শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এছ বি আইৰ নতুন নিয়ম, পঢ়ক সবিশেষ…

2,738

ডিজিটেল ডেস্কঃ ১ ছেপ্টেম্বৰৰ পৰা নতুন যান-বাহন আইন কাৰ্যকৰী কৰাৰ পাছতেই ষ্টেট বেংক অৱ ইণ্ডিয়াই ছাৰ্ভিচ চাৰ্জত কৰিব কিছু সাল-সলনি। অহা ১ অক্টোবৰ, ২০১৯ৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম। এই নতুন নিয়মত বেংকত ধন জমা কৰা, ধন উলিওৱা, চেক ব্যৱহাৰ, এটিএম ট্ৰানজেকশ্যন আদি ছাৰ্ভিচ সমূহ অন্তৰ্ভুক্ত হৈ আছে। এই ছাৰ্ভিচ সমূহৰ সাল-সলনিৰ বিষয়ে এছ বি আইৰ ৱেবছাইটত এক বিজ্ঞপ্তিও জাৰি কৰা হৈছে।

উল্লেখ্য যে, এছ বি আইৰ নতুন নিয়ম অনুসৰি ১ অক্টোবৰ, ২০১৯ৰ পাছত গ্ৰাহকে নিজৰ একাউণ্টৰ পৰা এমাহত মাত্ৰ ৩বাৰহে ধন বিনামূলীয়াকৈ জমা কৰিব পাৰিব। ইফালে, বেংক ছাৰ্ভিচ চাৰ্জত ১২ শতাংশ জিএছটি অন্তৰ্ভুক্ত কৰা হ’ব। অৰ্থাৎ চতুৰ্থ, পঞ্চম বা তাতকৈ অধিক বাৰলৈ ধন একাউণ্টত জমা দিব বিচাৰিলে আপুনি ভৰিব লাগিব ৫৬ টকা অধিক ধন। অৱশ্যে ১ অক্টোবৰৰ আগলৈকে গ্ৰাহকে যিমান বাৰ বিচাৰে ধন একাউণ্টত জমা ৰাখিব পাৰে আৰু ইয়াৰ বাবে কোনো অধিক ধন লোৱা নহয়।

ইফালে, যদি চেক বাউঞ্চ হয়, তেন্তে গ্ৰাহকে ভৰিব লাগিব ১৫০ টকা আৰু অতিৰিক্ত জি এছ টি। আৰু জিএছটি অন্তৰ্ভুক্ত কৰাৰ পাছত চেক বাউঞ্চ হোৱা গ্ৰাহকে ভৰিব লাগিব মুঠ ১৬৮ টকা পৰ্যন্ত। তদুপৰি এ টি এমৰ সন্দৰ্ভত কাৰ্যকৰী কৰা হ’ব নতুন নিয়ম। লগতে বেংকৰ শাখাসমূহত এন ই এফ টি আৰু আৰ টি জি এফো বৃদ্ধি কৰা হ’ব।

বেংকৰ শাখাৰ পৰা আৰ টি জি এফৰ কাৰণে ২লাখৰ পৰা ৫ লাখ টকালৈ ২০ টকা আৰু ৫ লাখৰ পৰা তাতকৈ অধিক ধনৰ বাবে ৪০ টকাৰ লগতে জি এছ টি চাৰ্জ ভৰিব লাগিব। ঠিক একেদৰে এন ই এফ টিৰ কাৰণে ১০ হাজাৰৰ বাবে ২ টকা, ১০ হাজাৰৰ পৰা ১ লাখ টকাৰ বাবে ৪ টকা আৰু ১ লাখৰ পৰা ২ লাখ টকাৰ বাবে ১২ টকা অধিক চাৰ্জ লোৱা হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি