সৰুপথাৰত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন…

সৰুপথাৰত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ সৰুপথাৰত চেন্টাৰ ফ'ৰ ডেভলপমেন্ট নামৰ বে-চৰকাৰী সংস্থাৰ উদ্যোগত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস পালন কৰা হয়।দিনজোৰা কাৰ্যসূচীৰে হোৱা দিৱসত উপস্থিত থাকে সৰুপথাৰস্থিত মৰনিং ষ্টাৰ স্কুলৰ অধক্ষ্য প্ৰকাশ কেৰ অাৰু প্ৰধান শিক্ষক এলেকচিয়াছ তপ্ন।

মূখ্য অতিথি তথা নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি গোলাঘাট জিলাৰ শিশু উন্নয়ন সমিতিৰ সদস্য প্ৰশান্ত শইকীয়াই শিশু সুৰক্ষা আইন,শিশু শ্ৰমিক কু-প্ৰভাৱ,শিশুৰ বাবে শিক্ষা-সুৰক্ষা অাদি বিভিন্ন বিষয়ত বিষদ ভাৱে বৰ্ণনা দাঙি ধৰে।

উল্লেখ্য যে অনুষ্ঠানত উপস্থিত থকা শিশু সকলৰ লগত সংস্থাটোৰ ক'-অডিনেটৰচাজমিন চুলতানাই মত বিনিময় অনুষ্ঠান কৰে। উক্ত অনুষ্ঠানৰ যোগেদি শিশু সকল যথেষ্ঠ উপকৃত হব বুলি জানিবলৈ দিয়ে মৰনিং ষ্টাৰ স্কুলৰ অধক্ষ্যই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in