ডিজিটেল সংবাদ, গুৱাহাটীঃ কেন্দ্ৰৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰক ফেচিষ্ট, সাম্প্ৰদায়িক আৰু অসমীয়া জাতিধ্বংসী আখ্যা দিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি এই আখ্যা দিয়াৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। যি সময়ত 'কা'ৰ বিৰুদ্ধে দেশ-বিদেশত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে, সমগ্ৰ অসমীয়া জাতিয়ে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে, উচ্চতম ন্যায়ালয়ত ৬০ খনতকৈ অধিক আবেদন দাখিল কৰা হৈছে আৰু বিষয়টো উচ্চতম ন্যায়ালয়ত বিবেচনাধীন হৈ আছে, তেনে সময়ত কেন্দ্ৰৰ মোডী চৰকাৰে কা বলবৎ কৰিবলৈ ৰাজপত্রিত জাননী জাৰি কৰা কাৰ্যই চৰকাৰৰ ফেচিষ্ট, সাম্প্ৰদায়িক আৰু অসমীয়া জাতি বিদ্বেষী চৰিত্ৰ পুনৰবাৰ স্পষ্ট হৈ পৰিছে বুলি তীব্ৰ সমালোচনা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
চৰকাৰে বলপূৰ্বকভাৱে 'কা' বলবৎ কৰিলেও সংবিধান বিৰোধী, সাম্প্ৰদায়িক, অসম চুক্তি বিৰোধী আৰু অসমীয়া জাতিধ্বংসী 'কা'ৰ দৰে কলা আইনক দেশৰ জনসাধাৰণে আৰু অসমীয়া জাতিয়ে কেতিয়াও মানি নলয় বুলিও হুংকাৰ দিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি বিহুক অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি অভিহিত কৰি এই ভোগালী বিহুতেই জাতিধ্বংসী 'কা' বিৰোধী জাতীয় সংগ্ৰামক অধিক ব্যাপক আৰু ঐক্যবদ্ধভাৱে আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সংগ্ৰাম সমিতিয়ে। ৰাজ্যজুৰি মেজিৰ জুইত জাতিধ্বংসী 'কা'ৰ প্ৰতিলিপি দাহৰ লগতে উৰুকাৰ দিনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত যৌথভাৱে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনশনৰ কাৰ্যসূচী ৰূপায়ন কৰিব। দেওবাৰে গুৱাহাটীৰ গান্ধীবস্তিত অৱস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত সংবাদমেলখনত এই কথা সদৰি কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে।
সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক খ্যাতিময় বৰা, বিত্ত সম্পাদক বিতোপন হাতী বৰুৱা আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য মণিৰুজ জামাল উপস্থিত থাকে। বিজেপি দল আৰু চৰকাৰে তথাকথিত শান্তি সমদলৰ নামত প্ৰকৃততে শক্তি প্ৰদৰ্শন কৰি অশান্তি সৃষ্টি কৰিব বিচাৰিছে বুলিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তথাকথিত শান্তি সমদলবোৰত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসে মিথ্যাচাৰ, অপপ্ৰচাৰ আৰু বিভ্ৰান্তমূলক বক্তব্যৰে 'কা' বিৰোধী জাতীয় সংগ্ৰামক বিপথে পৰিচালিত কৰিবলৈ অপচেষ্টা কৰিছে বুলিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ সমালোচনা কৰে। কা' সম্পৰ্কে আন্দোলনকাৰীসকলে অপবাখ্যা আৰু অপপ্ৰচাৰ কৰি আছে বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কয়, 'কা' সম্পৰ্কে আন্দোলনকাৰী অসমৰ ৰাইজে অপবাখ্যা আৰু অপপ্ৰচাৰ কৰা নাই। অপ-বাখ্যা আৰু অপপ্ৰচাৰত লিপ্ত হৈছে স্বয়ং বিজেপি দল আৰু চৰকাৰৰ নেতাসকল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে কৈ আছে 'কা'ৰ জৰিয়তে ধৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতত আশ্ৰয় গ্ৰহণ কৰা লোকসকলক নাগৰিকত্ব প্ৰদান কৰিব। কিন্ত আইনখনৰ কত 'ধৰ্মীয় উৎপীড়ন' কৰাৰ কথা উল্লেখ আছে দেখুৱাই দিয়ক বুলি প্ৰত্যাহ্বান জনায় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰ বিজেপি দল আৰু চৰকাৰক প্ৰত্যাহ্বান জনাই কয়, "বিজেপি দল আৰু চৰকাৰে যে বাৰম্বাৰ কৈ আছে মাত্ৰ কেই লাখ মান লোককহে এই আইনৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰিব। গতিকে অসম আৰু অসমীয়া জাতিৰ ওপৰত কোনো বিশেষ প্ৰভাৱ নপৰিব। 'কা' ঐতিহাসিক অসম চুক্তি বিৰোধী। ঐতিহাসিক অসম চুক্তিক নসাৎ কৰি কেইবালাখ নহয় এজনো বিদেশীৰ বোজা অসমে গ্ৰহণ নকৰে। 'কা' সংবিধান বিৰোধী। এই আইনৰ জৰিয়তে দেশৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ব্যৱস্থাক ধ্বংস কৰি হিন্দুত্ববাদ প্ৰতিষ্ঠাৰ গভীৰ ষড়যন্ত্ৰ কৰিছে। বিজেপি দল আৰু চৰকাৰে যিমানেই নকওঁক কিয় মাত্ৰ কেইলাখমান বিদেশীয়েহে নাগৰিকত্ব পাব। বাস্তৱত এয়া নহয়গৈ। ভাৰতবর্ষত হিন্দু মৌলবাদী শাসন প্ৰতিষ্ঠা হ'লে আৰু এই আইন কাৰ্যকৰী হ'লে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, পাকিস্তান, আফগানিস্তান আদিতো ইছলামিক মৌলবাদৰ উত্থান ঘটিব। তেতিয়াহলে ভৱিষ্যতে সেইবোৰ দেশ হিন্দু শূণ্য হৈ পৰিব আৰু অৱধাৰিতভাৱেই লাখ লাখ বিদেশী অসমতো প্ৰৱেশ ঘটিব। ফলস্বৰূপে অসমীয়া জাতিটো ভাষিকভাৱে, সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে আৰু অৰ্থনৈতিকভাৱে চিৰদিনৰ বাবে সংখ্যালঘু হৈ পৰাৰ বাট মুকলি হ'ব। তেতিয়া অসমীয়া ভাষা আৰু ৰাজ্য ভাষা হৈ নাথাকে, অসম সদায় অসমীয়াৰ হৈ নাথাকে। অসমীয়া ভাষা আৰু অসমীয়া জাতি এদিন সংখ্যালঘূ হৈ অপমৃত্যু হব।"
বৃহত্তৰ অসমীয়া জাতিৰ ঐক্যবদ্ধ সংগ্ৰামক বিভাজন কৰিবলৈ চৰকাৰখনে অনবৰত অসম চুক্তিৰ ৬ নং দফাৰ ভিত্তিত খিলঞ্জীয়া লোকসকলৰ সাংবিধানিক সুৰক্ষা কবচ আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ উত্থাপন কৰি অসমৰ ৰাইজক আভুৱা ভাৰিব বিচাৰিছে বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। বিদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ বাবে 'কা'ৰ দৰে ক'লা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে ফুলকুমলীয়া পাঁচ জনকৈ ছাত্ৰক গুলিয়াই হত্যা কৰিব পৰা চৰকাৰে যে খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ কথা চিন্তা কৰিব নোৱাৰে এই কথা নিশ্চয়কৈ অসমৰ ৰাইজে বুজি পাইছে বুলিও কয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। 'কা' বিৰোধী আন্দোলনত দুস্কৃতিকাৰী জড়িত আছে বুলি বিজেপি দল আৰু চৰকাৰে অহৰহ মিথ্যাচাৰ আৰু অপ-প্ৰচাৰত লিপ্ত হৈ পৰিছে বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ সমালোচনা কৰে।
'কা' বিৰোধী জাতীয় সংগ্ৰামত প্ৰাণ আহুতি দিয়া পঞ্চ শ্বহীদক চৰকাৰখনে দুস্কৃতিকাৰী বুলি কব বিচাৰে নেকি বুলিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমালোচনা কৰে। ৰাইজে দুস্কৃতিকাৰীৰ ভূমিকাত অৱতীৰ্ণ হোৱা নাই; দুস্কৃতিকাৰীৰ ভূমিকাত বিজেপি দলৰ লগত জড়িত একাংশ লোক অৱতীৰ্ণ হৈছে বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কয়। চাবুৱাৰ বিধায়ক গৃহত আক্ৰমণৰ লগত জড়িত থকা লোকসকলৰ কথা পোহৰলৈ অহাৰ পিছত সেয়া প্ৰমাণ হৈ পৰিছে বুলিও কয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।
পূৰ্বে সংশোধন কৰা নাগৰিকত্ব আইনৰ সেই ধাৰাবোৰ অসমৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় আৰু সেয়েহে সেয়া অসম চুক্তি উলংঘা কৰা নাছিল। অসমত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ পালে। অসমৰ সকলো ৰাইজে জানে ঐতিহাসিক অসম চুক্তিমতে ১৯৭১ চনৰ ২৪ মাৰ্চেই অসমত নাগৰিকত্বৰ ভিত্তি বৰ্ষ হিচাপে লৈ এন আৰ চিৰ কাম হৈছে।" আজমলৰ সহায় ভিক্ষা লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি আছে বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয়", মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈ ইচ্ছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে। এআইইউডিএফ দল কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে। আজমল কেতিয়াও মুখ্যমন্ত্ৰী হব নোৱাৰে। এই কথা অসমৰ ৰাইজে জানে। কিন্তু আজমলৰ সহায় ভিক্ষা লৈ হিমন্ত বিশ্ব শৰ্মা যে মুখ্যমন্ত্ৰী হোৱাৰ চেষ্টা কৰিছিল আৰু এতিয়াও মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে এই কথা সচেতন লোকে জানে। গতিকে আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈ অসমৰ ৰাইজক ভয় খুৱাব নোৱাৰে। অসমৰ ৰাইজে যেনেকৈ আজমলক মুখ্যমন্ত্ৰী হোৱাটো নিবিচাৰে তেনেকৈ বিশ্বাসঘাতক, প্ৰতাৰক আৰু বদন সৰ্বনন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ দৰে নেতাকো আৰু কেতিয়াও মুখ্যমন্ত্ৰী হবলৈ নিদিয়ে। এই কথাটো সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বহতে উপলব্ধি কৰিব পাৰিলে ভাল।"
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচহীন সংগ্ৰামক ধ্বংস কৰিবলৈ, কৃষক নেতা অখিল গগৈৰ প্ৰতিবাদী কণ্ঠ ৰূদ্ধ কৰাৰ বাবে আৰু কৃষক নেতা অখিল গগৈৰ নেতৃত্বত যাতে অসমৰ জনগণৰ এক বিকল্প ৰাজনীতি গঢ় লৈ উঠিব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ ষড়যন্ত্ৰমূলক আৰু আক্ৰোশমূলকভাৱে মাওঁবাদীৰ লগত সম্পৰ্ক থকা বুলি সম্পূৰ্ণ ভুৱা অভিযোগ উত্থাপন কৰি কৃষক নেতা অখিল গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালক মাওঁবাদী সজাব বিচাৰিছে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত মাওঁবাদীৰ কোনো সম্পৰ্ক নাই; বিষ্ণু প্ৰসাদ ৰাভা আৰু জ্যোতি প্ৰসাদ আগৰৱালাৰ জাতীয় চেতনা আৰু আদৰ্শৰে উদ্বুদ্ধ হৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জন্ম দিয়া হৈছে আৰু অসমৰ খাটি খোৱা কৃষক আৰু শ্ৰমজীৱী লোকসকলৰ অধিকাৰ ৰক্ষাৰ বাবে আপোচহীনভাৱে সংগ্ৰাম কৰি আছে বুলিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কয়।
'নিয়া'ই কৃষক নেতা অখিল গগৈৰ বাসগৃহ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত তালাচী চলাই কি তথ্য পাতি লাভ কৰিলে সেয়াও অসমৰ ৰাইজক ৰাজহুৱাকৈ জনাওঁক বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰত্যাহ্বান জনায়। সংবাদমেল সম্বোধন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে কয়, "আমি পূৰ্বৰে পৰাই কৈ আহিছো বিজেপি দল আৰু চৰকাৰে প্ৰকৃততে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচহীন সংগ্ৰামক ভয় কৰে। সেয়েহে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচহীন সংগ্ৰামক ধ্বংস কৰিবলৈ, কৃষক নেতা অখিল গগৈৰ প্ৰতিবাদী কণ্ঠ ৰূদ্ধ কৰাৰ বাবে আৰু কৃষক নেতা অখিল গগৈৰ নেতৃত্বত যাতে অসমৰ জনগণৰ এক বিকল্প ৰাজনীতি গঢ় লৈ উঠিব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ ষড়যন্ত্ৰমূলক আৰু আক্ৰোশমূলকভাৱে মাওঁবাদীৰ লগত সম্পৰ্ক থকা বুলি সম্পূৰ্ণ ভুৱা অভিযোগ উত্থাপন কৰি কৃষক নেতা অখিল গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালক মাওঁবাদী সজাব বিচাৰিছে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক নিষিদ্ধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতা কেইজনক যে সম্পূৰ্ণ ষড়যন্ত্ৰমূলক আৰু আক্ৰোশমূলকভাৱে মাওঁবাদী সজাই নিয়াৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে তাৰ এক জ্বলন্ত উদাহৰণ হল বিতু সোণোৱাল। ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱালক ২০০৯ চনৰ পৰা মাওবাদীৰ লগত জড়িত বুলি সম্পূৰ্ণ মিছা অভিযোগ উত্থাপন কৰি 'নিয়া'ই গ্ৰেপ্তাৰ কৰিছে। বিতু সোণোৱাল ২০০৯ চনত কটন মহাবিদ্যালয়ৰ স্নাতক মহলাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি হিচাপে বিতু সোণোৱালক গ্ৰেপ্তাৰ কৰা হৈছে অথচ ২০০৯ চনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জন্মই হোৱা নাছিল। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জন্ম হৈছিল ২০১২ চনতহে।''
'কা'ৰ জৰিয়তে সংবিধান ভংগ আৰু অসম চুক্তি অৱমাননা কৰাৰ অপৰাধত প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সোণোৱালৰ বিৰুদ্ধেহে ৰাষ্ট্ৰোদ্রোহৰ গোচৰ ৰুজু কৰা উচিত বুলিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চাঞ্চল্যকৰ দাবী উত্থাপন কৰে। চৰকাৰৰ এই দমনমূলক, ষড়যন্ত্ৰমূলক আৰু বিভাজনমূলক ষড়যন্ত্ৰক উফৰাই 'কা'ৰ বিৰূদ্ধে অসমৰ সকলো ৰাইজ আৰু দল-সংগঠনক ব্যাপক আৰু ঐক্যবদ্ধ গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰখাৰ বাবে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আহ্বান জনায়। সংবাদমেলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিশ্বাসঘাতক, প্ৰতাৰক আৰু বদন আখ্যাৰে তীব্ৰ সমালোচনা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।