সৰুক্ষেত্ৰী সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন, VIDEO

সৰুক্ষেত্ৰী সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সৰুক্ষেত্ৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। কেইবাদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে বিভিন্ন নৈ -উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ৰাজ্যজুৰি বান পৰিস্থিতি ভয়ানক ৰূপ ধাৰণ কৰিছে। বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ পাকা মৌজা, বেতবাৰী মৌজা আৰু সৰুক্ষেত্ৰী মৌজাৰ বিস্তীৰ্ণ অঞ্চল বানপানীৰ কৱলত পৰিছে। বানপানীৰ ফলত খেতি-পথাৰ, ৰাস্তা -ঘাট , ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি সাধন হৈছে। বিগত তিনিদিন ধৰি সৰুক্ষেত্ৰী সমষ্টিত বানপানীয়ে কালৰূপ ধাৰণ কৰিছে।

সৰুক্ষেত্ৰী মৌজাৰ সৰ্থেবাৰী অঞ্চলতো ভয়াবহ বানৰ সৃষ্টি হৈছে। শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰৰ লগতে সৰ্থেবাৰীস্থিত ত্ৰিশখন বিচনাযুক্ত সৰুক্ষেত্ৰী গ্ৰাম্য চিকিৎসালয়ও বানৰ কৱলত। চিকিৎসালয়লৈ ৰোগী অহা-যোৱা কৰাত সমস্যাৰ সৃষ্টি হৈছে। বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ কেইবাটাও পথৰ ওপৰেৰে পানী বাগৰিছে। সৰ্থেবাৰী আৰক্ষী থানা, পাৱাৰ হাউছ, শ্ৰীশ্ৰী হৰিদেৱ ধাম সত্ৰৰ চৌহদতো বাঢ়নী পানীয়ে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। পাকা মৌজা আৰু বেতবাৰী মৌজাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ পিছত সোমবাৰে সৰুক্ষেত্ৰী মৌজাৰ সৰ্থেবাৰী, গোমূৰা, ৰঙিয়া নদীৰ পাম, ৰঙিয়া গাঁও আদি অঞ্চলৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে।

বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে-" অইন বছৰৰ তুলনাত এইবাৰৰ বানপানী কিছু ব্যতিক্ৰম। এইবাৰ হঠাৎ আহিছে বানপানীয়ে। আগৰ তুলনাত এইবাৰৰ বানপানীয়ে ৰাস্তা-ঘাটৰ বেছি ক্ষতিসাধন কৰিছে। ইতিমধ্যে সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু জিলা উপায়ুক্তৰ লগত আলোচনা কৰা হৈছে।মংগলবাৰৰ পৰা পশুধনৰ খাদ্য যোগানৰ ব্যৱস্থা কৰা হ'ব আৰু যদি বান পৰিস্থিতি অপৰিবৰ্তিত হৈ থাকে তেতিয়া হ'লে মানুহৰ খাদ্যও যোগান ধৰাৰ ব্যৱস্থাও কৰা হ'ব।" আনহাতে বিধায়কগৰাকীয়ে বান পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে।

বৰপেটা জিলাৰ বান পৰিস্থিতি ভয়ানক ৰূপ লোৱাৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা জিলাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ কোনো এজন মন্ত্ৰীকো পঠোৱা নাই বুলি অভিযোগ উত্থাপন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে। বৰপেটা জিলাত হোৱা বানপানীৰ বুজ লৈ ক্ষয়-ক্ষতিৰ হিচাপ ল'বলৈ কোনো এগৰাকী মন্ত্ৰীক বৰপেটা জিলালৈ প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বিধায়কগৰাকীয়ে।বৰ্তমান সময়ত পশুধনৰ খাদ্যৰ সমস্যাই দেখা দিছে। বাতৰি লিখা পৰলৈ বিদ্যুত সংযোগ ব্যাহত হৈ আছে সৰ্থেবাৰীৰ বিভিন্ন অঞ্চলত। বন্যাৰ্তক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে বান আক্ৰান্ত ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in