কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বাসগৃহত সৰ্বানন্দ সোণোৱাল,জনজাতিকৰন আৰু ৬ নং দফাৰ লগতে বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা…

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বাসগৃহত সৰ্বানন্দ সোণোৱাল,জনজাতিকৰন আৰু ৬ নং দফাৰ লগতে বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা…

ডিজিটেল ডেস্ক : নতুন দিল্লীৰ অমিত শ্বাহৰ বাসভৱনত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । উপস্থিত আছে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ উত্তৰ পুৱৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ , অসমৰ মু্খ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ । বৈঠকৰ অন্তত সংবাদ মাধ্যমত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । মন্ত্ৰী শৰ্মাই কয় " বি টি আৰ চুক্তি, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ , এন আৰ চি আৰু অসম
চুক্তিৰ ৬ নং দফাৰ ওপৰত আলোচনা কৰা হৈছে ।বড়ো চুক্তি ৰুপায়ন কৰাৰ ওপৰত আলোচনা হৈছে, অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে মিলি কাম কৰা হব ।

৬ জনগোষ্ঠীৰ ৰুপায়ন সম্পৰ্কত অসমৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন ১ মাহ ৰ ভিতৰত গৃহমন্ত্ৰনালয়ত দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে এনআৰচি ৰ সীমান্ত অঞ্চলত ২০% পুণৰীক্ষণ আৰু অন্য জিলাত ১০ শতাংশ পুণৰীক্ষণত ৰাজ্য চৰকাৰৰ প্ৰস্তাবক কেন্দ্ৰ চৰকাৰে সমৰ্থন কৰিব লগতে আইন বিশেষজ্ঞৰ যোগেদি অসম চুক্তিৰ ৬ নং ৰুপায়ন কমিতিৰ প্ৰতিবেদন পৰীক্ষা কৰিব ৰাজ্য চৰকাৰে তাৰ পিছত গৃহ মন্ত্ৰনালয়ক অৰ্পণ কৰিব বুলি ব্যক্ত কৰে মন্ত্ৰী শৰ্মাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in