সামাজিক উত্তৰণত শিক্ষকৰ ভূমিকা উল্লেখনীয়, আৰম্ভ হ’ল সৰুক্ষেত্ৰীৰ বাপুজী মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচী, VIDEO

সামাজিক উত্তৰণত শিক্ষকৰ ভূমিকা  উল্লেখনীয়, আৰম্ভ হ’ল সৰুক্ষেত্ৰীৰ বাপুজী মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচী, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ "শিক্ষকসকল সমাজৰ প্ৰগতিৰ মাইলৰ খুটি। শিক্ষকসকলে সমাজৰ বিকাশ তথা উত্তৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব।" সৰ্থেবাৰী তথা বৃহত্তৰ সৰুক্ষেত্ৰী  অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণ-কেন্দ্ৰ বাপুজী মহাবিদ্যালয়ৰ বুধবাৰৰ পৰা আৰম্ভ হোৱা সোণালী জয়ন্তী উৎসৱৰ বৃক্ষৰোপণ কাৰ্যসূচীত অংশ লৈ এইদৰে কয় অৱসৰী অধ্যাপক অঞ্জন কুমাৰে।

সোণালী জয়ন্তী উদযাপনৰ আৰম্ভণি অনুষ্ঠান হিচাপে বুধবাৰে পুৱা ৮ঃ৩০ বজাত বাপুজী মহাবিদ্যালয়ৰ  পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ জয়চন্দ্ৰ তালুকদাৰে। পুৱা ঌ বজাত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে শিক্ষক গোটৰ সভাপতি তথা অধ্যাপক পৰেশ ভূঞাই। ইয়াৰ পিচতে সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অধৰ চন্দ্ৰ ডেকাই শ্বহীদ তৰ্পন কৰে। পুৱা ৯ঃ৩০ বজাত সোণালী জয়ন্তী উদযাপনৰ মূল পতাকা বাপুজী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা সোণালী  জয়ন্তী উদযাপন সমিতিৰ সভাপতি গৌৰীকান্ত বৰ্মনে উত্তোলন কৰাৰ লগতে বিশিষ্ট পঞ্চাশ  গৰাকী ব্যক্তিৰ জৰিয়তে পঞ্চাশখন পতাকা উত্তোলন কৰে।

পতাকা উত্তোলন কৰি অৱসৰী অধ্যাপক গৌৰীকান্ত বৰ্মনে কলেজখনৰ ইতিহাস আৰু গৌৰৱৰ লগতে অঞ্চলটোত বিশেষ অৰিহণা যোগোৱা সম্পৰ্কে ভাষণ প্ৰদান কৰে। পুৱা দহ বজাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই ভাগৱত পাঠৰ আৰম্ভণি কৰাৰ লগতে বিশিষ্ট সমাজকৰ্মী কুলৰঞ্জন ভূঞাই ভাগৱত পাঠ কৰে।

পুৱা ১০-৪৫ বজাত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। দুপৰীয়া মহাবিদ্যালয় পৰিচালনা  সমিতিৰ সভাপতি গৌৰীকান্ত বৰ্মনৰ সভাপতিত্বত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। এই স্মৃতিচাৰণ  সভাত সাংবাদিক পেন্সনাৰ মৃণাল মল্ল পাটোৱাৰী, বাণীকান্ত ভূঞা, ৰূপধন বৰ্মন, খগেশ্বৰ ডেকা গিৰীশ ডেকা আদি কেইবাজনো লোকে বাপুজী মহাবিদ্যালয় স্থাপনৰ ইতিহাস সম্পৰ্কে আলোচনা কৰাৰ লগতে এই মহাবিদ্যালয় স্থাপনৰ বাবে আগভাগ লোৱা  ব্যক্তি  সকলৰ ত্যাগক  সোঁৱৰণ কৰে।

উল্লেখযোগ্য যে  এই মহাবিদ্যালয় স্থাপনৰ  সময়ত সৰ্থেবাৰী পাঁচখেল গঞাসকলৰ লগতে আমৃখোৱা গাঁও  উন্নয়ন  সমিতিয়ে দুটা গৃহ বনাই দিছিল। আৰু সমাজকৰ্মী ডালিম পাঠকে সেই সময়তে ছয় হাজাৰ টকা দান দিছিল। এই স্মৃতিচাৰণ সভাত এইদৰে বিভিন্ন  ধৰণেৰে বাপুজী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ  ক্ষেত্ৰত সহায়-সহযোগিতা কৰা ব্যক্তিসকলক সোঁৱৰণ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে। সন্ধিয়া গোমূৰাৰ মাধৱদেৱ সত্ৰৰ সত্ৰাধিকাৰ হেমন্ত শইকীয়া আতৈয়ে বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰে।

বুধবাৰৰ পৰা বৰ্ষজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা সোণালী জয়ন্তী উদযাপনৰ সকলো কাৰ্যসূচীতে  মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা একান্তভাৱে  কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি গৌৰীকান্ত বৰ্মনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in