সিদ্ধাৰ্থ ভট্টাচাৰ্য নহয়, শিক্ষামন্ত্ৰী হ’ব লাগে হিমন্ত বিশ্ব শৰ্মাঃ ৰাজ্যজুৰি টেট শিক্ষকৰ প্ৰতিবাদ

সিদ্ধাৰ্থ ভট্টাচাৰ্য নহয়, শিক্ষামন্ত্ৰী হ’ব লাগে হিমন্ত বিশ্ব শৰ্মাঃ ৰাজ্যজুৰি টেট শিক্ষকৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ টেট উত্তীৰ্ণৰ প্ৰমান পত্ৰক আকাশবানী গুৱাহাটীৰ এক অনুষ্ঠানত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ড্ৰাইভিং লাইচেঞ্চৰ লগত তুলনা কৰা ঘটনাক লৈ মঙলবাৰে টেট শিক্ষক সকলে ৰাজ্যজুৰি প্ৰতিবাদ কৰি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে শিক্ষামন্ত্ৰীক তেওঁৰ পদৰ পৰা বহিস্কাৰ কৰিব লাগে বুলি দাবী তোলা ঘটনাই আলোড়নৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত মঙলবাৰে দিনৰ প্ৰায় বাৰ বজাত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে টেট শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰণৰ লগতে বিভিন্ন দাবী তুলি মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

মানকাচৰ শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ পৰা জিলাখনৰ প্ৰায় চাৰি শতাধিক টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সকলে হাতে হাতে প্লে'-কাৰ্ড, বেনাৰ ফেষ্টুন আদি লৈ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী উলিয়ায়। এই প্ৰতিবাদী দলটো বিভিন্ন শ্লোগানেৰে জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰিবেশ উত্তাল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে। শিক্ষামন্ত্ৰী হায় হায়, অসম চৰকাৰ হায় হায়, আমাৰ দাবী ন্যাৰ্য দাবী, আমাৰ দাবী মানিবই লাগিব, ঠিকাভিত্তিক টেট শিক্ষকৰ পদ নিয়মীয়া কৰিবই লাগিব, মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক বহিস্কাৰ কৰক, শিক্ষকক ড্ৰাইভাৰৰ লগত তুলনা কৰা শিক্ষামন্ত্ৰী শিক্ষক সমাজৰ পৰা ক্ষমা বিচাৰিব লাগে আদি শ্লোগানেৰে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ আকাশ-বতাহ কপাই তোলে।

টেট শিক্ষকৰ এনে উত্তাল প্ৰতিবাদৰ সময়ত জিলা প্ৰশাসনৰ ফালৰ পৰা কাৰ্যবাহী দণ্ডাধীশ শশী কুমাৰ ডেকা প্ৰতিবাদকাৰী সকলৰ কাষ চাপে। তেওঁৰ সম্মুখতো প্ৰতিবাদকাৰী সকলে শ্লোগান দি মুখ্যমন্ত্ৰীলৈ দিব লগা স্মাৰক পত্ৰখন তেওঁৰ হাতত দিয়ে। লগতে স্মাৰক পত্ৰখন প্ৰতিবাদকাৰী সকলৰ লগতে দণ্ডাধীশ গৰাকীৰ সম্মুখত পাঠ কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায়।

স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত ৪১ হেজাৰ টেট উত্তীৰ্ণ শিক্ষকক ঠিকাভিত্তীক শিক্ষক হিচাপে নিযুক্তি দিছিল। ইফালে ২০১৬ চনত অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত স্পষ্টকৈ ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব বুলি উল্লেখ কৰিছিল যদিও আজিলৈ বিষয়টোৰ প্ৰতি চৰকাৰে কিয় গুৰুত্ব দিয়া নাই বুলি উল্লেখ কৰি অতি শীঘ্ৰে এইসকল টেট উত্তীৰ্ণ ঠিকাভিত্তীক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে বুলি দাবী তোলে।

ইফালে এই ঠিকাভিত্তীক টেট শিক্ষকৰ প্ৰতিবাদত দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সহযোগ কৰি সন্মিলনীৰ সভাপতি নজৰুল ইছলাম চৰকাৰ, সাধাৰণ সম্পাদক হজৰত আলী আহমেদ আৰু ৰাজ্যিক সদস্য জুলফিকাৰ আলীয়ে কয় যে, ঠিকাভিত্তিক শিক্ষকৰ লগতে সকলো প্ৰকাৰৰ সমস্যাৰ ক্ষেত্ৰত তেওঁলোক সহযোগ কৰি আহিছে আৰু কৰি যাব।

টেট শিক্ষক সকলক ড্ৰাইভাৰৰ লগত তুলনা কৰি শিক্ষামন্ত্ৰীয়ে শিক্ষক সমাজক লজ্জানিত কৰিছে। গতিকে এই গৰাকী শিক্ষামন্ত্ৰীক পদৰ পৰা বহিস্কাৰ কৰিব লাগে বুলি শিক্ষক সন্মিলনীয়ে দাবী জনায়। আনহাতে একেদৰে টেট উত্তীৰ্ণ শিক্ষাভিত্তিক শিক্ষক সকলে এইগৰাকী শিক্ষা মন্ত্ৰীৰ মন্ত্ৰী হোৱাৰ যোগ্যতা নাই বুলি দাবী কৰি হিমান্ত বিশ্ব শৰ্মাক শিক্ষামন্ত্ৰীৰ দায়িত্ব দিব লাগে বুলিও দাবী কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in