চলিত শিক্ষাবৰ্ষৰ ৭মাহৰ পাছতো ডিব্ৰুগড়ৰ চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ে নাপালে পাঠ্যপুথি

চলিত শিক্ষাবৰ্ষৰ ৭মাহৰ পাছতো ডিব্ৰুগড়ৰ চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ে  নাপালে পাঠ্যপুথি

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ চাহবাগিছা এলেকাৰ বিদ্যালয়ৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ লগত হেতালি খেলিছে সৰ্বশিক্ষাই।

যি সময়ত শিশুৰ শিক্ষা অধিকাৰক লৈ দেশজুৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি থকা হৈছে, সেই সময়তে সৰ্বশিক্ষা মিশ্যন, অসমৰ অদূৰদৰ্শিতা আৰু গাফিলতিৰ বাবেই পাঠ্যপুথি লাভৰ বৰা বঞ্চিত হৈছে চাহবাগিছা এলেকাৰ শ্ৰমিক পৰিয়ালৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী।

প্ৰাপ্ততথ্য অনুসৰি, ডিব্ৰুগড় জিলাৰ কোনো এখন চাহবাগিছা এলেকাৰ প্ৰাথমিক বিদ্যালয়তে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা নাই ভালে কেইটা বিষয়ৰে পাঠ্যপুথি। উল্লেখযোগ্য যে, চাহ বাগিছাৰ বিদ্যালয়সমূহ চৰকাৰীকৰণ তথা অসম চৰকাৰৰ অধীনত নোহোৱা হেতুকে এই বিদ্যালয়লৈ শিক্ষা বিভাগৰ পৰিৱৰ্তে সৰ্বশিক্ষাই বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ নিয়ম।

কিন্তু চলিত শিক্ষা বৰ্ষৰ ৭ মাহ অতিক্ৰম কৰিলে যদিও, চাহ বাগিছাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অধিকাংশ বিষয়ৰ পাঠ্যপুথি লাভ নকৰিলে। ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষাখণ্ডৰ চাহবাগিছাৰ  ৩৪খন বিদ্যালয়ৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ অসমীয়া, গণিত, পৰিৱেশ অধ্যয়ণ বিষয়ৰ পাঠ্যপুথি লাভ কৰা নাই শিক্ষাৰ্থীসকলে।

সেইদৰে লাহোৱাল শিক্ষাখণ্ডৰ ৫খন, চাবুৱা শিক্ষাখণ্ডৰ ২০খন, খোৱাং শিক্ষাখণ্ডৰ ৫খনৰো অধিক বাগানীয়া বিদ্যালয় আৰু বৰবৰুৱাখণ্ডৰ ১০খন বিদ্যালয়ৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী-ছাত্ৰীয়ে উক্ত তিনিটা বিষয়ৰ পাঠ্যপুথি আজি পৰ্য্যন্ত লাভ কৰা নাই।

ইতিমধ্যে পাঠ্যপুথি অবিহনে ছমহীয়া পৰীক্ষাটো এইসকল ছাত্ৰ ছাত্ৰী অৱৰ্তীণ হ'ল যদিও গা-নলৰিল সৰ্বশিক্ষাৰ। জানিব পৰা মতে, বাগানীয়া প্ৰাথমিক বিদ্যালয়সমূহৰ বাবে কিমান সংখ্যক কিতাপ প্ৰয়োজন হ'ব তাৰ প্ৰতিবেদন ৩-৪ মাহৰ আগতেই ডিব্ৰুগড়ৰ সৰ্বশিক্ষা মিশ্যন কাৰ্যালয়ৰ পৰা গুৱাহাটীস্থিত মূখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল।

কিন্তু পৰিতাপৰ বিষয় যে এই পৰ্যন্ত এখনো পাঠ্যপুথি যোগান নধৰিলে। ফলত বাৰুকৈয়ে বিপাঙত পৰিছে চাহ শ্ৰমিক পৰিয়ালৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী। ইপিনে, এই সন্দৰ্ভত ডিব্ৰুগড়ৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ সৈতে যোগাযোগ কৰাত সৰ্বশিক্ষালৈ বিষয়টো ঠেলি দিয়েই দায়িত্ব সামৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in