শেহতীয়া খবৰ
অসমৰ আকাশত ওলোটা ৰামধেনু, অশনি সংকেত বুলি ছ'চিয়েল মিডিয়াত চৰ্চা, প্ৰকৃততে কিয় ওলোটাকৈ ওলাই ৰামধেনু • হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডঃ পলাতক খবিৰউদ্দিন আহমেদক গ্ৰেপ্তাৰ... • ৰাজ্যত পুনৰ ১৫ জন নতুন কোৰোনা ৰোগী চিনাক্ত • ৰুদ্ৰ ৰূপ লৈছে কপিলীয়ে, ছিঙিলে ২ টা মথাউৰি, বাসগৃহৰ ভিতৰতো সোমাল পানী, VIDEO • ভয়ংকৰ দৃশ্য! আপুনি পূৰ্বে নেদেখা বিস্ফোৰণ প্ৰত্যক্ষ কৰক, VIDEO • ভাৰতত কোৰোনাৰ সন্ত্ৰাস অব্যাহত, বিগত ২৪ ঘন্টাত মৃত্যু ১৯৪ গৰাকীৰ, আক্ৰান্ত ৬,৫৬৬... • নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতঃ আৰক্ষীয়ে বৃহস্পতিবাৰে ৫৩৬ বিদেশী নাগৰিকৰ বিৰুদ্ধে দাখিল কৰিব ১২খন চাৰ্জশ্বীট • ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৫৩৪ জনলৈ বৃদ্ধি • অৱসৰপ্ৰাপ্ত জিলা আৰু চেচন ন্যায়াধীশ ইছমাইল হুছেইন মল্লিকৰ পৰলোকপ্ৰাপ্তি • নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ব্যাপক ভূমিস্খলন, আতংকিত ৰাইজ

সৌৰজগতৰ আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহৰ স্থান লাভ কৰিলে শনিয়ে, পঢ়ক সবিশেষ…

6,235

ডিজিটেল ডেস্কঃ গৱেষণাকাৰীয়ে লাভ কৰিলে শনি গ্ৰহক লৈ নতুন তথ্য। শনিগ্ৰহৰ নতুন ২০টাকৈ উপগ্ৰহৰ সন্ধান বিচাৰি পালে মহাকাশ গৱেষণাকাৰীয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে আমাৰ সৌৰজগতত আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহ আছিল বৃহস্পতি। বৃহস্পতিগ্ৰহৰ আছে মুঠ ৭৯টাকৈ উপগ্ৰহ। কিন্তু এতিয়া এই ক্ষেত্ৰত বৃহস্পতিক পিছ পেলাই আগবাঢ়িল শনি গ্ৰহ। শনিগ্ৰহৰ এই নতুন ২০টা উপগ্ৰহসহ মুঠ উপগ্ৰহ ৮২টা আছে বুলি গৱেষণাকাৰীয়ে জানিবলৈ দিয়ে।

আমেৰিকাৰ কাৰ্ণেজী ইনষ্টিটিউশ্যন ফৰ ছায়েঞ্চৰ গৱেষণকাৰীয়ে দাবী কৰা মতে, নতুন সন্ধান লাভ কৰা এই উপগ্ৰহৰ ব্যাস প্ৰায় ৫ কিলোমিটাৰ। লক্ষণীয় যে, ইয়াৰে ১৭টা উপগ্ৰহ আন কেইটা উপগ্ৰহৰ বিপৰীতে দিশেৰে ইয়াৰ চাৰিওফালে ঘূৰি আছে।

গৱেষণাকাৰী দলটোক নেতৃত্ব প্ৰদান কৰা স্ক’ট এছ থেফৰ্ডে কয় যে- ‘এই উপগ্ৰহ কেইটাৰ অধ্যয়ন কৰিলে শনিগ্ৰহ কেনেকৈ সৃষ্টি হৈছিল আৰু গ্ৰহটো সৃষ্টি হোৱা সময়ত তাৰ আশে-পাশে কেনেধৰণৰ পৰিস্থিতি আছিল সেই সন্দৰ্ভত আৰু অধিক তথ্য লাভ কৰিম।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি