শশী শৰ্মাৰ পৰিয়ালত দুৰ্বৃত্তৰ অত্যাচাৰ, নলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়া…

শশী শৰ্মাৰ পৰিয়ালত দুৰ্বৃত্তৰ অত্যাচাৰ, নলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়া…

ডিজিটেল সংবাদ, নলবাৰীঃ বৰেণ্য লেখক, সাহিত্যিক, বুদ্ধিজীৱী শশী শৰ্মা জীৱিত কালত প্ৰতিক্ৰিয়াশীল শক্তিৰ দ্বাৰা নানান লাঞ্ছনা, অত্যাচাৰৰ সম্মুখীন হ'বলগীয়া হৈছিল। এতিয়া মৃত্যুৰ পাছতো একেই অৱস্থাৰ সম্মুখীন হৈছে প্ৰয়াত বুদ্ধিজীৱীগৰাকীৰ পৰিয়াল। এবছৰ পূৰ্বে পৰলোকপ্ৰাপ্তি ঘটিছে শশী শৰ্মাৰ।

তেওঁৰ ৰোগাক্ৰান্ত পত্নী বীণাপানি দেৱীয়ে বাস কৰি থকা নলবাৰী জাপাৰকুছিৰ গৃহত বিগত কিছুদিন ধৰি অচিনাক্ত দুৰ্বৃত্তৰ দৌৰাত্ম্য চলা ঘটনাই সচেতন ৰাইজক উদ্বিগ্ন কৰি তুলিছে। উল্লেখযোগ্য যে প্ৰয়াত বুদ্ধিজীৱীগৰাকীৰ পত্নী বীণাপানি দেৱী সম্প্ৰতি গুৰুতৰভাবে অসুস্থ। তেওঁ অক্সিজেন লৈ ঘৰতে চিকিৎসাধীন হৈ আছে। দুগৰাকী আনৰ কন্যা ৰুমা আৰু পূৰবীয়ে তেওঁক চোৱাচিতা কৰি আছে।

অৱশ্যে প্ৰয়াত শৰ্মাৰ কন্যা দীপা দেৱীয়ে প্ৰায়ে আহি নিশা মাতৃৰ কাষত থাকে। জানিব পৰা মতে, বিগত কিছুদিনৰ পৰা একাংশ অচিনাক্ত লোকে পৰিয়ালটোলৈ আহি নানান ভয় ভাবুকি দি আছে। যোৱা নিশাও প্ৰায় এক বজাত কোনো দুৰ্বৃত্তই বীণাপানি দেৱী থকা ঘৰৰ সম্মুখৰ গে'টৰ তলা ভাঙি ভিতৰত সোমাবলৈ চেষ্টা কৰে। তেতিয়া বীণাপানি দেৱীক চোৱাচিতা কৰা ৰুমা আৰু পূৰবীয়ে চিঞৰ বাখৰ কৰাত দুৰ্বৃত্ত পলাই যায়।

এনে অনাকাংক্ষিত ঘটনাত বীণাপানি দেৱী ভীষণ শংকাত পৰিছে। বুধবাৰে তেওঁৰ কন্যা দীপা দেৱীয়ে এই সমস্ত ঘটনা বৰ্ণাই নলবাৰী সদৰ থানাত এজাহাৰ দি উল্লিখিত ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তি দিয়াৰ বাবে আবেদন জনাইছে। ইপিনে, নলবাৰীৰ ভিন্ন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাৰ আঁৰত কোন জড়িত আৰু কি কাৰণত এই অনাকাংক্ষিত ঘটনাৰ সূত্ৰপাত ঘটিছে সেয়া আদ্যাপি পোহৰলৈ অহা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in