বিচিচিআইৰ নতুন সংবিধানক অনুমোদন উচ্চতম ন্যায়ালয়ৰ

বিচিচিআইৰ নতুন সংবিধানক অনুমোদন উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ মুম্বাই ক্ৰিকেট এছ'চিয়েশ্যন, বিদৰ্ভ আৰু ৰেলৱেক সম্পূ্ৰ্ণ সদস্যতা প্ৰদানেৰে কিছু সালসলনি ঘটাই লোধা আয়োগে যুগুত কৰা খচৰা সংবিধানখনক অনুমোদন জনাইছে উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ আদালতখনে লোধা আয়োগে দাঙি ধৰা 'এক ৰাজ্য এক ভোট' ব্যৱস্থা খাৰিজ কৰি সৌৰাষ্ট্ৰ এছ'চিয়েশ্যন, বিদৰ্ভ আৰু ৰেলৱেক সদস্য পদ প্ৰদান কৰে।

লোধা আয়োগৰ পৰামৰ্শ অনুযায়ী বিচিচিআইৰ সদস্যপদ বাতিল কৰা ৰেলৱে, ছাৰ্ভিচেছ এণ্ড এছ'চিয়েশ্যন অব ইউনিভাৰ্ছিটিছক পুনৰ সদস্যপদো ঘূৰাই দিবলৈকো নিৰ্দেশ প্ৰদান কৰে দেশৰ সৰ্বোচ্চ আদালতখনে।

বিচিচিআইৰ বিষয়াসকলৰ কুলিং-অফ পিৰিয়ডৰ ক্ষেত্ৰতো সালসলনিৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। সংশোধনী অনুযায়ী বিচিচিআইৰ বিষয়াসকলে পূৰ্বৰ এবছৰৰ পৰিৱৰ্তে দুবছৰকৈ কাৰ্যনিৰ্বাহ কৰাৰ সুবিধা লাভ কৰিব।

দেশৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ নেতৃত্বাধীন তিনিজনীয়া খণ্ড বিচাৰপীঠখনে নিৰ্দেশটোত নতুনকৈ সংশোধনীসহ প্ৰণয়ন কৰা বিচিচিআইৰ সংবিধানখন তামিলনাডুৰ ছ'চাইটি ৰেজিষ্ট্ৰাৰৰ ওচৰত পঞ্জীয়ন কৰিবলৈ ৩ সপ্তাহৰ সময় প্ৰদান কৰে।

আদালতে ৰাজ্যিক ক্ৰিকেট সংস্থাসমূহকো ৰায় প্ৰদানৰ ৩০ দিনৰ ভিতৰত বিচিচিআইৰ সংবিধানখন গ্ৰহণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। নিৰ্দেশ কাৰ্যকৰী নকৰা ৰাজ্যিক সংস্থাসমূহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সকীয়াই দিয়ে সৰ্বোচ্চ আদালতখনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in