বিজ্ঞান শাখাৰ পৰীক্ষাৰ্থীক কঠিন সময়সূচীৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ মাধমাৰ…

বিজ্ঞান শাখাৰ পৰীক্ষাৰ্থীক কঠিন সময়সূচীৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ মাধমাৰ…

ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ছেবাৰ সৈতে সমান্তৰালভাৱে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে আগন্তুক উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ সময়সূচী। ১২ ফেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চ পৰ্যন্ত অনুষ্ঠিত হ'বলগীয়া এমাহজোৰা পৰীক্ষাৰ সময়সূচীক লৈ ইতিমধ্যে শিক্ষক আৰু শিক্ষাৰ্থী সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ বিজ্ঞান শাখাৰ গুৰুত্বপূৰ্ণ বিষয়ৰ পৰীক্ষাসমূহৰ আগত প্ৰস্তুতিৰ বাবে পৰ্যাপ্ত সময় নিদিয়াকৈ এই সময়সূচীখন প্ৰস্তুত কৰাৰ ফলত শিক্ষাৰ্থীসকল বৃহৎ পৰিমানে ক্ষতিগ্ৰস্ত হ'ব বুলিও একাংশ সচেতন শিক্ষকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আজি ঘোষণা কৰা পৰীক্ষাৰ সূচীমতে, ১২ ফেব্ৰুৱাৰীত ইংৰাজী বিষয়ৰ পৰীক্ষাৰে আৰম্ভ হ'বলগীয়া উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত বিজ্ঞান শাখাৰ শিক্ষাৰ্থীক প্ৰস্তুতিৰ বাবে মাজত মাত্ৰ এদিন সময় দি ১৪ ফেব্ৰুৱাৰীত ৰসায়ন বিজ্ঞান বিষয়ৰ পৰীক্ষাসূচী দিয়া হৈছে।

আনহাতে, ১৫ ফেব্ৰুৱাৰীত ব্যক্তিগত বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত ১৬ ফেব্ৰুৱাৰীত ঐচ্ছিক অসমীয়া, আৰবী, পাৰ্ছী, সংস্কৃত বিষয়ৰ পৰীক্ষাৰ পাছত ১৮ ফেব্ৰুৱাৰীত পদাৰ্থ বিজ্ঞান, একাউণ্টেনছি, ৰাজনীতি বিজ্ঞানৰ দৰে ক'লা শাখাৰ বাবেও গুৰুত্বপপূৰ্ণ বিষয়ৰ পৰীক্ষা ৰখা হৈছে।

২১ ফেব্ৰুৱাৰীত গণিতৰ পৰীক্ষাৰ পিছত এদিন মাত্ৰ প্ৰস্তুতিৰ সুবিধা দি ২৩ ফেব্ৰুৱাৰীত জীৱ বিজ্ঞান, বাণিজ্যিক গণিত আৰু শিক্ষাৰ পৰীক্ষা ৰখা হৈছে। সচেতন শিক্ষক-শিক্ষাৰ্থীৰ মতে, এমাহ ২দিন ধৰি অনুষ্টিত হ'বলগীয়া এই দীঘলীয়া পৰীক্ষাসূচীখনৰ প্ৰথম সপ্তাহটোতেই সকলোবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বিপৰীতে পিছলৈ লঘু বিষয় সমূহৰ পৰীক্ষা ৰখা হৈছে। এনে হোৱাৰ ফলত বিশেষভাৱে বিজ্ঞান আৰু বাণিজ্য শাখাৰ পৰীক্ষাৰ্থীসকল বাৰুকৈ ক্ষতিগ্ৰস্ত হ'ব।

ইয়াৰ বিপৰীতে ক'লা শাখাৰ পৰীক্ষাৰ্থীসকল আৰম্ভণিৰ দিনটোতেই ইংৰাজী বিষয়ৰ পৰীক্ষা দি ১৪ মাৰ্চ পৰ্যন্ত ভূগোল, বুৰঞ্জী অথবা অৰ্থনীতিৰ পৰীক্ষাত বহিহে আজৰি হ'ব পাৰিব। এনে প্ৰেক্ষাপটত বিজ্ঞান শাখাৰ শিক্ষাৰ্থীসকলক ইংৰাজী, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান, গণিত আদি বিষয়ৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সুযোগ প্ৰদান কৰি সময়সূচীৰ আংশিক সালসলনি নকৰিলে চলিত শিক্ষাবৰ্ষৰ বিজ্ঞান শাখাৰ শিক্ষাৰ্থীসকল বাৰুকৈয়ে ক্ষতিৰ সন্মুখীন হ'ব লাগিব বুলিও বিভিন্ন শিক্ষাবিদ তথা শিক্ষক-শিক্ষাৰ্থীয়ে অভিযোগ উত্থাপন কৰিছে।

ইফালে, আজি একেই দিনা ছেবাই ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচীখনত ২৫ ফেব্ৰুৱাৰী তাৰিখে সাধাৰণ বিজ্ঞানৰ পৰীক্ষা আৰু ২৬ ফেব্ৰুৱাৰী তাৰিখে আধুনিক ভাৰতীয় ভাষাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সাধাৰণ বিজ্ঞানৰ দৰে কঠিন বিষয় এটাৰ পৰীক্ষা দি উঠিয়েই দীঘলীয়া প্ৰশ্নকাকতৰ আধুনিক ভাৰতীয় ভাষাৰ পৰীক্ষা দিয়াৰ বাবে প্ৰস্তুতি চলাবলৈ মাজত এদিনো সুবিধা শিক্ষাৰ্থীসকলক দিয়া হোৱা নাই। ইয়াৰ ফলত শিক্ষাৰ্থীসকল বিশেষ অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বাৰুকৈয়ে যে ক্ষতিগ্ৰস্ত হ'ব সেয়া নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in