কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত…

কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত…

ডিজিটেল ডেস্কঃ মালেগাঁও বিস্ফোৰণ কাণ্ডৰ মূল অভিযুক্ত তথা এতিয়া ভূপাল সমষ্টিৰ বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাই ২৬-১১ কাণ্ডৰ শ্বহীদ আৰক্ষী বিষয়া হেমন্ত কৰকাৰেক লৈ কৰা মন্তব্যই এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে। ৰাজনীতিত প্ৰৱেশ কৰিয়েই সাধ্বী প্ৰজ্ঞাই শ্বহীদৰ নামত কলংকৰ দাগ সনাৰ চেষ্টা চলোৱা বুলি অভিযোহ উত্থাপন হৈছে। কেৱল শ্বহীদক লৈ মন্তব্যই নহয়, সাধ্বী প্ৰজ্ঞাই দুদিন পূৰ্বে এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ২০০৮ চনত হেমন্ত কৰকাৰেৰ নেতৃত্বৰ তদন্তকাৰী দলে সাধ্বী প্ৰজ্ঞাৰ ওপৰত শাৰিৰীক, মানসিক নিৰ্যাতন চলাইছিল বুলি অভিযোগ কৰে।

জনসভা খনত বিজেপি প্ৰাৰ্থীগৰাকীয়ে কয়, 'হেমন্ত কৰকাৰে ৰাষ্ট্ৰবিৰোধী আছিল। তেওঁ ধৰ্মৰ বিৰুদ্ধে কাম কৰিছিল। আপুনি এই কথা বিশ্বাস নকৰিব, কিন্তু তেওঁ মোক গ্ৰেপ্তাৰ কৰি যিমান নিৰ্যাতন চলাইছিল, সেয়া ভাবিলে এতিয়াও মই কপি উঠো। কিন্তু মই তেওঁক অভিশাপ দিছিলো- 'তোমাৰ সৰ্বনাশ হ'ব'। ইয়াৰে কিছু দিনৰ পিছতে সন্ত্ৰাসবাদীয়ে তেওঁক গুলীয়াই মাৰে।'

সাধ্বী প্ৰজ্ঞাৰ এই মন্তব্যৰ পিছতে ৰাজনৈতিক মহলত বিতৰ্কৰ সৃষ্টি হোৱাত তেওঁ কৰা মন্তব্য উভতাই লয় যদিও বিতৰ্কৰ এতিয়াও অন্ত পৰা নাই। ৬জনকৈ নীৰিহৰ প্ৰাণ লোৱা মালেগাঁও কাণ্ডৰ মূল অভিযুক্ত সাধ্বী প্ৰজ্ঞাই বিজেপিত প্ৰৱেশ কৰি কেৱল ৰাজনৈতিক স্বাৰ্থত এনে মন্তব্য কৰা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অৱসৰপ্ৰাপ্ত চৰকাৰী অধিবক্তা ৰোহিনী চালিয়নে।

সাধ্বী প্ৰজ্ঞাক অবৈধভাৱে গ্ৰেপ্তাৰ আৰু কাৰাগাৰত শাৰিৰীক, মানসিক নিৰ্যাতন চলোৱাৰ কোনো তথ্য আদালতে লাভ কৰা নাই বুলি স্পষ্ট কৰে
অৱসৰপ্ৰাপ্ত চৰকাৰী অধিবক্তাগৰাকীয়ে। শ্বহীদ আৰক্ষী বিষয়া হেমন্ত কৰকাৰেক লৈ সাধ্বী প্ৰজ্ঞাই কৰা মন্তব্য ভুৱা আৰু উদ্দেশ্য প্ৰণোদিত আখ্যা দি ৰোহিনী চালিয়নে কয়, 'সাধ্বী প্ৰজ্ঞাই যিবোৰ কথা কৈ ৰাজনীতি কৰাৰ চেষ্টা চলাইছে সেয়া সম্পূৰ্ণ অসত্য। তেওঁৰ দ্বাৰা কৰা অবাঞ্চিত মন্তব্যই সমাজত কুপ্ৰভাৱ পেলাইছে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in