সৰ্থেবাৰীত কৃষ্ণগুৰু চিকিৎসা সেৱা সমিতিৰ উদ্যোগত বান সাহায্য বিতৰণ… VIDEO

সৰ্থেবাৰীত কৃষ্ণগুৰু চিকিৎসা সেৱা সমিতিৰ উদ্যোগত বান সাহায্য বিতৰণ… VIDEO

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায়বোৰ গাঁও বানৰ কবলত পৰাৰ পিছত বৃহস্পতিবাৰে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান কৃষ্ণগুৰু চিকিৎসা সেৱা সমিতিয়ে বানাক্ৰান্তৰ মাজত বান সাহায্য বিতৰণ কৰে।

নসত্ৰৰ দাঁতিকাষৰীয়া বনিয়াকুছি, বেঙাপাৰা আৰু আমৃখোৱা গাঁৱৰ বান শিবিৰত থকা ৮০০ পৰিয়ালৰ মাজত এই বান সাহায্য বিতৰণ কৰে হয় বেচৰকাৰী অনুষ্ঠানটোৰ কৰ্ম-কৰ্তাসকলে ।কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তি মাতৃ আই কুন্তলা পাটোৱাৰী গোস্বামীয়ে নিজ হাতেৰে বিশুদ্ধ পানীৰ বটৰ, বিস্কুট, চেনিটেৰী নেপকিন আদি বিতৰণ কৰে।

কৃষ্ণগুৰু সেৱাশ্ৰম এইবাৰৰ বানত সম্পূৰ্ণ জলমগ্ন হৈ থকাৰ পিছতো অন্য বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ খবৰ লৈ এনেদৰে বান সাহায্য বিতৰণ কৰাত সচেতন লোকে কৃষ্ণগুৰু সেৱাশ্ৰমৰ এনে মহান পদক্ষেপক ভূয়সী প্ৰশংসা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in