ধনশিৰিত প্ৰথম বাৰৰ বাবে দুগৰাকী মহিলাসহ ১২ গৰাকী কোভিড ১৯ পজিটিভ

ধনশিৰিত প্ৰথম বাৰৰ বাবে দুগৰাকী মহিলাসহ ১২ গৰাকী কোভিড ১৯ পজিটিভ

ডিজিটেল সংবাদ, সৰুপথাৰঃ গোলাঘাট জিলাৰ সৰুপথাৰত প্ৰথম বাৰৰ বাবে কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে। অঞ্চলটোৰ দুটা কুৱাৰেন্টাইন চেন্টাৰত কোভিড-১৯ পজিটিভ ১৪ জনকৈ লোক চিনাক্ত হৈছে। ইয়াৰে সৰুপথাৰ কলেজৰ কুৱাৰেণ্টাইন চেণ্টাৰত থকা ১১ জন আৰু উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়ৰ ৩ জন লোকৰ শৰীৰত ধৰা পৰিছে মহামাৰী কোৰোনা ভাইৰাছৰ বীজানু।

তাৰে ১২ জন পুৰুষ আৰু দুগৰাকী মহিলা। তেওঁলোকে শ্ৰমিক ৰেলযোগে চেন্নাই,মুম্বাই,টেলেংগানা আদিৰ পৰা নিজা গৃহভূমিলৈ আহিছিল। ইতিমধ্যে আক্ৰান্ত লোককেইজনক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।সৰুপথাৰ কলেজৰ কুৱাৰেন্টাই চেন্টাৰৰ ১১ গৰাকী হৈছে ক্ৰমে বিতু দাস(২৫),জিতেন বৰুৱা(২০),নিৰঞ্জন বড়ি(৪১),আকাশ বড়ি(২৪),গৌতম শইকীয়া(২৪),লক্ষীৰাম শইকীয়া(৪১),জান বড়ো(২২),টিপেশ্বৰ বৰা(৩৯),ৰমেশ ৰেগন(৩৫)গোবিন ৰাভা(২৬),ললিত লামা(২২)। উৰিয়ামঘাট আদৰ্শ চিকিত্সালয়ত ৩ গৰাকী হৈছে এগৰাকী পুৰুষ ধনঞ্জয় দাস মহিলা ক্ৰমে ,দুলু দাস আৰু জাচিন্তা চৱৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in