শেহতীয়া খবৰ
লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ  •  মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল  •  লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন  •  মুখ্যমন্ত্ৰীক লগত লৈ যোৰহাটত মনোনয়ন তপন গগৈৰ  •  যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে মন্টু দত্তৰ অৰ্ধ উলংগ প্ৰতিবাদ...  •  আদালতৰ ক্লিন শ্বীটৰ পাছতেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে ৰাজেন গোহাঁয়ে...

অট’ ভাৰা লোৱাৰ দৰে হেলিকপ্টাৰ ভাৰাত লৈছে কোনে?

989

ডিজিটেল ডেস্কঃ শুকুৰবাৰে সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সমালোচনা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। সংবাদমেলত তৰুণ গগৈয়ে কয়- ‘মুখ্যমন্ত্ৰীয়ে এখন হেলিকপ্টাৰ স্থায়ীভাৱে লৈ লৈছে৷ মাহিলী হিচাপত অটো ভাৰা লোৱাৰ দৰে হেলিকপ্টাৰ লৈছে মুখ্যমন্ত্ৰীয়ে।’

ইফালে, হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি তৰুণ গগৈয়ে কয়– ‘হিমন্ত বিশ্বই ১৭টা সমষ্টিৰ কথা কৈছে, মই কৈছো ১৭ নহয় ৭০টা বচাওক, কিন্তু বেংগলী আনি সমষ্টি বচাব নেকি? ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ আহিব বিচৰা হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈয়ে বিজেপিয়ে এই আইন আনিব বিচাৰিছে৷ কিন্তু মই পোন্ধৰ বছৰ মুখ্যমন্ত্ৰী হৈ থাকোতে এনে নিৰ্যাতনৰ বলি হোৱা বুলি এখনো আবেদন নাপালো৷’

‘আমি সন্ত্ৰাসবাদৰ পৰা যুৱকসকলক আঁতৰাই আনিছিলো, কিন্তু বিজেপিৰ কাম–কাজে যুৱকসকলক সন্ত্ৰাসবাদলৈ আগুৱাই দিছে।’-সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। ৰাজ্যৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলিও মন্তব্য কৰে গগৈয়ে। ‘বেংগল কেডাৰৰ আই পি এছ এজনক মুখ্যমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা হিচাপে লৈছে, অসম কেডাৰৰ বিষয়া নাপালে৷ কোনোবাদিনা বিজেপিয়ে মুখ্যমন্ত্ৰীও বাহিৰৰ পৰা আনিব৷ ৰাম মাধৱেই আহি কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী হ’ব’ বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তদুপৰি, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে ১৪৪ ধাৰা ভংগ কৰি জে’লভৰো কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ তৰুণ গগৈৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি