মহাকাশৰ পৰা ‘ষ্টেচ্যু অৱ ইউনিটি’, ভাইৰেল PHOTO

মহাকাশৰ পৰা ‘ষ্টেচ্যু অৱ ইউনিটি’, ভাইৰেল PHOTO

ডিজিটেল ডেস্কঃ বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি গুজৰাটৰ চৰ্দাৰ বল্লভভাই পেটেলৰ 'ষ্টেচ্যু অৱ ইউনিটি'। চলিত বৰ্ষৰ ৩১ অক্টোবৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰিছিল প্ৰতিমূৰ্তিতো। ইয়াৰ পাছতে প্ৰতিমূৰ্তিলৈ দৰ্শকৰ লানি নিছিগা সোঁত। নৱনিৰ্মিত প্ৰতিমূৰ্তিক লৈ বহু বিৰ্তকৰ সুচনা হৈছে যদিও বহু নতুন অভিলেখো গঢ়িছে প্ৰতিমূৰ্তিটোৱে।

শেহতীয়াকৈ এই প্ৰতিমূৰ্তিটোৰ এখন ফটো প্ৰকাশ কৰিছে আমেৰিকাই। ফটোখন ইতিমধ্যে খুবেই ভাইৰেল হৈছে। যোৱা ১৫ নৱেম্বৰত এই ফটোখন আমেৰিকাৰ চেটেলাইট নেটৰ্ৱকৰ জৰিয়তে মহাকাশৰ পৰা তোলা হৈছিল। ফটোখনত স্পষ্টভাৱে দেখা হৈছে পেটেলৰ প্ৰতিমূৰ্তিতো। উল্লেখ্য যে, গুজৰাটৰ নৰ্মদা নদীৰ পাৰত নিৰ্মাণ কৰা এই প্ৰতিমূৰ্তিটো ১৮২ মিটাৰ ওখ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in