সৰুপথাৰত শ্বহীদ কুশল কোঁৱৰৰ ৭৬ সংখ্যক মৃত্যু বাৰ্ষিকী পালনঃ ধনশিৰি মহকুমা প্ৰশাসনৰ ৰক্তদান শিবিৰ

সৰুপথাৰত শ্বহীদ কুশল কোঁৱৰৰ ৭৬ সংখ্যক মৃত্যু বাৰ্ষিকী পালনঃ ধনশিৰি মহকুমা প্ৰশাসনৰ ৰক্তদান শিবিৰ

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত সৰুপথাৰত শনিবাৰে শ্বহীদ কুশল কোঁৱৰৰ ৭৬ সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰা হয়৷ পুৱা শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্ত্তিত পুষ্প নিবেদন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ধনশিৰি মহকুমা প্ৰশাসনে আৰু এই কাৰ্যসূচীত সহযোগিতা কৰে সৰুপথাৰৰ বিশিষ্ট নাগৰিকে।

শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি ধনশিৰি মহকুমা প্ৰশাসনে ৰক্ত দান শিৱিৰৰ আয়োজন কৰিছে। সৰুপথাৰৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ধনশিৰি মহকুমাৰ মহকুমাধিপতি ডাঃ পি উদয় পবিনে ৰক্তদান কৰি শিৱিৰ শুভ উদ্বোধন কৰে।

মহকুমাটোৰ প্ৰশাসনিক বিষয়া কৰ্মচাৰী সাংবাদিক নাগৰিক আদি সকলোৱে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in