সলনি হ’ল SBIৰ নিয়ম, মন গ’লেই জমা দিব নোৱাৰিব ধন

সলনি হ’ল SBIৰ নিয়ম, মন গ’লেই জমা দিব নোৱাৰিব ধন

ডিজিটেল ডেস্কঃ নিত্য নতুন নিয়ম গঢ়াটোৱেই যেন এতিয়া ভাৰতীয় ষ্টেট বেংকৰ নতুন নিয়ম। এইবাৰ পুনৰ নিয়ম সলনি কৰিছে দেশৰ বৃহৎ বেংকটোৱে। এই অনুযায়ী এতিয়াৰে পৰা আনৰ একাউণ্টত সহজে জমা দিব নোৱাৰিব ধন।

আনকি পৰিয়ালৰ সদস্যৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিয়ম। এই নিয়মকলৈ বাৰুকৈয়ে উদ্বিগ্ন হৈ পৰিছে বেংকটোৰ গ্ৰাহকসকল। ইফালে, একাধিক প্ৰবঞ্চনাৰ অভিযোগ পোৱাৰ পিছতে এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰা বুলি জানিবলৈ দিছে বেংক কৰ্তৃপক্ষই।

অৱশ্যে এই নিয়ম বেংকৰ শাখাত ধন জমা দিয়াৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। অনলাইন কেছ ডিপোজিটৰ ক্ষেত্ৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে। বেংকৰ শাখাত জমা দিবলৈ হ'লে যাৰ একাউণ্টত জমা দিয়া হ'ব সেই একাউণ্ট ধাৰকৰ পৰা লিখিত অনুমতি লগত লৈ আনিলেহে ধন জমা দিব পাৰিব।

উল্লেখ্য যে, বিমুদ্ৰাকৰণৰ সময়ত একাধিক একাউণ্টত অনুমতি অবিহনে অন্য ব্যক্তিয়ে ধন জমা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। এনেধৰণৰ অবৈধ লেনদেন ৰোধ কৰাৰ বাবেই এই পদক্ষেপ হাতত লৈছে বেংকটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in