সৰ্থেবাৰীত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক!

সৰ্থেবাৰীত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক!

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ বামুণবড়ীত চাঞ্চল্য। স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক। এই অভিযোগ স্থানীয় লোক আৰু মৃতকৰ আত্মীয়ৰ। ক্ষুদ্ৰ বামুণবড়ীৰ ৰূপচান আলীৰ কন্যা চানিয়াৰা পাৰবিন(২০) নামৰ মহিলা গৰাকীক নিজ স্বামী জৰুপ আলী(৩৮)য়ে দেওবাৰে আবেলি পাৰিবাৰিক বিষয়ক লৈ ক্ষুদ্ৰ বামুনবড়ীৰ সোণামিঞাৰ ঘৰৰ চোতালত মাৰধৰ কৰাৰ লগতে ডিঙি চেপি ধৰে। স্বামীৰ অত্যাচাৰত কান্দি কান্দি লেবেজান হৈ মহিলাগৰাকী ক্ষুদ্ৰ বামণবড়ীৰ পিতৃগৃহলৈ যায় যদিও ক্ষন্তেক পিছতে মহিলাগৰাকীৰ মৃত্যু হয়।

স্বামীৰ অত্যাচাৰতে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে। নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত ১নং দৌলাশালৰ প্ৰয়াত কয়েদ আলীৰ পুত্ৰ জৰুপ আলী। ঘটনাৰ খবৰ পাই সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৱে আৰক্ষীৰ এটি দল লৈ ঘটনাস্থলীত উপস্থিত হৈ হত্যাৰ অভিযোগত জৰুপ আলীক আটক কৰে।

ঘটনাৰ খবৰ পাই বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যও মাজদিয়া আৰক্ষী চকী আৰু সৰ্থেবাৰী আৰক্ষী থানাত উপস্থিত হৈ ঘটনাৰ বুজ লয়। উল্লেখ্য যে, মৃত মহিলা গৰাকী দ্বিতীয় পত্নী আছিল ধৃত জৰুপ আলীৰ। এটি সন্তানৰ মাতৃ চানিয়াৰা পাৰবিনৰ হত্যাকাণ্ডই ক্ষুদ্ৰ বামণবড়ীৰ লগতে স্বামীগৃহ দৌলাশালতো চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in