পুৱা গধুলি লোকৰ ঘৰত কাম কৰি প্রথম বিভাগ লাভ কৰিলে শিলচৰৰ শৰ্মিলাই

পুৱা গধুলি লোকৰ ঘৰত কাম কৰি প্রথম বিভাগ লাভ কৰিলে শিলচৰৰ শৰ্মিলাই

ডিজিটেল সংবাদ, শিলচৰঃ পৰীক্ষাত ভাল ফল প্রদৰ্শন কৰিবলৈ আৰ্থিক অনাতন আৰু দাৰিদ্রতা যে হেঙাৰ হব নোৱাৰে তাৰেই নিদৰ্শন দাঙি ধৰিলে শিলচৰৰ এগৰাকী দুখীয়া ছাত্রীয়ে। ৰুগীয়া মাতৃক শুশ্রুষা কৰাৰ লগতে পোহপাল দিব লাগে ঘৰখনক। পিতৃহীন শৰ্মীলা দাস নামৰ এই গৰাকী ছাত্রীয়ে ৰুগীয়া মাতৃক শুশ্রুষা আৰু পোহপাল দিয়াৰ বাবে লোকৰ ঘৰে ঘৰে গৈ পুৱা গধুলি কাম কৰিবলৈ বাধ্য হৈছে।

লোকৰ ঘৰত কাম কৰি উপাৰ্জন কৰা তিনি হাজাৰ টকাৰেই চলাব লগা হৈছে দুজনীয়া ঘৰখন। তদুপৰি, বেমাৰী মাতৃক শুশ্রুষা কৰাৰ উপৰি নিজৰ পঢ়াপাতিৰ খৰচো ব্যয় কৰিব লাগে সামান্য উপাৰ্জন এই তিনি হাজাৰ টকাৰেই। এইদৰে জীৱন সংগ্রাম কৰি শেষত মেট্রিক পৰীক্ষাত প্রথম বিভাগত উত্তীৰ্ণ হ'ল এই গৰাকী দুখীয়া সংগ্রামী ছাত্রী শৰ্মীলা দাসে।

বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অংকত লেটাৰসহ মুঠ ৩৭৯ নম্বৰ লাভ কৰি প্রথম বিভাগত উত্তীৰ্ণ হৈছে মেধাবী ছাত্রী গৰাকীয়ে। শিলচৰ মনমোহন মজুমদাৰ বালিকা বিদ্যালয়ৰ ছাত্রী গৰাকীয়ে কোনোদিনে ৰাতিপুৱা ঘৰত পঢ়িবলৈ সময় পোৱা নাছিল। নিশাৰ ভাগত তিনি ঘন্টাকৈ অধ্যয়ন কৰি প্রথম বিভাগত উত্তীৰ্ণ হৈ যথেষ্ট আনন্দিত শৰ্মিলা দাস।

ভৱিষ্যতে বানিজ্য শাখাত পঢ়ি এগৰাকী বেংক বিষয়া হব বিচাৰে শৰ্মিলাই ৷ ভবিষ্যতে সৰু লৰাছোৱালীক টিউছন কৰি তেওঁ লক্ষ্যত উপনিত হব বুলি দৃঢ়তাৰে প্ৰকাশ কৰিলে৷ ইচ্ছা আৰু একাগ্রতা থাকিলে ভাল ফল প্রদৰ্শন কৰাত দাৰিদ্রতা কেতিয়াও হেঙাৰ হব নোৱাৰে বুলি বিশ্বাস কৰে ছাত্রী গৰাকীয়ে। সেয়ে, দুখীয়া ছাত্র-ছাত্রী সকলোলৈ শৰ্মিলাৰ আবেদন, অধিক পৰিশ্ৰম কৰি প্ৰয়োজন হ'লে লোকৰ ঘৰত কাম কৰি হ'লেও তেওঁৰ দৰে দুখীয়া ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়নৰ ধাৰাতো অব্যাহত ৰাখক৷ কাম কৰাতো কেতিয়াও লাজৰ কথা নহয় বুলি বিশ্বাস কৰে শৰ্মিলাই৷

ইফালে, বিদ্যালয় খনৰ পৰা এইবাৰ চাৰি গৰাকী ছাত্রীয়ে প্রথম বিভাগত উত্তীৰ্ণ হ'লেও শৰ্মিলাৰ ফলাফলক লৈ সৰ্বাধিক গৰ্বিত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রীসকল। শৰ্মিলাৰ ভবিষ্যত অধ্যয়নৰ বাবে সকলো প্রকাৰ সহায় কৰিব বুলি ছাত্ৰী গৰাকীক আশ্বাস দিছে প্রধান শিক্ষয়িত্রী কাজল চৌধুৰীয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in