নৰেন্দ্ৰ মোডী আহিলেও সৰুক্ষেত্ৰীত কংগ্ৰেছৰ ভেঁটি লৰাব নোৱাৰেঃ জাকিৰ হুছেইন শিকদাৰ…

নৰেন্দ্ৰ মোডী আহিলেও সৰুক্ষেত্ৰীত কংগ্ৰেছৰ ভেঁটি লৰাব নোৱাৰেঃ জাকিৰ হুছেইন শিকদাৰ…

ডিজিটেল সংবাদ, চেঙাঃ ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ লগতে তৎপৰ হৈ পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিত বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত কংগ্ৰেছ দলে বিশেষ ৰণ কৌশল প্ৰস্তুত কৰি দলীয় বিষয়ববীয়া-কৰ্মীসকলে উঠি পৰি লাগিছে সমষ্টিটোত। সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছ দলক পূৰ্বতকৈও অধিক শক্তিশালী ৰূপত গঢ় দিয়াৰ উদ্দেশ্যেৰে প্ৰতিখন পঞ্চায়তত অনুষ্ঠিত কৰি আছে মণ্ডল কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। .

সমষ্টিটোৰ কপাহৰটাৰীত শনিবাৰে ৪৪নং পশ্চিম পাকা মণ্ডল কংগ্ৰেছ কমিটিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাখনত সভাপতিত্ব কৰে মণ্ডল কমিটিখনৰ সভাপতি দিলুৱাৰ হুছেইনে। উদ্দেশ্য ব্যাখ্যা কৰে পৰ্যবেক্ষক আতোৱাৰ ৰহমানে। সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক জাকিৰ হুছেইন শিকদাৰে নৱ-নিৰ্বাচিত বুথ কমিটি, মণ্ডল কমিটি , মহিলা মণ্ডল কমিটিৰ বিষয়-ববীয়া, সদস্য, সদস্যাসকলক গামোচাৰে আদৰণী জনায়।

সভাখনত বিধায়কগৰাকীয়ে সমষ্টিৰ কি কি উন্নয়ন কৰিলে সেই বিষয়েও পৰ্যালোচনা কৰা হয়। বিধায়ক জাকিৰ হুছেইন শিকদাৰে সংবাদ মাধ্যমক উদ্দেশ্যি কয় যে, এই প্ৰতিনিধি সভাখনত আমি সকলোৱে সংকল্প লৈছোঁ যে শংকৰদেৱ, আজান ফকীৰ, মাধৱদেৱৰ এইখন অসমত যাতে কোনোবাই জাতি-ধৰ্মৰ নামত কাজিয়া লগাব নোৱাৰে । বিজেপি দলে যোৱা চাৰে চাৰিটা বছৰত কিমানখিনি কথা কৈছিল, কিমানখিনি কাম কৰিছিল তাৰ বিষয়েও আলোচনা হৈছে। ২০২১ চনৰ নিৰ্বাচনত অসমৰ পৰা বিজেপি দলক বিদায় দিয়াৰ কাৰণে সৰুক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলৰ যিটো শক্তি সেই শক্তিক দুগুণ বৃদ্ধি কৰিব লাগিব।

এআইইউডিএফ আৰু কংগ্ৰেছ দলৰ মিত্ৰতা আৰু সৰুক্ষেত্ৰী সমষ্টিত এআইইউডিএফ দলৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে- " এআইইউডিএফ আৰু কংগ্ৰেছৰ এতিয়ালৈ মিত্ৰতা হোৱা নাই । মিত্ৰজোঁট নহ'লে এআইইউডিএফ দলে প্ৰাৰ্থী দিব, যোৱা বছৰো দিছিল। ২০১৬ চনত এআইইউডিএফ দলৰ প্ৰাৰ্থীয়ে মোৰ লগত প্ৰতিদ্বন্দিতা কৰি ২০ হাজাৰ ভোট পাইছিল। মই ৭০ হাজাৰ ভোট পাইছিলোঁ। হাফিজ ৰফিকুল ইছলামে লোকসভাৰ প্ৰাৰ্থী আছিল। সৰুক্ষেত্ৰী সমষ্টিত তেওঁ পাইছিল ২০ হাজাৰ ভোট, কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে পাইছিল ৯০ হাজাৰ ভোট। যোৱা পঞ্চায়ত নিৰ্বাচনত এআইইউডিএফ দলে ২১খন পঞ্চায়তৰ মাত্ৰ এখন পঞ্চায়তত আঞ্চলিক সদস্যই জয়লাভ কৰিছিল।"

প্ৰাৰ্থী দিয়াত কোনেও বাধা দিব নোৱাৰে বুলি কৈ বিধায়কগৰাকীয়ে ধুবুৰীৰ শুকুৰ আলীৰ কথা উল্লেখ কৰি সৰুক্ষেত্ৰী সমষ্টিত এআইইউডিএফ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ এআইইউডিএফ দলক আহ্বান জনায়। মিত্ৰজোঁট হ'লেও এই আহ্বান জনাইছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে। এআইইউডিএফ দলক ভয় নকৰোঁ বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে পুনৰ কয় যে- যোৱা তিনিটা নিৰ্বাচনত এআইইউডিএফ দলে সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ হাতত ধৰাশায়ী হৈছে , চতুৰ্থবাৰৰ বাবে আৰু ধৰাশায়ী হ'বলৈ যদি মন আছে এআইইউডিএফ দলক ২০২১চনত সৰুক্ষেত্ৰী সমষ্টিত নিৰ্বাচন খেলিবলৈ প্ৰত্যাহ্বান জনাইছে বিধায়কগৰাকীয়ে।

বিটিএডিত নিৰ্বাচনী সভাত লাফিকুল ইছলামৰ হত্যাকাণ্ড সন্দৰ্ভত ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে – "লাফিকুল ইছলামৰ হত্যাকাণ্ড সন্দৰ্ভত ডঃ হিমন্ত বিশ্ব শৰ্মাই যি তদন্তৰ কথা কৈছে, হত্যাকাৰীক গ্ৰেপ্তাৰৰ কথা কৈছে এয়া এক ৰাজনৈতিক মন্তব্য। যদি লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাই বিটিএডিত প্ৰবেশ কৰিব নোৱাৰিব। হিমন্তই হাগ্ৰামাক, হাগ্ৰামাই হিমন্তক গালি-গালাজ কৰাটো এখন নাটক। বিজেপিৰ নাটক বুজাটো টান। বিপিএফ আৰু বিজেপিৰ মিত্ৰতা ঠিকেই আছে। ২০২১চনত একেলগে মিলিজুলি নিৰ্বাচন খেলিব।"

সৰুক্ষেত্ৰী সমষ্টিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস আহিলেও সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ ভেটিৰ কোনো লৰচৰ কৰাব নোৱাৰে বুলি বিধায়ক জাকিৰ হুছেইন শিকদাৰে ভাষণ প্ৰসংগত হুংকাৰ প্ৰদান কৰে।

সভাখনত বৰপেটা জিলা কংগ্ৰেছৰ কোষাধ্যক্ষ আতিকুৰ ৰহমান, অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য আবুল হুছেইন, এপিচিচিয়ে নিয়োগ কৰা সৰুক্ষেত্ৰী সমষ্টিৰ সমন্বয়ক আজাদ হুছেইন , পাকা বেতবাৰী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল আজিজ, সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি শান্ত কুমাৰ দাস, ১৫নং দক্ষিণ পূৱ সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু আঞ্চলিক সদস্য ক্ৰমে জেচমিনা চুলতানা আৰু ইমৰাণ আলী, সৰুক্ষেত্ৰী সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি তাহেৰুল ইছলাম, পাকা বেতবাৰী জিলা পৰিষদৰ সদস্যা আতিফা আখতাৰ, বেতবাৰী জিলা পৰিষদৰ সদস্যা মমতাজ বেগম, পাকা বেতবাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি আবুল হুছেইন, সৰুক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জাহানাৰা বেগমৰ উপৰিও কেইবা গৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in