নিজৰ দৰমহাৰ ধনেৰে জৰাজীৰ্ণ বিদ্যালয় পুনৰ নিৰ্মাণ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ

142

ডিজিটেল সংবাদ, শ্বিলংঃ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মঙলবাৰে পৰিদৰ্শন কৰে ৰাজ্যখনৰ পশ্চিম খাচিপাহাৰৰ নংষ্টনৰ চহফ্ৰিয়া চৰকাৰী প্ৰাথমিক বিদ্যালয়। ১৯৫৬ চনতে স্থাপন হোৱা বিদ্যালয়খন পৰিদৰ্শন কৰি সন্তুষ্টি ব্যক্ত কৰে মুখ্যমন্ত্ৰীজনে।

উল্লেখ্য যে, ৬২ বছৰ পূৰ্বে স্থাপিত হোৱা বিদ্যালয়খনে প্ৰায় বিগত দুটা দশকত জৰাজীৰ্ণ ৰূপ পাইছিল। যাৰ ফলশ্ৰুতিত মুখ্যমন্ত্ৰীজনে নিজৰ ১ মাহ ১৫ দিনৰ দৰমহাৰে পুনৰ নিৰ্মাণ কৰে বিদ্যালয়খন।

নিজৰ দৰমহাৰ ৩.১৪ লাখ টকাৰে পুনৰ নিৰ্মাণ কৰা বিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰি উৎফুল্লিত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। প্রেছবিটেৰীয়ান গীৰ্জাৰ দ্বাৰা নিৰ্মাণ কৰা বিদ্যালয়খন এটা সময়ত চৰকাৰে নিজৰ হাতলৈ নিছিল। কিন্তু চৰকাৰী পক্ষৰ অমনোযোগিতাৰ বাবে জৰাজীৰ্ণ অৱস্থা পাইছিল বিদ্যালয়খনে।

এনেধৰণৰ বিদ্যালয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ ছাত্র-ছাত্ৰীসকলক আগবঢ়াই নিবৰ বাবে মুখ্যমন্ত্ৰীজনে সকলোকে আহ্বান জনায়। এই পৰিদৰ্শন কালত নংষ্টনৰ স্থানীয় বিধায়কক দক্ষিণ তুৰা সমষ্টিত এখন বিদ্যালয় স্থাপন কৰিবলৈও অনুৰোধ কৰে তেওঁ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি