ৰহাত চৰ্দাৰ বল্লভ ভাই পেটেল ডিমৌ মজলীয়া বিদ্যালয়ৰ শতৰ্বষৰ শুভাৰম্ভণী অনুষ্ঠান সম্পন্ন, ১২১ খন পতাকা উত্তোলন

ৰহাত চৰ্দাৰ বল্লভ ভাই পেটেল ডিমৌ মজলীয়া বিদ্যালয়ৰ শতৰ্বষৰ শুভাৰম্ভণী অনুষ্ঠান সম্পন্ন, ১২১ খন পতাকা উত্তোলন

ডিজিটেল সংবাদ, ৰহাঃ এক বৰ্ণাঢ্য পৰিবেশত ১২১ খন পতাকা উত্তোলনৰে সোমবাৰে নগাঁও জিলাৰ ৰহাৰ ডিমৌ চাৰিআলিৰ গাতে লাগি থকা ঐতিহ্যমণ্ডিত চৰ্দাৰ বল্লভ ভাই পেটেল ডিমৌ মজলীয়া বিদ্যালয়ৰ শতৰ্বষৰ শুভাৰম্ভণী অনুষ্ঠান দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ এই উপলক্ষে পুৱা ৮ঃ৩০ বজাত এক উদুলি-মুদুলি পৰিবেশত উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী উমেশ দাসে শতৰ্বষ অনুষ্ঠানৰ মূল পতাকা উত্তোলনৰ সমান্তৰালকৈ বিশিষ্ট সাহিত্যিক কৃষ্ণ মোহন শৰ্মা, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা° অতুল চন্দ্ৰ পাটৰ, বিশিষ্ট শিক্ষাবিদ পূৰ্ণানন্দ ৰাজা, ভবেন্দ্ৰ বাগিছ, ইৰালতা মেধি, অমিয়া ডেকা, সৱিতা দাস, ডাঃ জগমোহন নাথ, জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিৰ দ্বাৰা ১২১ খন পতাকা উত্তোলন কৰা হয়৷ শিল্পী সুৰেশ ডেকাই আঁত ধৰা পতাকা উত্তোলন কাৰ্যসূচীটি উমেশ দাসৰ গীতৰ কথা আৰু শিল্পী কুমাৰ কিশোৰৰ সুৰ-সংগীতেৰে সজোৱা সমবেত গীতেৰে আৰম্ভ হয়৷

ইয়াৰ পাছতে বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পন কাৰ্যসূচী আগবঢ়াই নিয়ে ক্ৰমে বিশিষ্ট শিক্ষাবিদ ভূপেন্দ্ৰ কুমাৰ ডেকা, তিৱা স্বায়ত্ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বকুল দেউৰী, ৰহা আঞ্চলিক পঞ্চায়তৰ সভাপতি যতীন শইকীয়া আৰু সমাজ কৰ্মী শশীকান্ত দাসে৷ পুৱা ১১ বজাত বিদ্যালয়খনিৰ চৌহদত নিৰ্মাণ কৰা ভাৰতৰ প্ৰথম গৰাকী গৃহ মন্ত্ৰী লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক গৰ্গদেৱ মহন্ত, সমাজ সেৱক জালিমন দাস, বিষ্ণু দাস আৰু ভূপেন শইকীয়াই৷

বিদ্যালয়ৰ নৱ-নিৰ্মিত মূখ্য তোৰণৰ দ্বাৰ উন্মোচন কৰে শালমৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা মেধি শৰ্মাই৷ তোৰণৰ দ্বাৰ মুকলিৰ পাছতে বিদ্যালয়ৰ চৌহদত বৃক্ষৰোপন কাৰ্যসূচীত তিৱা স্বায়ত্ত্ব পৰিষদৰ উপাধাক্ষ্য তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিদ্যুত বৰদলৈ, সহ-সম্পাদক ক্ৰমে মান্না ৰাজা, অৰূপ ডেকা, ডিল দাস, লক্ষ্যজ্যোতি দাস, ৰঞ্জিত ডেকা, সঞ্জীৱ ডেকা আদিয়ে অংশগ্ৰহণ কৰে৷ বিয়লি ১ বজাৰ পৰা অনুষ্ঠিত হয় ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি সমাৰোহ৷ বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লক্ষীনাৰায়ণ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সমাৰোহখনি উদ্বোধন কৰি ডিমৰীয়া মহাবিদ্যালয় হিন্দী বিভাগৰ অধ্যাপক মোহিনী মোহন ডেকাই কয়, পৌৰাণিক গ্ৰন্থ "চৰ সংহিতা"ৰ কথাৰে প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰদ্ধতি আৰু আধুনিক শিক্ষা প্ৰদ্ধতিৰ ওপৰত সুন্দৰ ব্যাখ্যা আগবঢ়ায়।

বিশিষ্ট অতিথিৰ আসনৰ পৰা বিশিষ্ট লেখক-সমালোচক ড° প্ৰদ্যুম্ন গোস্বামীয়ে "সাম্প্ৰতিক সমাজ খনৰ বৌদ্ধিক বিতৰ্কৰ দৈন্যতা আৰু বিজ্ঞান মনস্কতাৰ ওপৰত এক সুন্দৰ বক্তৃতা আগবঢ়াই কয় যে, "যাদৱ পায়ঙৰ দৰে ব্যক্তিয়ে গছ পুলি ৰুই পদ্মশ্ৰী বঁটা পাইছে কিন্তু ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰীয়ে নিজৰ পত্নীৰ সন্তানহীনতাৰ কাৰণে মঠে-মন্দিৰে জীৱ-জন্ত বলি দি ফুৰিছে"৷ আমি আজিও দোকানৰ পৰা চেনিটেৰী নেপকিন কিনোতে সেইয়া আনে নেদেখাকৈ কাগজৰে মেৰিয়াই লুকুৱাই আনো৷ সেইয়াই আমাৰ মানসিকতা৷ বিজ্ঞান মানসিকতা নিৰ্মাণত আমি বহুদূৰ পাছপৰি আছো৷ তেওঁ লগতে শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীক নতুন বিশ্বখনক চুই চোৱাৰ সপোন দেখুৱাবলৈ আহ্বান জনায়৷

উদযাপন সমিতিৰ সম্পাদক ললিত ডেকা আৰু শিক্ষক ৰেৱ হাজৰিকাই আঁতধৰা অনুষ্ঠানটিত শিক্ষাবিদ পূৰ্নানন্দ ৰাজা, কৃষ্ণমোহন শৰ্মাৰ লগতে বহু সংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে৷ বিয়লি দিহানামো পৰিবেশন হয়৷ সন্ধিয়া এশ একৈশ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ কোষাধ্যক্ষ ভদ্ৰেশ্বৰ শৰ্মাকে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা সকলে৷ নিশালৈ সাংস্কৃতিক অনুষ্ঠানৰে কাৰ্যসূচীৰ সমাপ্ত হয়৷ স্থানীয় শিল্পী মান্না ৰজাৰ হাতৰ পৰশত জিলিকি উঠা পতাকা উত্তোলনৰ স্থলীৰ সৌন্দয্যই মুগ্ধ কৰিলে বহুতকে। অহা এপ্ৰিল মাহত শতবৰ্ষৰ মূল অনুষ্ঠান অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in