সৰুক্ষেত্ৰী মৌজাৰ বন্যাৰ্তৰ কাষত জিলা পৰিষদৰ সদস্য বাবুল আলী, ব্যক্তিগত প্ৰচেষ্টাত বান সাহায্য বিতৰণ

সৰুক্ষেত্ৰী মৌজাৰ বন্যাৰ্তৰ কাষত জিলা পৰিষদৰ সদস্য বাবুল আলী, ব্যক্তিগত প্ৰচেষ্টাত বান সাহায্য বিতৰণ

ডিজিটেল সংবাদ, চেঙাঃ আহাৰ মহীয়া বানত বিপৰ্যস্ত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জন-জীৱন।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুক্ষেত্ৰী মৌজাও বানৰ কৱলত পৰিছে।বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে সৰুক্ষেত্ৰী মৌজাত। সৰুক্ষেত্ৰী মৌজাৰ যশোদাৰ পাম , যশোদা গাঁও আদি অঞ্চলৰ ৰাইজৰ আলাই আথানি নোহোৱা হৈছে ভয়ংকৰ বান পৰিস্থিতিৰ বাবে।

কালদিয়া, টিহু আৰু বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে অঞ্চল সমূহ। বন্যাৰ্তৰ হাহাকাৰ পৰিস্থিতিৰ বুজ ল'বলৈ মংগলবাৰে বান আক্ৰান্ত অঞ্চলত উপস্থিত হ'ল কংগ্ৰেছৰ যুৱ নেতা তথা ৭নং দক্ষিণ পূৱ সৰুক্ষেত্ৰী জিলা পৰিষদৰ সদস্য বাবুল আলী।

বাবুল আলীয়ে যশোদাৰ পাম, যশোদা গাঁও আৰু বনিয়াকুছিত উপস্থিত হৈ বান আক্ৰান্ত লোকৰ বুজ লোৱাৰ লগতে চিৰা,চেনি ,বিস্কুট আদি খাদ্য-সামগ্ৰীৰ উপৰিও মহ খেদা ধূপ প্ৰদান কৰে। প্ৰায় দুশ পৰিয়ালৰ মাজত বিতৰণ কৰে খাদ্য-সামগ্ৰী।

বানপানীৰ মাজত খোজকাঢ়ি, নাওৰে গৈ শিবিৰত থকা লোকসকক সাক্ষাৎ কৰে বাবুল আলীয়ে। উল্লেখ্য যে, এইগৰাকী জনদৰদী নেতাই লকডাউনৰ সময়তো সহস্ৰাধিক পৰিয়ালৰ মাজত অত্যাৱশকীয় খাদ্য- সামগ্ৰী বিতৰণ কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in