সৰ্বানন্দ সোণোৱালৰ কনভয়ৰ বাহন দুৰ্ঘটনাত পতিতঃ কৃষ্ণাইঘাটত উত্তপ্ত পৰিস্থিতি…

সৰ্বানন্দ সোণোৱালৰ কনভয়ৰ বাহন দুৰ্ঘটনাত পতিতঃ কৃষ্ণাইঘাটত উত্তপ্ত পৰিস্থিতি…
  • কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্থ।
  • নগাঁৱৰ কৃষ্ণাইঘাটত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • এ এছ ০১ইএ৩১৬৭ নম্বৰৰ টয়েটা কোম্পানীৰ গাড়ীখন নিয়োজিত হৈ আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল কনভয়ত।
  • এই কথা জনাইছে আৰক্ষীয়ে।
  • ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি আছিল গাড়ীখন।
  • জামাৰ বাহনখনে সন্মূখৰ এখন বাহনত খুন্দা মাৰে।
  • ঘটনাটোত আহত হৈছে এজন লোক।
  • আহত লোকজনৰ নাম হৈছে দিলীপ লিকচন।
  • দুৰ্ঘটনাক কেন্দ্ৰ কৰি লৈ উত্তপ্ত হৈ পৰে কৃষ্ণাইঘাট।
  • দুৰ্ঘটনাগ্ৰস্হ বাহন খন বেবেজীয়া আৰক্ষী চকীলৈ অনা হৈছে।
  • অৱশ্যে দুৰ্ঘটনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অথবা তেওঁৰ সুৰক্ষাৰ লগত জড়িত বিষয়া, কৰ্মচাৰী কোনো নাছিল বাহনখনত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in