ভাল খবৰঃ এছ বি আইত ওলাইছে চাকৰি, দৰমহা ৫৯হাজাৰ টকালৈ…

ভাল খবৰঃ এছ বি আইত ওলাইছে চাকৰি, দৰমহা ৫৯হাজাৰ টকালৈ…

ডিজিটেল ডেস্কঃ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ভাল খবৰ। এছ বি আইত ওলাইছে নতুন চাকৰি। চৰকাৰী চাকৰিৰ বাবে প্ৰয়াস চলাই থকা যুৱক-যুৱতীসকলৰ বাবে ষ্টেট বেংক অৱ ইণ্ডিয়াত ওলাইছে মুঠ ৪৭৭টা দৰ বাবে চাকৰি। এছ বি আই স্পেচিয়েলিষ্ট কেডৰ অফিচাৰ (ৰেগুলাৰ) পদৰ বাবে উপযুক্ত প্ৰাৰ্থী বিচৰা হৈছে।

উল্লেখ্য যে, এইপদসমূহৰ আৱেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু আৱেদনকাৰীসকলে ২৫ ছেপ্টেম্বৰ, ২০১৯লৈকৰিব পাৰিব আৱেদন। ইচ্ছ্যুক প্ৰাৰ্থীসকলে sbi.co.in ৱেবছাইটলৈ গৈ অনলাইনযোগে কৰিব পাৰিব আৱেদন। এছ বিআই স্পেচিয়েলিষ্ট কেডৰ অফিচাৰ (ৰেগুলাৰ)ত কেইটামান এনে পদ আছে য'ত প্ৰাৰ্থী সকলৰবাচনি পৰীক্ষা আৰু ইন্টাৰভিউৰ আধাৰত কৰা হ'ব। আনহাতে, আন কিছু পদত কেৱল ইন্টাৰভিউৰআধাৰতে বাচনি কৰা হ'ব প্ৰাৰ্থীসকলক। এই পদসমূহৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-

পদৰ নামঃ এছবি আই স্পেচিয়েলিষ্ট কেডৰ অফিচাৰ

মুঠ পদঃ ৪৭৭টা।

প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাঃ এই পদসমূহত আৱেদন কৰিবলৈ প্ৰাৰ্থীসকলে বি.ই./বি.টেক পঢ়া হ'ব লাগিব। অৱশ্যে বেলেগ বেলেগ পদৰবাবে শিক্ষাগত অৰ্হতাসমূহো পৃথক হ'ব। এই সন্দৰ্ভত অধিক জানিবলৈ অফিচিয়েল ৱেবছাইটতপ্ৰাৰ্থীসকলে চাব পাৰিব।

দৰমহাঃ

জুনিয়ৰ মেনেজাৰঃ ৪২,০২০ টকা
মেনেজৰ স্কেল IIঃ ৪৫,৯৫০ টকা।

মেনেজৰ স্কেল IIIঃ ৫১,৪৯০ টকা।

ছিনিয়ৰ মেনেজাৰ গ্ৰেড IVঃ ৫৯,১৭০ টকা।

আৱেদনৰ মাচুলঃ

সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবেঃ ৭৫০ টকা।

সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবেঃ ১২৫ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in