লকডাউন আঁতৰিল! শনিবাৰে মহানগৰীত স্বাভাৱিক জীৱনযাত্ৰা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ শনিবাৰে স্বাভাৱিকভাৱে আৰম্ভ হ'ল যান-বাহন চলাচল। ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো দোকান-পোহাৰ আদি খোলা হৈছে। পূৰ্বে কোৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সপ্তাহৰ শনি-দেওবাৰে লকডাউন ঘোষণা কৰা আছিল যদিও শুকুৰবাৰে ৰাজ্য চৰকাৰে এই লকডাউন উঠাই দিয়ে।

উল্লেখ্য যে, ৰাজ্যৰ অৰ্থনীতি পুনৰ শক্তিশালী কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ সুবিধা তথা উপাৰ্জনৰ বাবে এনে কৰা বুলি আশা কৰা হৈছে। অসমত বৰ্তমানলৈ কোৰোনাত আক্ৰান্তৰ সংখ্যা ১২১২২৪জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৯২৭১৭জন সুস্থ হোৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ২৮১৫৯জন কোৰোনাক্ৰান্ত ৰোগী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in