শেহতীয়া খবৰ
ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...  •  ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী...  •  বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা...  •  উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ...  •  গৰৈমাৰী-সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত 'সাংবাদিকৰ সজাগতা যাত্ৰা'...

সৰুপথাৰত প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

169

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ সৰুপথাৰ ৰাজহুৱা ভৱণত প্ৰাণতোষ দাস ফাউণ্ডেচনৰ উদ্যোগত আৰু আন্যপথ গোষ্ঠীৰ সহযোগত দেওবাৰে প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। হেম ফুকনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিৰ উন্মোচন কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া ধৰ্মেশ্বৰ দুৱৰ‌াই।

‘সাম্প্ৰদায়িকতা মানৱতাৰ পৰিপন্থী’ শীৰ্ষক বিষয়ত হোৱা বক্তৃতা প্ৰতিযোগিতাত মহকুমাটোৰ প্ৰায় ২৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, উক্ত প্ৰতিযোগিতাত গন্ধকৰৈ জাতীয় বিদ্যালয়ৰ হিমাদ্ৰী গগৈয়ে প্ৰথম আৰু তমন্না বুঢ়াগোঁহায়ে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, ইতিমধ্যে বহুকেইবাৰ প্ৰণতোষ দাস ফাউণ্ডেচনৰ উদ্যোগত সাহিত্য-সংস্কৃতিৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি