হাটশিঙিমাৰীত আমছুৰ উত্তাল প্ৰতিবাদ, শিক্ষামন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিবলৈ গৈ আৰক্ষীৰ হাতত আটক ২৬ সদস্য

হাটশিঙিমাৰীত আমছুৰ উত্তাল প্ৰতিবাদ, শিক্ষামন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিবলৈ গৈ আৰক্ষীৰ হাতত আটক ২৬ সদস্য

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত শুকুৰবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আমছুৰ ফালৰ পৰা চৰকাৰ তথা শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিমুৰ্তি দাহ কৰিবলৈ যোৱা ২৬ জনীয়া আমছুৰ সদস্যক আৰক্ষীয়ে আটক কৰাৰ পাছত শুকুৰবৰীয়া সপ্তাহিক নামাজ পঢ়াৰ ব্যৱস্থা কৰাৰ দাবী তোলা আমছুক নামাজ পঢ়াৰ পৰা বঞ্চিত কৰাৰ অভিযোগ তুলিছে। উল্লেখযোগ্য যে, ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে শুকুৰবাৰে পুৱা প্ৰায় দহ বজাত জিলা আমছুৰ সভাপতি ছফিকুল আলমৰ নেতৃত্বত বিদ্যালয় সমূহত পুষ্টিকৰ মধ্যাহ্ন ভোজনৰ খাদ্য যোগান নধৰাৰ লগতে সংখ্যালঘু ছাত্ৰ বিত্তীৰ ধনৰ বিগত কেলেংকাৰীৰ দাবী তুলি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিমূৰ্তি দাহ কৰিবলৈ হাটশিঙিমাৰীস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত উপস্থিত হয়।

অসম চৰকাৰ হায়-হায়, শিক্ষা মন্ত্ৰী মুৰ্দাবাদ, ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ লৰা ধেমালী বন্ধ কৰক, অসাস্থ্যকৰ মধ্যাহ্ন ভোজনৰ খাদ্য যোগান বন্ধ কৰক, মধ্যাহ্ন ভোজনৰ খাদ্য যোগান ধৰা বহিৰাগত এনজিঅ'ৰ চুক্তি বাতিল কৰাক, স্থানীয় এনজিঅ'ৰ দ্বাৰা মধ্যাহ্ন ভোজনৰ খাদ্য যোগান ধৰক, সংখ্যালঘু ছাত্ৰৰ বিত্তীয় ধনৰ কেলেংকাৰীৰ চিবিআইৰ তদন্ত ঘোষণা কৰক, ছাত্ৰ-ছাত্ৰীৰ বিত্তীয় ধন মোকলাই দিয়ক ইত্যাদি শ্ল'গানেৰে আমছুয়ে জিলা উপায়ুক্তৰ সম্মুখত থকা হাটশিঙিমাৰী-মানকাচৰ এইছ-এম পথৰ ওপৰত পৰিবেশ উত্তাল কৰি তোলে।

তদুপৰি শিক্ষামন্ত্ৰী গৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰিবলৈ হাতত লৈ পেট্ৰল ঢালিবলৈ ধৰাত আৰক্ষীয়ে আমছুৰ প্ৰতিবাদকাৰী সদস্য সকলক বাধা দিয়ে। আৰক্ষীৰ বাধা নমনাৰ অভিযোগৰ লগতে প্ৰতিবাদৰ অনুমতি নথকাৰ অপৰাধত আমছুৰ ২৬ গৰাকী প্ৰতিবাদকাৰী সদস্যক আৰক্ষীয়ে আটক কৰি খাৰুৱাবান্ধা আৰক্ষী চকীলৈ নিয়ে।

দিনৰ প্ৰায় ১১ বজাত আমছুৰ প্ৰতিবাদকাৰী সদস্য কেইজনক আটক কৰি আৰক্ষী চকীত আবদ্ধ কৰি ৰখাৰ পাছত ১২ বজাত নামাজ পঢ়িবলৈ সুবিধা দিবলৈ আমছুৱে আৰক্ষীৰ ওচৰত দাবী জনায়। ইছলাম ধৰ্মৰ লোক সকলে প্ৰতি শুকুৰবাৰে সপ্তাহিক নামাজ আদায় কৰে। সেইবাবে নামাজ পঢ়িবলৈ সুবিধা দিবলৈ আমছু সদস্য কেইজনে দাবী কৰিছিল যদিও আৰক্ষীয়ে নামাজ পঢ়িবলৈ নিদিয়াত আমছুৰ সদস্য সকল ক্ষোভিত হৈ পৰে। অৱ্শ্য আৰক্ষীয়ে প্ৰতিবাদকাৰী দলটোক দিনৰ প্ৰায় ডেৰ বজাত নামাজ শেষ হোৱাৰ পাছত মুকলি কৰি দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in