সেয়া প্ৰশাসনীয় বিষয়ঃ কৃষকৰ টেক্টৰ ৰেলীৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়…

সেয়া প্ৰশাসনীয় বিষয়ঃ কৃষকৰ টেক্টৰ ৰেলীৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়…

ডিজিটেল ডেস্কঃ এতিয়াও অনিশ্চয়তা কৃষকে ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসত দিল্লীত প্ৰদৰ্শন কৰিবলৈ লোৱা ট্ৰেক্টৰ ৰেলী। উচ্চতম ন্যায়ালয়ে বুধবাৰৰ এক শুনানি যোগেও পুণৰ কয় যে, ৰেলী সন্দৰ্ভত সিদ্ধান্ত দিল্লীৰ আৰক্ষী প্ৰশাসনেই গ্ৰহণ কৰিব।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ছলিচিটাৰ জেনেৰেল গৰাকীক কয় যে এই সিদ্ধান্ত আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিব। তেওঁলোকে প্ৰথমেই কৈছিল যে এই সম্পৰ্কে কোনো আদেশ নিদিয়ে। আনহাতে ছলিচিটাৰ জেনেৰেল গৰাকীয়ে উল্লেখ কৰিছিল যে ২৫ জানুৱাৰী তাৰিখে কৰাৰ বাবে কৈছিল।

উল্লেখ্য যে, কৃষি আইনৰ বিৰোধিতাৰে কৃষকৰ বিক্ষোভ বৰ্তমানেও অব্যাহত আছে। ইয়াৰ মাজতে ২৬ জানুৱাৰীৰ টেক্টৰ ৰেলীক লৈ কৃষক আৰু আৰক্ষীৰ মাজত মঙলবাৰে এখন বৈঠক অনুষ্ঠিত হয়। কৃষক নেতা দৰ্শনপালে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক কয় যে, আৰক্ষীয়ে তেওঁলোকক কিমান লোকে ভাগ ল'ব সেই সম্পৰ্কে প্ৰশ্ন কৰে।

ইফালে ৰেলীৰ সম্পৰ্কে বৰ্তমানেও কোনো সিদ্ধান্ত দিয়া নাই আৰক্ষীয়ে। দৰ্শনপালে কয় যে, কৃষকসকল ৰেলীৰ বাবে প্ৰস্তুত। কৃষক সকলে দিল্লী আৰক্ষীক ২৬ জানুৱাৰীৰ ৰেলীৰ বাবে কোনো লিখিত মঞ্জুৰী বিচৰা নাই। মঙলবাৰে কৃষক সকলে এয়া তেওঁলোকৰ অধিকাৰ বুলিও মন্তব্য কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in