'

স্বাস্থ্য মন্ত্ৰীক হাতযোৰ কৰি বিনতি- ছাৰ মদ বন্ধ কৰক।
স্বাস্থ্য মন্ত্ৰীক হাতযোৰ কৰি বিনতি- ছাৰ মদ বন্ধ কৰক।

শনিবাৰৰ দিনা এই আহ্বান জনাই এগৰাকী মহিলা উচুপি উঠিছিল। বিষাক্ত সুৰাই প্ৰথমে শালমৰা চাহ বাগিছাত ৩১জন শ্ৰমিকৰ প্ৰাণ কাঢ়িছিল। ২২খন চিতা শুকুৰবাৰে একেলগে জ্বলিছিল। ঘাতকৰূপত প্ৰথম ২৪ ঘণ্টাত প্ৰায় ৫০গৰাকী লোকৰ মৃত্যু হোৱাৰ পাছত পৰৱৰ্তী সময়ত বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা শনিবাৰৰ দিনৰ ২ বজালৈকে ৯৯ জনলৈ বৃদ্ধি পালে। কিয়নো যোৰহাটতো ভালে সংখ্যক লোকৰ ইতিমধ্যে বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হৈছে।

ইফালে, যোৱা তিনিদিনত ৰাজ্যজুৰি ৯৯জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে যদিও, ইয়াৰে ৩জন লোকে এই বিষাক্ত সুৰা সেৱন কৰা নাছিল বুলি সদৰী কৰিছে চিকিৎসকে। সেয়েহে এতিয়া সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে যে- বিষাক্ত সুৰা সেৱন কৰা বাহিৰেও লোক সকলৰ মৃত্যুৰ আঁৰত স্বাস্থ্যজনিত অন্য কাৰণ লুকাই আছে নেকি? উল্লেখ্য যে, বৰ্তমানলৈকে মৃত্যু হোৱা লোকসকলৰ অতি উন্নতমানৰ পৰীক্ষাৰ ব্যৱস্থা কৰা নাই স্বাস্থ্য বিভাগে। ইয়াৰ বিপৰীতে বিভাগীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অতি কৌশলেৰে এই দোষ অন্য বিভাগক জাপি দি ইয়াৰ পৰা সাৰিব বিচাৰিছে বুলিও চৰ্চা হৈছে।

সুৰামুক্ত ৰাজ্য ৰূপে অসমক গঢ়াৰ সলনি সুৰাক ৰাজহ সংগ্ৰহৰ অন্যতম উৎস হিচাপে গ্ৰহণ কৰিছে বিজেপি চৰকাৰে। স্থানীয় সুৰা বিক্ৰীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল এইখন চৰকাৰে। কিন্তু সুৰা কিমান ঘাতক হ'ব পাৰে তাৰ প্ৰমাণ গোলাঘাট আৰু যোৰহাটৰ ঘটনাই দি যোৱাৰ পাছতো ৰাজ্যৰ আবকাৰী বিভাগ যে এটা অস্তিত্ব শূন্য বিভাগ সেয়া নিশ্চিত হোৱা গ'ল।

অসমত বিশেষকৈ গুৱাহাটীত পদূলিয়ে পদূলিয়ে ৱাইন শ্ব'প। বিলাতী সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লৈছিল পূৰ্বৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। এনে অভিযোগো আছে যে- সেই সময়চোৱাত সুৰাৰ বিপনী ধন দিলেই পোৱা গৈছিল। আনকি বিদ্যালয়, মন্দিৰৰ কাষতো এই বিপনীসমূহ খুলিবলৈ অনুমতি দিয়া হৈছিল অবৈধভাৱে। সুৰাপায়ীক উৎসাহিত কৰিবলৈ কোৱাৰ্টাৰৰ বটল পৰ্যন্ত উপলব্ধ কৰোৱা হৈছিল।

সুৰাৰ বিৰুদ্ধে বিশেষকৈ চাহ বাগিছা সমূহৰ শ্ৰমিকসকলে পান কৰা লোকেল চুলাই প্ৰস্তুত কৰাৰ পদ্ধতিক লৈ পূৰ্বৰ পৰাই বহু অভিযোগ পোৱা গৈছিল যদিও, সেইবোৰ গুৰুত্ব সহকাৰে লোৱা নাছিল আবকাৰী বিভাগৰ বিষয়াসকলে। গোলাঘাটৰ শালমাৰী বাগিছাত প্ৰথমে সংঘটিত হোৱা এই মৰ্মান্তিক ঘটনা ক্ৰমে তিতাবৰৰ বৰহোলা, মেৰাপানী অঞ্চললৈ বিয়পি পৰিছিল। দৰিদ্ৰ এই চাহ শ্ৰমিকসকলে সন্ধিয়া সময়ত সুৰা সেৱন কৰে, কিয়নো সেই সুৰা কম দামত উপলব্ধ।

বাগিছাখনৰ দাঁতিকাষৰীয়া গাঁও তেলিশাল, যোগীবাৰি, মৰাগাঁৱতো সুৰা সেৱনকাৰীৰ মৃত্যু ঘটিছে। একেদৰে তিতাবৰৰ বৰহোলা চাহবাগিছা, নগাহাট, ৰায়দাংজুৰি অঞ্চলতো এই বিষাক্ত সুৰা সেৱন কৰি মৃত্যু ঘটিছে কেবাজনৰ। এতিয়ালৈকে এই ঘটনাত কিমান লোকৰ মৃত্যু হৈছে সেয়া ক'ব পৰা হোৱা নাই। কিন্তু দুয়োখন জিলাত ক্ৰমে- যোৰহাট মেডিকেল কলেজ হাস্পতাল আৰু গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ২ শতাধিক লোক চিকিৎসাধীন হৈ আছে।

গোলাঘাট জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোকেল চুলাই বিভিন্ন ৰাসায়নিক দ্ৰব্য দি প্ৰস্তুত কৰা হয়। আবকাৰী বিভাগে সেই ঘাটি সমূহত কেতিয়াও অভিযান নচলায়। মাহেকে-প্ৰশেষে তালৈ গৈ সুৰা ঘাটিৰ মালিকৰ পৰা কমিচন আদায় লৈ দায়িত্ব সামৰে। এই ঘটনাৰ পাছত গোলাঘাটৰ চুলাই ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে বহু ঘাটি নষ্ট কৰিছে। কিন্তু ইয়াৰ আগতে এই ব্যৱস্থা আবকাৰী বিভাগে গ্ৰহণ কৰা নাছিল কিয়?

সুৰা প্ৰস্তুতৰ বাবে লালিগুড়ৰ প্ৰয়োজন হয়। গোলাঘাটত সেই গুড় যথেষ্ট বিক্ৰী হয়। সেইবোৰ সুৰা প্ৰস্তুতৰ বাবে ক্ৰয় কৰে। এনে ঘাটিও গোলাঘাটত আছে, যিবোৰত হাজাৰ হাজাৰ লিটাৰ সুৰা প্ৰস্তুত কৰি উপকন্ঠৰ বিভিন্ন অঞ্চললৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰে। সেই ঘাটি আৰু লালিগুড় বিক্ৰী কৰা বিক্ৰেতাসকলক চৰকাৰে কিয় নিয়ন্ত্ৰণ কৰিব নোৱাৰে?

বিজেপি চৰকাৰৰ আবকাৰী নীতি এই মৃত্যুৰ বাবে দায়ী। সুৰা সেৱন কৰাতো স্বাস্থ্যৰ বাবে অনিষ্টকাৰক। সেই প্ৰচাৰৰ বিপৰীতে থলুৱা সুৰাৰ বাণিজ্যকৰণৰ লক্ষ্য লৈছিল বিজেপিয়ে। যাৰ পৰিণাম এয়া। শনিবাৰে বিষাক্ত সুৰাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীয়ে বিশেষ বৈঠক অনুষ্ঠিত কৰি বিষয়টো আলোচনা আৰু ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে। ইতিমধ্যে উজনি অসমৰ আয়ুক্তক এই ঘটনাৰ তদন্তৰো নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

গোলাঘাটত ইয়াৰ পূৰ্বেও বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱাৰ উদাহৰণ আছে। আবকাৰী তথা গোলাঘাট প্ৰশাসনে ইয়াক লৈ কিয় ব্যৱস্থাগ্ৰহণ নকৰিলে? বৃহৎ পৰিমাণৰ সুৰা প্ৰস্তুত কৰা এই ঘাটিসমূহৰ কথা সকলোৱে জানে। তাৰ পৰাই সুৰা নি বহুতে বিক্ৰী কৰি পৰিয়াল চলায়। এই অবৈধ ব্যৱসায়ক দেখিও নেদেখা ভাও জোৰা আবকাৰী বিভাগে এতিয়া কাৰোবাৰ গাত দোষ জাপি দিলে নহ'ব।

আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ঘোষণা কৰিছে- দুজন আবকাৰী বিষয়াক নিলম্বন কৰা হৈছে। কিন্তু তাতেই শেষ নেকি তেওঁৰ দায়িত্ব? কিয় আবকাৰী মন্ত্ৰীজনে সেই নৈতিক দায়িত্ব নিজে গাত পাতি ল'ব নোৱাৰে? এজন দুজন নহয়, ইমান কেইজন মানুহৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ কি অধিকাৰ আছে মন্ত্ৰী হৈ থকাৰ। আবকাৰী বিভাগ পৰিচ্ছন্ন কৰাত শুক্লবৈদ্য যে বিফল হৈছে সেই কথা তেওঁক আৰু কোনোবাই নতুনকৈ ক'ব লাগিব নেকি? সেই নৈতিকতা তেওঁৰ আছে যদি, এই বিভাগৰ দায়িত্ব তেওঁ এৰিব লাগে।

গুৱাহাটী মহানগৰতো অবৈধ চুলাই ৰমৰমীয়া বজাৰ আছে। আন নালাগে, বামুণীমৈদামৰ কলনীত নিশা হ'লেই এই বজাৰ বহে। পলিথিনৰ পেকেটত ভৰাই মুকলিকৈ চুলাই বিক্ৰী কৰে। কিন্তু তাত বাধা দিওতা কোনো নাই। এদিন যে গুৱাহাটী মহানগৰীতো অনুৰূপ ঘটনা নহ'ব তাৰ নিশ্চয়তা এতিয়া দিব কোনে?

চুলাই বা অবৈধ সুৰাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত আজিলৈকে কোনো উল্লেখযোগ্য পদক্ষেপ আবকাৰী বিভাগ বা প্ৰশাসনে গ্ৰহণ কৰা নাই। গ্ৰাম্য অঞ্চলসমূহত এই চুলাইৰ বাবেই বহু পৰিয়াল থান-বান হৈ গৈছে। সেইবোৰ কথা স্থানীয় আৰক্ষীয়ে জানিও অভিযানৰ নামত ধন সংগ্ৰহ কৰিয়েই এই ব্যৱসায় চলাবলৈ তেওঁলোকক উৎসাহিত কৰি আহিছে।

বিহাৰে যদি সুৰামুক্ত ৰাজ্যৰূপে ৰাজ্যখনক গঢ় দিব পাৰে, তেন্তে অসমে নোৱৰাৰ কাৰণ কি? ইমান এটা ডাঙৰ ঘটনা সংঘটিত হৈ যোৱাৰ পাছত সুৰা ব্যৱসায়ী তথা এই অবৈধ সুৰা সৰবৰাহৰ প্ৰতিৰোধৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। পূৰ্বৰ সুৰা বাণিজ্যকৰণৰ নীতিৰ পৰিৱৰ্তে সুৰাই সমাজ জীৱনত কি প্ৰভাৱ পেলাইছে সেই কথা সৰ্বানন্দ সোণোৱাল চৰকাৰে কেতিয়াবা অনুভৱ কৰিব পাৰিবনে?

এগৰাকী অসহায় মহিলাই হাতযোৰ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুৰা বন্ধ আৰু সৰু সৰু ল'ৰা-ছোৱালীবোৰে ডেন্ড্ৰাইড খাই বুলি মুকলিকৈ অভিযোগ কৰিছিল। এয়া কম ডাঙৰ অভিযোগ নহয়। গুৱাহাটীতো ড্ৰাগছৰ এখন ডাঙৰ বজাৰ আছে। অতি সহজতে মহানগৰীত উপলব্ধ ড্ৰাগছ। সংবাদমাধ্যমে সেই খবৰ প্ৰকাশ কৰা কিছুদিনলৈকে কিছু তৎপৰ হৈ আবকাৰী বিভাগ তথা আৰক্ষী। তাৰপাছত সকলো ফুটোকাৰ ফেন হয়।

গোলাঘাট আৰু যোৰহাটৰ এই কাণ্ডৰ পাছত সমাজ জীৱনতো এই অবৈধ সুৰা আৰু চুলাই কিমান ভয়ানক, তাৰ এক সজাগতা সৃষ্টিৰ বাবে চৰকাৰে বাবে ৰাইজে উদ্যোগ গ্ৰহণ কৰিব লাগিব। মহিলাসকলে প্ৰায়ে সুৰাৰ প্ৰচলনৰ বিৰুদ্ধে অভিযান চলাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। সুৰাৰ ঘাটি ভাঙি সুৰা ব্যৱসায়ীক সতৰ্কবাণী দিয়াৰ ঘটনাও ঘটিছে। কিন্তু সেই তৎপৰতাৰ বিৰুদ্ধে চৰকাৰে ল'ব পৰা নাই এনে সুৰাৰ বিৰুদ্ধে সবল পদক্ষেপ।

এতিয়া সকলোৱে মিলি চুলাই বা এনেধৰণৰ সুৰাৰ বিৰুদ্ধে এক সজাগতা সৃষ্টি কৰাৰ সময় আহিছে। নহ'লে এই ধৰণৰ ঘটনা ঘটিয়েই থাকিব। লগতে আবকাৰী বিভাগে কেৱল কমিচন লৈ অভিযানৰ নামত অবৈধ সুৰাৰ ঘাটিৰ পৰা ধন সংগ্ৰহ কৰাৰ পূৰ্বৰ অভ্যাস সলনি কৰি সঁচা অৰ্থত এইবোৰ কাম প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াতকৈ বেছি ডাঙৰ অঘটন সংঘটিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in