সৰুপথাৰত অস্ত্ৰ শস্ত্ৰসহ দুজনক গ্ৰেপ্তাৰ…

সৰুপথাৰত অস্ত্ৰ শস্ত্ৰসহ দুজনক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, সৰুপথাৰঃ গোপন সুত্ৰৰ ভিত্তিত আজি সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু সৰুপথাৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে সৰুপথাৰ ৰেলষ্টেচনৰ পৰা পিষ্টলসহ দুজন ব্যক্তিক কৰায়ত্ত কৰে ৷

জানিব পৰা মতে, উজনিমুৱা ৰঙিয়া ডিব্ৰুগড় যাত্ৰীবাহী ৰেলত ডিমাপুৰৰ পৰা অহা আব্দুল মাণিক আৰু ইছলামুদ্দিন নামৰ দুজন লোকে এটা পইন্ট ২২ পিষ্টল সহ সৰুপথাৰত এজন ছাছা নামৰ এজন ব্যক্তিক বিক্ৰী কৰিবলৈ নামোতেই আৰক্ষীয়ে কৰায়ত্ত কৰে ৷ উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে উৰিয়ামঘাটতো আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া অভিযানত অস্ত্ৰসহ এজন ব্যক্তি কৰায়ত্ত হৈছিল ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in