শেহতীয়া খবৰ
কামৰূপ (মঃ)ত লকডাউনৰ শিথিলতা সন্দৰ্ভত দেওবাৰে জনাব সবিশেষ, টুইটাৰযোগে ঘোষণা মুখ্য সচিবৰ...  •  জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী...  •  ধেমাজিৰ প্ৰতিস্থিত ব্যৱসায়ী মনোজ চুতীয়াৰ মৃত্যু...  •  মণিপুৰত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক  •  চেঙাৰ ছাটাত ড্ৰাগছ ব্যৱসায়িক উত্তম মধ্যম দি ৰাইজে গতালে আৰক্ষীক, VIDEO  •  আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মোৰাঝাৰত ছেনিটাইজেশ্যন  •  সৰ্বানন্দ সোণোৱাল ৰাজহাড় নাইকীয়া মুখ্যমন্ত্ৰীঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, VIDEO  •  শ্ৰীশ্ৰীগুৰু পূৰ্ণিমাত গুৰু বন্দনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান শিশু শিক্ষা সমিতিৰ... VIDEO  •  দিল্লীত ৯৭ সহস্ৰাধিকলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, ২৪ ঘন্টাত ২৫০৫জনৰ দেহত কোভিড-১৯...  •  বিজেপি নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়ঃ প্ৰধানমন্ত্ৰী

সৰুপথাৰৰ চুঙাজানত পথ নিৰ্মাণত অনিয়ম, VIDEO

104

ডিজিটেল সংবাদ, সৰুপথাৰঃ সৰুপথাৰৰ চুঙাজানত পিএমজিএছৱাই (PMGSY) আঁচনিৰ অধীনত গড়কাপ্তানী পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। ইফালে অনিয়ম সংঘটিত হোৱাৰ পাছতো সৰুপথাৰ গড়কাপ্তানী গ্ৰাম্য পথ সংমণ্ডল কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। চুঙাজান খণ্ড নং ৬ৰ পৰা লেহেটীলৈ সংযোগী ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই গড়কাপ্তানী পথটো নিৰ্মাণৰ নিবিদা লাভ কৰিছে ‘আৰ বি ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাছট্ৰাকচাৰ প্ৰাইভেট লিমিটেড, ডিব্ৰুগড়’ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে।

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত প্ৰায় ছয় কোটি টকা আৱণ্টিত ধন ব্যয় কৰি পথটোৰ নিৰ্মাণ কাৰ্য চলি আছে। স্থানীয় ৰাইজৰ অভিযোগ পথ নিৰ্মাণত ব্যাপক অনিয়ম কৰিছে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে।

পথৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ নহওতেই নিৰ্মীয়মাণ পকী পথৰ মাজত ঘাঁহ বন গজিছে। গড়কাপ্তানী বিভাগৰ বিষয়া কৰ্মচাৰীয়ে চাবলৈ নাযায় পথটো। গড়কাপ্তানী বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগত ঠিকাদাৰী কোম্পানীটোৰ গোপন বুজাবুজিৰ অভিযোগ স্থানীয় ৰাইজৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি