বৰপথাৰত নাৰী সৰবৰাহকাৰী এগৰাকী মহিলা গ্ৰেপ্তাৰ

বৰপথাৰত নাৰী সৰবৰাহকাৰী এগৰাকী মহিলা গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, সৰুপথাৰঃ বিয়া কৰোৱাৰ প্ৰলোভনে দেওপানীলৈ নি নিচাযুক্ত দ্ৰব্য সেৱন কৰাই বৰপথাৰ টেঙানীৰ এগৰাকী যুৱতীক ডিমাপুৰলৈ অপহৰণ কৰা দলৰ অন্যতম সহযোগী পুহিতা গগৈ আৰক্ষীৰ জালত পৰিছে | সোমবাৰে নিশা বৰপথাৰ আৰক্ষীৰ এটা দলে টেঙানীৰ পৰা আত্মগোপন কৰি থকাৰ পৰা পুহিতা গগৈ নামৰ মহিলা গৰাকীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় |

অৱশ্যে,মূল অভিযুক্ত শিৱসাগৰ নিতাইপুখুৰী দুৱৰনি গাওঁৰ ৰাজু ওৰফে জোন গগৈক আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই | উল্লেখ্য যে,৭ আগষ্টত টেঙানী হুৰহুৰিত পৰা এগৰাকী ১৯ বছৰীয়া যুৱতীক দেওপানী মন্দিৰত শিৰত সেন্দুৰ দি বিয়া কৰোৱাৰ প্ৰলোভন দি পুহিতা আৰু ৰাজু ওৰফে জোনে নি তাৰ পৰা বলপূৰ্বক নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱাই গাড়ীয়ে নগাৰাজ্যৰ ডিমাপুৰলৈ নিয়ে | তাত এটা ভাড়াঘৰত তিনিদিন ধৰি অকথ্য শাৰীৰিক নিৰ্যাতন চলোৱাৰ বাবে যোৱা ৯ আগষ্টত যুৱতী গৰাকী সুবিধা বুজি ভাড়া ঘৰৰ পৰা পলায়ন কৰি নিজা ঘৰত উপস্হিত হৈ সকলো কথা বিৱৰি কয় |

তেতিয়া যুৱতী গৰাকীৰ পৰিয়ালে বৰপথাৰ আৰক্ষী থানাত পুহিতা আৰু ৰাজু ওৰফে জোন গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল | আৰক্ষীয়ে অনুসন্ধান কৰি যুৱতী গৰাকী এক মানৱ সৰবৰাহকাৰীৰ হাতত পৰা তথ্য লাভ কৰি জোৰ তদন্ত অব্যাহত ৰাখে আৰু কালি নিশা টেঙানীৰ পৰা পুহিতাক কৰায়ত্ব কৰিবলৈ সক্ষম হয় |

মন কৰিব লগা যে,পূৰ্বে নাৰী সৰবৰাহ কাৰীৰ অভিযোগত কাৰাবাস খটা ৰাজু ওৰফে জোন গগৈয়ে নিজকে আৰক্ষীৰ লোক বুলি পৰিচয় দি টেঙানীৰ যুৱতী গৰাকীৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ নাটক ৰচিছিল আৰু তাত সম্পূৰ্ণ সহযোগ কৰিছিল টেঙানীৰে পুহিতা গগৈয়ে |

জানিব পৰা মতে,পুহিতাৰ ঘৰৰ সৈতে ৰাজু ওৰফে জোন গগৈৰ ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু আগে পিছে ধনশিৰি মহকুমাৰ পৰা নিৰুদ্দেশ হোৱা দৰিদ্ৰ পৰিয়ালৰ যুৱতীক চাকৰি দিয়াৰ প্ৰলোভনে বহি ৰাজ্যত বিক্ৰী কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে | এক সুত্ৰয়ে প্ৰকাশ কৰা মতে,ধনশিৰি মহকুমাৰ বৰপথাৰ,টেঙানী,গেলাবিল,সৰুপথাৰ,নাওজান,চুঙাজান,উৰিয়ামঘাটটো এই নাৰী সৰবৰাহ কাৰী দলটোৰ এজেন্ট আছে আৰু সেইসকলে দৰিদ্ৰ পৰিয়ালৰ যুৱতী সকলক বহিৰাজ্যত চাকৰি দিয়াৰ প্ৰলোভনে বিক্ৰী কৰি আহিছে | সেয়ে,আৰক্ষীয়ে চক্ৰটো সম্পূৰ্ণ উৎখাত কৰিলেহে মহকুমাটোৰ পৰা যুৱতী নিৰুদ্দেশ হোৱা অপৰাধ সমূহ নিশেষ হব বুলি আশা কৰিব পাৰি |

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in