ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰি দিছপুৰলৈ উভতিল সৰ্বানন্দ সোণোৱাল…

ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰি দিছপুৰলৈ উভতিল সৰ্বানন্দ সোণোৱাল…

ডিজিটেল ডেস্ক : ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰি দিছপুৰৰ বিধায়িনী দলৰ বৈঠকলৈ উভতিল সৰ্বানন্দ সোণোৱাল । পদত্যাগ পত্ৰ দাখিলৰ সময়ত তেওঁৰ সৈতে আছিল পৰৱৰ্তী মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হ'ব লগা ড০ হিমন্ত বিশ্ব শৰ্মা ।

আনহাতে দুয়োৰে লগত সংগ দিয়ে সৰ্বানন্দ সোণোৱালৰ আইনী উপদেষ্টা শান্তনু ভৰালী আৰু প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী । অধ্যাপক জগদীশ মুখীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি তেওঁলোক উভতি আহে দিছপুৰলৈ ।

ইতিমধ্যে দিছপুৰত উপস্থিত হৈছে সৰ্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শৰ্মা । খন্তেক সময় পিছতে আৰম্ভ হ'ব বিধায়িনী দলৰ বৈঠক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in