শেহতীয়া খবৰ
অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  গৃহকন্দল! মোডীভক্ত পিতৃয়ে কংগ্ৰেছৰ টিকট লাভ কৰা পুত্ৰক কৰিলে 'ত্যাজ্যপুত্ৰ’  •  অৰুণাচলত জব্দ ৩৪.৯ লাখ টকা  •  ৭ আলফা (স্বাঃ)ৰ কেডাৰে আৰক্ষীক চমজালে কি কি অস্ত্ৰ-শস্ত্ৰ, চাওক VIDEO  •  শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত

উচ্চতম ন্যায়ালয়ত লালু প্ৰসাদৰ জামিন আবেদনৰ শুনানি, চিবিআইৰ পৰা বিচাৰিলে উত্তৰ

114

ডিজিটেল ডেস্কঃ কোটি টকীয়া পশু খাদ্য কেলেংকাৰীত অভিযুক্ত কাৰাৱাস খাটি থকা ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ জামিন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে শুনানি গ্ৰহণ কৰে। শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে চিবিআইলৈ জাননি প্ৰেৰণ কৰি ২ সপ্তাহৰ ভিতৰত লালু প্ৰসাদৰ জামিন সন্দৰ্ভত উত্তৰ বিচাৰে।

ইয়াৰ পূৰ্বে লালু প্ৰসাদ যাদৱে জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত কৰা আবেদনত উল্লেখ কৰিছিল যে তেওঁ ইতিমধ্যে ৩টা গোচৰৰ বাবে কাৰাৱাস খাটিছে। এটা গোচৰৰ বাবে তেওঁ ২২ মাহ, এটাৰ বাবে ১৩ মাহ আৰু আনটোৰ বাবে ২১ মাহৰ কাৰাৱাস তেওঁ ইতিমধ্যে সম্পূৰ্ণ কৰিছে। বৰ্তমান
তেওঁ স্বাস্থ্য জনিত অসুস্থতাত ভূগি আছে, সেয়ে চিকিৎসাৰ বাবে তেওঁক জামিনৰ প্ৰয়োজন বুলিও আদালতক অৱগত কৰে লালু প্ৰসাদৰ অধিবক্তাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে লালু প্ৰসাদ যাদৱৰ জামিন আবেদন নাকচ কৰিছিল। তাৰ পিছতে লালুৱে ঝাৰখণ্ড উচ্চ ন্যায়ালৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি