ছাত্ৰ সন্থাৰ নতুন কাৰ্যনিৰ্বাহকক দায়িত্বভাৰ অৰ্পণ অনুষ্ঠান…

ছাত্ৰ সন্থাৰ নতুন কাৰ্যনিৰ্বাহকক দায়িত্বভাৰ অৰ্পণ অনুষ্ঠান…


ডিজিটেল সংবাদ, গুৱাহাটী: নৱেম্বৰ মাহৰ ১৮ তাৰিখৰ পৰা ২১ তাৰিখলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তৈলনগৰী দুলীয়াজানত অনুষ্ঠিত হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ কেন্দ্ৰীয় অধিৱেশন । উক্ত অধিৱেশনতে গোৱালপাৰাৰ দীপাংক কুমাৰ নাথক সভাপতি আৰু ডিব্ৰুগড়ৰ শংকৰজ্যোতি বৰুৱাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰি গঠন হয় ছাত্র সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতি ।

অহা ৩০ নৱেম্বৰ তাৰিখে দায়িত্বভাৰ অৰ্পণ কৰা হ'ব নৱগঠিত কাৰ্যনিৰ্বাহক সমিতিক । আছুৰ বিদায়ী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এক সংবাদ বিজ্ঞপ্তিযোগে কয় যে – গুৱাহাটী বিশ্ববিদ্যালয়স্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়তে দিনৰ ১১ বজাত শপত গ্ৰহণ আৰু দায়িত্বভাৰ অৰ্পণ অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে । এই অনুষ্ঠানটিত প্ৰত্যেকখন জিলা ছাত্ৰ সন্থাৰ পৰা কেন্দ্ৰীয় সমিতিলৈ মনোনীত হৈ অহা বিষয়ববীয়া, সদস্য-সদস্যাসকলে অংশ ল'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in