চুঙাজান-বোকাজান সংযোগী গড়কাপ্তানী পথৰ দুৰৱস্থা, কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ, ৰাইজৰ দুৰ্ভোগ, VIDEO

চুঙাজান-বোকাজান সংযোগী গড়কাপ্তানী পথৰ দুৰৱস্থা, কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ, ৰাইজৰ দুৰ্ভোগ, VIDEO

ডিজিটেল সংবাদ, সৰুপথাৰঃ গড়কাপ্তানী বিভাগৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ সৰুপথাৰ-চুঙাজান-হৈ-বোকাজান সংযোগী গড়কাপ্তানী পথছোৱাই বিগত ৩ বছৰৰ পৰা মেৰামতিৰ অভাৱত বিধস্ত ৰূপ ধাৰণ কৰিছে। প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণ কৰা বৰ্তমান প্ৰায় চাৰি বছৰ অতিক্ৰম কৰিলে।

নিৰ্মাণ কৰা দিনৰ পৰা পথছোৱা ক্ৰমান্বয়ে বিধস্ত হোৱা পৰিলক্ষিত হৈছে। নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা পথটোৰ চুঙাজান অঞ্চলত পকী পথৰ মাজত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। পথৰ মাজৰ পুখুৰী সদৃশ গাঁত সমূহত বিভিন্ন বাহন প্ৰায়ে দুৰ্ঘটনাত পতিত হয়।

বৰ্তমানলৈকে কেইবাজনো লোক মৃত্যুৰ মুখত পৰাও দেখা গৈছে। অতি ঠেক পথটোৰ কাষে কাষে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। পথছোৱাত বিপৰীত দিশৰ পৰা অহা গাড়ীক পথ এৰি দিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে।

স্থানীয় ৰাইজ আৰু দল সংগঠনে পথছোৱা মেৰামতিৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in