কোভিড প্ৰট’কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ….

কোভিড প্ৰট’কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ….

ডিজিটেল ডেস্ক : সোমবাৰৰ পৰা অৰ্থাৎ আজিৰে পৰা ৬ মাহৰ অন্তত খোল খাব ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ । অন্ত পৰিব ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয় সমূহৰ অভিভাবক সকলৰ উৎকণ্ঠা ।নবম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰম্ভ হ'ব পাঠদান । ইপিনে ৰাজ্য চৰকাৰৰ সকলো নীতি নিয়ম মানি বিদ্যালয় সমূহ খোলাৰ বাবে সাজু হৈ উঠিছে বিদ্যালয় কৰ্তৃপক্ষ ।

কোৰোনাৰ ভয়াবহতাৰ বাবে ১৫ মাৰ্ছৰ পৰাই বন্ধ হৈ আছিল বিদ্যালয় সমূহ । ইফালে ৫০ শতাংশ শিক্ষকৰ উপস্থিতিত চলিব পাঠদান । কোভিড প্ৰট'কল মানি শ্ৰেণী সমূহত পাঠদান আৰম্ভ কৰা হ'ব । সামাজিক দূৰত্ব মানি চলাৰ বাবে ছাত্ৰ ছাত্ৰী সমূহক ভাগ কৰা হ'ব । ছাত্ৰ ছাত্ৰী সকল শিক্ষানুষ্ঠানত আহিবলৈ অভিভাবকৰ লিখিত অনুমতি পত্ৰ আনিব লাগিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in