বিমান বন্দৰতেই সন্তানক এৰি বিমানত উঠিল মাতৃ, ভাইৰেল VIDEO…

বিমান বন্দৰতেই সন্তানক এৰি বিমানত উঠিল মাতৃ, ভাইৰেল VIDEO…

ডিজিটেল ডেস্কঃ এনেকুৱাও মাক থাকেনে! ওলাল এনে এগৰাকী মাতৃ, যাৰ বাবে আকাশত উৰা বিমান ঘূৰাই লৈ আহিব লগা হ'ব বিমান বন্দৰলৈ। চৌদি আৰৱৰ যাত্ৰীবাহী বিমানখন আকাশত উৰিছিল সেই সময়ত। প্ৰায় ১ মিনিট মান সময় বিমানখন উৰাৰ পাছতহে এগৰাকী মহিলাৰ হুলস্থূল লাগিল। কিং আব্দুল লাজিছ ইণ্টাৰনেশ্যনেল বিমান বন্দৰৰ পৰা কুৱাল্লামপুৰৰ অভিমুখে উৰিছিল বিমানখন। তাৰপাছত বিমানখনৰ মহিলা যাত্ৰী এগৰাকী বিমান কৰ্মীক কাকুতি-মিনতি কৰিলে।

বিমান কৰ্মীক জনালে যে- বিমান বন্দৰতে তেওঁ এৰি আহিছে সন্তানটিক। সন্তানক এৰি নিজেই বিমানত উঠি মহিলাগৰাকীয়ে বিমান উৰালৈকে গম নাপালে কাষত যে সন্তান নাই। বিমান কৰ্মীসকলে এই কথা বিমানখনৰ পাইলটজনক জনোৱাৰ পাছত পাইলটজনে এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ সৈতে যোগাযোগ কৰে। সেই ভিডিঅ' এতিয়া ভাইৰেল হৈছে।

https://youtu.be/U3t8NYYWMKY

মহিলাগৰাকীৰ কঁপাল ভাল! অৱশেষত যেনিবা বিমান বন্দৰৰ পৰা বিমানলৈ নিয়া হ'ল তেওঁৰ সন্তানক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in