নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰিত প্ৰতিবাদ…

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰিত প্ৰতিবাদ…

ডিজিটেল সংবাদ, ওদালগুৰিঃ পুনৰ নাগৰিকত্ব সংশোধনী আইন, ই‌আই‌এ বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল ছাত্ৰ সংগঠন। শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি চহৰৰ মাজমজিয়াত ৰূপায়ন কৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী‌‌।

হাতে-হাতে প্লে'কাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে 'কা' আমি নামানো, ই‌আই‌এ বাতিল কৰক, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। 'কা' বাতিল নহ'লে পুনৰ অসমবাসী ৰাইজ ৰাজপথলৈ ওলাই অহাৰো হুংকাৰ প্ৰদান কৰে। ইফালে সংগঠনটোৰ দীৰ্ঘদিনীয়া দাবী ইনাৰ লাইন পাৰমিট প্ৰৱৰ্তন কৰাৰো দাবী উত্থাপন কৰে সংগঠনটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in