সৰ্থেবাৰীত ত্ৰয়োদশ বাৰ্ষিক সৰুক্ষেত্ৰী গ্ৰন্থমেলা, গ্ৰন্থ অধ্যয়নৰ দ্বাৰা এখন জ্ঞানময় সমাজ গঢ়িব পাৰিঃ ড৹ তৰুণ চন্দ্ৰ বৰা

সৰ্থেবাৰীত ত্ৰয়োদশ বাৰ্ষিক সৰুক্ষেত্ৰী গ্ৰন্থমেলা, গ্ৰন্থ অধ্যয়নৰ দ্বাৰা এখন জ্ঞানময় সমাজ গঢ়িব পাৰিঃ ড৹ তৰুণ চন্দ্ৰ বৰা

ডিজিটেল সংবাদ, চেঙাঃ "গ্ৰন্থমেলাৰ জৰিয়তে সমাজত গ্ৰন্থ অধ্যয়নৰ এক পৰিবেশ সৃষ্টি কৰিব পাৰি। আৰু গ্ৰন্থ অধ্যয়নৰ যোগেদি এখন জ্ঞানময় সমাজ গঢ়িব পাৰি। গ্ৰন্থৰ পৰাহে মানুহে প্ৰকৃত জ্ঞান আহৰণ  কৰিব পাৰে।" বুধবাৰৰ পৰা সৰ্থেবাৰীত অনুষ্ঠিত হোৱা  ত্ৰয়োদশ বাৰ্ষিক  সৰুক্ষেত্ৰী গ্ৰন্থমেলাৰ মুখ্য দ্বাৰ মুকলি কৰি এইদৰে কয় কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড৹ তৰুণ চন্দ্ৰ বৰাই।

এই গ্ৰন্থমেলাৰ যোগেদি নতুন কবি, গল্পকাৰৰ জন্ম হ'ব বুলি আশা প্ৰকাশ কৰি এই গ্ৰন্থমেলাত সকলো লোকৰে সহযোগিতা আহ্বান কৰে ড৹ তৰুণ  চন্দ্ৰ  বৰাই। উল্লেখ্য যে, সৰ্থেবাৰীৰ সক্ৰিয় স্বেচ্ছাসেৱী অনুষ্ঠান  ভিক্টৰ গ্ৰুপৰ  উদ্যোগত  সৰ্থেবাৰী  উচ্চতৰ  মাধ্যমিক বিদ্যালয়ৰ  খেলপথাৰত বুধবাৰৰ পৰা আৰম্ভ  হোৱা এই  গ্ৰন্থমেলাৰ প্ৰথম কাৰ্যসূচী  হিচাপে  পুৱা  ৮বজাত পতাকা উত্তোলন  কৰে গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সভাপতি  পৰাগ ডেকাই।

ইয়াৰ পিছতে  বৃক্ষৰোপণ কৰা হয়। পুৱা  দহ বজাত শ্বহীদ  তৰ্পণ  কৰে সৰ্থেবাৰী  উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত  অধ্যক্ষ মনিৰাম ডেকাই। মুখ্যদ্বাৰ মুকলি কৰাৰ পিছতে গ্ৰন্থমেলাৰ বাকৰিত ছাত্ৰ – ছাত্ৰীৰ মাজত স্মৃতি পৰীক্ষা, মইনামেল, সদৌ অসম  ভিত্তিত  চিত্ৰাংকণ প্ৰতিযোগিতা, ইউটিবাৰ ডিম্পু বৰুৱা, চফ্টৱেৰ ডেভালাপাৰ নীলোৎপল গোস্বামী আৰু  এণ্ড্ৰইড এপ  ডেভেলাপাৰ নয়ন জ্যোতি ডেকাৰ উপস্থিতিত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত  হয়। একেদৰে সন্ধিয়া  মহিলাৰ দিহানাম প্ৰতিযোগিতা আৰু মুকুট মিউজিক একাডেমিৰ দ্বাৰা সাংস্কৃতিক  অনুষ্ঠান  পৰিৱেশন কৰা হয়।

ইপিনে অহা ২৯ অক্টোবৰ তাৰিখলৈ  চলিব লগা এই গ্ৰন্থমেলাৰ কাৰ্যসূচী  অনুসৰি বৃহস্পতিবাৰে পুৱা  ১০ বজাত থিতাতে  লিখা গল্প  আৰু  কবিতা প্ৰতিযোগিতা, ১১ বজাত কবিতা আবৃতি প্ৰতিযোগিতা,  ১২ বজাত বাহিৰ ভিতৰ প্ৰতিযোগিতা, এক বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আবেলি ৪:৩০ বজাত কবিতাৰ আড্ডা  শীৰ্ষক এক মনোজ্ঞ  অনুষ্ঠান অনুষ্ঠিত  হ'ব।

এই কবিতাৰ আড্ডা  অনুষ্ঠানতে ছয়খনকৈ গ্ৰন্থ উন্মোচন কৰা  হ'ব। সন্ধিয়া  অসমৰ জনপ্ৰিয়  কন্ঠশিল্পী ৰূপম ভূঞাৰ সংগীতানুষ্ঠান  আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ১৮ অক্টোবৰ তাৰিখে পুৱা ১০ বজাত " চৰকাৰ এক দেশ এক ভাষা নীতিয়ে দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব" শীৰ্ষক  অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা  অনুষ্ঠিত  হ'ব।

একেদৰে দুপৰীয়া  ১১- ৩০ বজাত  প্ৰতিভাৰ সন্ধান অনুষ্ঠান অনুষ্ঠিত  হ'ব। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন  অনুষ্ঠান আৰু পাখি আৰ্ট এণ্ড ডেন্স একাডেমিৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হ'ব। ১৯ অক্টোবৰ  তাৰিখে পুৱা ভেশচন, আকস্মিক বক্তৃতা, কৌতুক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়া  কৃষ্ণগুৰু সেৱাশ্ৰমৰ শিক্ষানুষ্ঠানৰ সাংস্কৃতিক অনুষ্ঠান আৰু শ্ৰীমন্ত শংকৰদেৱ টোকাৰী দলৰ টোকাৰী  গীত  পৰিবেশন।

২০ অক্টোবৰ তাৰিখে পুৱা মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আবেলি সম্বৰ্ধনা অনুষ্ঠান আৰু ড৹ নবনীতা বৰাৰ দ্বাৰা পৰিচালিত "দা ব্ৰীজ অভাৰ দা ৰিভাৰ" শীৰ্ষক তথ্যচিত্ৰ  প্ৰদৰ্শন কৰা  হ'ব। সন্ধিয়া  বঁটা  বিতৰণী অনুষ্ঠানৰ লগতে আমন্ত্ৰিত  কন্ঠশিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in