সৰুপথাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰীক শাৰীৰিক অপদস্থৰ অভিযোগ কৰ্মচাৰী অৰবিন্দ শৰ্মাৰ বিৰুদ্ধে

সৰুপথাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰীক শাৰীৰিক অপদস্থৰ অভিযোগ কৰ্মচাৰী অৰবিন্দ শৰ্মাৰ বিৰুদ্ধে

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰস্থিত এখন বিদ্যালয়ৰ এগৰাকী কেৰানীয়ে নিজ বিদ্যালয়ৰ ছাত্ৰীক শাৰীৰিক ভাৱে অপদস্হ কৰাৰ এক ঘটনা পোহৰলৈ অহাত ৰাইজে প্ৰহাৰ কৰি কেৰানীজনক থানাত চমজাই দিয়া ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, শংকৰদেৱ শিশু নিকেতনৰ এগৰাকী দশম শ্ৰেনীৰ ছাত্ৰীক বিদ্যালয়ৰে কেৰানী অৰবিন্দ শৰ্মাই শাৰীৰিক ভাৱে অপদস্হ কৰা বুলি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্হাক অৱগত কৰে। তাৰ পিছতে চুতীয়া ছাত্ৰ সন্হাৰ কৰ্মকৰ্তা তথা একাংশ ৰাইজে ৰাজহুৱা প্ৰহাৰ কৰাৰ লগতে কেৰানী গৰাকীক বিদ্যালয়ৰ পৰা আনি সৰুপথাৰ আৰক্ষীক চমজাই দিয়ে আৰু ঘটনা সন্দৰ্ভত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্হাই লম্পট কেৰানীজনক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে।

ছাত্ৰ সংগঠনটোৱে সৰুপথাৰ আৰক্ষী থানাত দিয়া এজাহাৰত উল্লেখ কৰে যে, সৰুপথাৰ শংকৰদেৱ শিশু নিকেতনৰ কেৰানী অৰবিন্দ শৰ্মাই বুধবাৰে বিদ্যালয়ৰ দুগৰাকী ছাত্ৰী বিদ্যালয়ৰ কাৰ্যালয়লৈ যাওঁতে এগৰাকী ছাত্ৰীক বাহিৰলৈ পঠাই দি এগৰাকী ছাত্ৰীৰ সৈতে অশালীন কাৰ্য সংঘটিত কৰাৰ অভিযোগ উল্লেখ কৰি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জয়ন্ত বৰা আৰু সম্পাদক অভিজিৎ শইকীয়াই দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিবৰ বাবে সংগঠনৰ ফালৰ দাবী জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in