কাজিৰঙা, কাৰ্বি পাহাৰত শিল-কয়লাৰ খনন নিষিদ্ধ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে…

কাজিৰঙা, কাৰ্বি পাহাৰত শিল-কয়লাৰ খনন নিষিদ্ধ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে…

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে কাজিৰঙা অভয়াৰণ্য আৰু সংযোজিত অঞ্চলৰ নদী, পাহাৰ আৰু পানী বৈ যোৱা অঞ্চলৰ লগতে প্ৰস্তাৱিত ব্যাঘ্ৰ প্ৰকল্প এলেকাসহ কাৰ্বি আংলং জিলাৰ সকলো পাহাৰত শিল ভঙা তথা কয়লাকে ধৰি সকলো প্ৰকাৰৰ খনন নিষিদ্ধ ঘোষণা কৰি ইয়াৰ ওপৰত তাৎক্ষণিক ব্যৱস্থাগ্ৰহণৰ বাবে অসম চৰকাৰৰ উপৰি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিছে। ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু দীপক গুপ্তাৰ ২ জনীয়া বিচাৰপীঠে এই নিৰ্দেশনা জাৰি কৰি ইয়াৰ ওপৰত লোৱা ব্যৱস্থাৰ সন্দৰ্ভত অহা ৩ সপ্তাহৰ ভিতৰত সৰ্বোচ্চ ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে।

বিচাৰপীঠৰ নিৰ্দেশনাটোত কোৱা হৈছে- 'কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন তথা প্ৰভাৱান্ধীন এলেকাত সকলো প্ৰকাৰৰ খনন তথা পৰিৱেশ নষ্ট হব পৰা কাৰ্য আদালতে নিষিদ্ধ ঘোষণা কৰিছে কেৱল সেয়াই নহয় বন্যপ্ৰাণী আহ-যাহ কৰা পথত কোনো ধৰণৰ নতুন নিৰ্মাণ কাৰ্যৰ অনুমতিৰ সন্দৰ্ভতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সেয়েহে আৰক্ষী সঞ্চালক প্ৰধানে কাজিৰঙা আৰু কাৰ্বি আংলং জিলাৰ সংশ্লিষ্ট আৰক্ষী অধীক্ষকৰ জৰিয়তে ন্যায়ালয়ৰ এই নিষেধাজ্ঞা কাৰ্যকৰীকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব।'

উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত কেন্দ্ৰীয় বিশেষ ক্ষমতা সম্পন্ন সমিতিৰ এক প্ৰতিবেদনৰ পিছতে বিচাৰপীঠখনে এই নিৰ্দেশনা জাৰি কৰে। বিচাৰপীঠে বহু বন্যপ্ৰাণীৰ আহ-যাহৰ পথ তথা বিচৰণথলীৰে ভৰা কাজিৰঙা সংলগ্ন কাৰ্বি আংলঙত কিদৰে বৃহৎ সংখ্যক শিল ভঙা কুৱেৰী তথা বালি-শিল-কয়লা খননৰ বাবে স্বায়ত্ব শাসিত পৰিষদে অনুমতি প্ৰদান কৰিব পাৰিলে সেই সন্দৰ্ভতো পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ পৰা উত্তৰ বিচাৰিছে।

প্ৰনিধানযোগ্য যে, কাজিৰঙাৰ নিকটৱৰ্তী কাৰ্বি আংলং পাহাৰ এলেকাত ৪০ টাৰো অধিক কুৱেৰীত দিনে-ৰাতিয়ে বিস্ফোৰক ব্যৱহাৰ কৰি শিল ভঙাৰ উপৰি কয়লা-বালি-মাটিৰ খনন অবাধে চলি থকাৰ লগতে বন্যপ্ৰাণীয়ে অহা যোৱা কৰা পাহাৰ অঞ্চলত ৰিৰ্জট নিৰ্মাণৰ লগতে নুমলীগড় তেল শোধনাগাৰেও অবৈধভাৱে হস্তীদণ্ডী বন্ধ কৰি দেৱাল নিৰ্মাণ কৰা সন্দৰ্ভত ইতিপূৰ্বে 'অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণ'ত কেইবাখনো প্ৰতিবেদন প্ৰকাশ পাইছিল। একেদৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এনেধৰণৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ উপৰি প্ৰখ্যাত পৰিৱেশকৰ্মী ৰোহিত চৌধুৰীয়ে একেৰাহে সেউজ ন্যায়াধীকৰণ আৰু  উচ্চতম ন্যায়ালয়ত যুঁজ দি আহিছে।

কিছুদিন পূৰ্বে বন বিভাগে আয়োজন কৰা শীৰ্ষ পদাধিকাৰ আৰু জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশকৰ্মীৰ যৌথসভাতো অসমীয়া প্ৰতিদিনৰ তৰফৰ পৰা কাজিৰঙা, কাৰ্বি আংলঙত শিল-বালি-কয়লাৰ খনন বন্যপ্ৰাণীৰ বিচৰণ এলেকাত চলি থকা অবৈধ নিৰ্মাণকে ধৰি ধ্বংসাত্মক কাৰ্য-কলাপৰ সন্দৰ্ভত তথ্য প্ৰমাণসহ  অভিযোগ উত্থাপন কৰি  এনে দুকাৰ্য বন্ধ কৰিবলৈ দাবী জনোৱা হয় আৰু বন বিভাগৰ মুৰব্বীজনেও ইয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও এই বৈঠকৰ ৩ দিনৰ পিছতে খোদ উচ্চতম ন্যায়ালয়ে  এই দুকাৰ্যক নিষিদ্ধ কৰি নিৰ্দেশ প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in